ETV Bharat / state

অৰ্ধশতাধিক ম’হ বলিৰে অনুষ্ঠিত হ’ব ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা - Durga Puja 2024 - DURGA PUJA 2024

Billeswar Devalaya: কাইলৈৰ পৰা পৰা ১০ দিনীয়াকৈ নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত অনুষ্ঠিত হ'ব দুৰ্গা পূজা । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে গ্রন্থমেলা, প্রদর্শনী । পূৰ্বৰ দৰে এইবাৰো কেবাটাও ম’হ বলি দিয়া হ’ব বিল্বেশ্বৰ দেৱালয়ত ৷

Billeswar Devalaya
ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2024, 2:22 PM IST

নলবাৰী, ২ অক্টোবৰ: শক্তিপীঠ মা কামাখ্যা দেৱালয়ৰ পিচতে ৰজা নাগক্ষৰ দিনতে স্থাপিত নলবাৰীৰ বেলশৰস্থিত ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ত চলিছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ৷ দুশৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপন হোৱা এই দেৱালয়ত প্ৰতিপদ তিথিৰে পৰা বিজয়া দশমীলৈ ন দিনীয়াকৈ চলে দুৰ্গা দেৱীৰ পূজা অৰ্চনা ৷ ইতিহাস প্রসিদ্ধ দেৱালয়খনত অহা ৩ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ শাৰদীয় দুর্গা পূজা বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ।

বলি দিয়া হ'ব ৫২ টা ম'হ :

এইবাৰ এই শক্তপীঠখনত ভক্তই কিমানটা ম'হ বলি দিয়াৰ বাবে আয়োজক সমিতিৰ সৈতে যোগাযোগ কৰিছে সেই সম্পৰ্কে ক'লে উদ্য়োক্তাসকলে । এইবেলি এতিয়ালৈকে দেৱীৰ চৰণত বলিৰ বাবে আগবঢ়োৱা ম’হৰ সংখ্য ৫o টাৰো অধিক বুলি কয় দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই ৷

ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় (ETV Bharat Assam)

বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান :

দুর্গাপূজা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে উল্লেখ কৰা মতে, পূজাত ৬ টাকৈ আগশাৰীৰ নাগাৰা নামৰ দলে বিল্বেশ্বৰ দেৱালয়ত নাম প্রদর্শন কৰিব । মহাষষ্ঠীৰ পৰা নৱমীলৈকে প্রতিদিনে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । তদুপৰি ৯ অক্টেবৰত লোকগীতৰ অনুষ্ঠান, নিশা ৮ বজাত জনপ্রিয় কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । অহা ১০ অক্টোবৰত দিহানাম প্রতিযোগিতা, সন্ধিয়া ৬ বজাত এখন স্মৃতিগ্রন্থ উন্মোচন কৰা হ'ব ।

প্ৰতিদিনে লাখ লাখ ভক্তৰ সমাগম হোৱা বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাত ভক্তৰ নিৰাপত্তা আৰু কোনো কাৰণতে যাতে অসুবিধা নহয় তাৰ প্ৰতিও ব্যৱস্থা কৰিব উদ্যোক্তা সমিতিয়ে ৷ প্ৰথমবাৰৰ বাবে বিল্বেশ্বৰ দেৱালয়ৰ ইতিহাস সম্বলিত প্ৰদৰ্শনী আৰু গ্ৰন্থ সুবাস পাব ভক্তসকলে ৷ পূজাৰ আটাইকে দিনতে চলিব গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী ৷ এইবাৰ বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ বাজেট ৪৫ লাখ নিৰ্ধাৰণ কৰিছে ৷

লগতে পঢ়ক: ৪৫ লাখ টকাৰ বাজেটেৰে বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি: বলি দিব ৫২ টা ম'হ - DURGA PUJA 2024

দোলাৰে আহি ঘোঁৰাত উভতিব দেৱী দুৰ্গা; জানি লওক কি হ’ব দেৱীৰ আগমন আৰু গমনৰ ফল - Durga Puja 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.