মৰাণ, 10 মে’ : পুনৰ শাৰীৰিক জটিলতাই দেখা দিছে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাক ৷ গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পাচত ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত ভৰ্তি কৰোৱা হয় বিধায়কজনক ৷ কেইটামান দিনৰ পূৰ্বে চেন্নাইৰ এপ'ল' হাস্পতালত জটিল অস্ত্ৰোপচাৰ কৰোৱাৰ পাচতে দুলীয়াজানৰ গৃহলৈ লৈ অনা হৈছিল বিধায়কগৰাকীক ৷
কিন্তু বৃহস্পতিবাৰৰ বিয়লি পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত ভৰ্তি কৰোৱা হৈছে বিধায়ক গোৱালাক । উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা বিধায়কগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা 24 এপ্ৰিলৰ পৰা চেন্নাইৰ এপ'ল' হাস্পতালত জ্যেষ্ঠ চিকিৎসক ইউৰ’লজিষ্ট ড৹ নিতেশ জৈনৰ অধীনত চিকিৎসা গ্ৰহণ কৰি আছিল বিধায়কগৰাকীয়ে ।
প্ৰস্ৰাৱৰ সংক্ৰমণজনিত সমস্যাত ভুগি থকা বিধায়কগৰাকীৰ এটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল । অস্ত্ৰোপচাৰ সম্পূৰ্ণ হোৱাৰ পাচত কিছু সুস্থ হোৱাত দুলীয়াজানৰ গৃহতে চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল যদিও বৃহস্পতিবাৰে দিনত স্বাস্থ্য পুনৰ জটিল হোৱা দেখি পৰিয়ালৰ লোকে ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত ভৰ্তি কৰোৱায় গোৱালাক ।
বিধায়কগৰাকীৰ চিকিৎসকৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিকে যোগাযোগ কৰাত চিকিৎসকে গণ সংক্ৰমণ তথা মানুহৰ সংস্পৰ্শৰ মাজত থাকিলে এই ৰোগৰ জটিলতা বৃদ্ধি পায় বুলি জনায় ৷ বিধায়কগৰাকী নিজ গৃহলৈ অহাৰ পাচতে দলীয় কৰ্ম-কৰ্তা তথা শুভাকাংশীৰ ভিৰ হোৱাৰ বাবেই বিধায়কগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি চিকিৎসকে জানিবলৈ দিছে ৷
অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাচত পুনৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ লগতে জ্বৰৰ বাবে বিধায়কগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল যদিও শুকুৰবাৰে স্বাস্থ্যৰ কিছু উন্নত হৈছে বুলি জানিব পৰা গৈছে । ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসকৰ দলে চিকিৎসা সেৱা আগবঢ়াইছে বিধায়কগৰাকীক । নিশা বিধায়কগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসালয়খনত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈকে ধৰি কেবাজনো জ্যেষ্ঠ বিজেপি নেতাই ।
লগতে পঢ়ক : বিধায়ক তেৰছ গোৱালা অসুস্থ; চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি - MLA Terash gowalla IS SICK