ETV Bharat / state

দুলীয়াজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ছয় সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Crime in Dibrugarh: ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে যদিও ডিব্ৰুগড়ত বৰ্তমানেও এই বৰবিহৰ সৰবৰাহ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । জিলাখনৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাই আহিছে অসামাজিক কাৰ্যকলাপৰ লগতে ড্ৰাগছৰ অবৈধ ব্যৱসায় । এইবাৰ দুলীয়াজানত আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী ।

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 5:14 PM IST

Drugs smuggling in Assam
দুলীয়াজানত আৰক্ষীৰ জালত সৰবৰাহকাৰী

মৰাণ, ১৮ ফেব্ৰুৱাৰী: ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাছতো জিলাখনত বন্ধ হোৱা নাই ড্ৰাগছৰ সৰবৰাহ । জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত নিতৌ উদ্ধাৰ হৈয়ে আছে ড্ৰাগছ । ইয়াৰ মাজতে দুলীয়াজান আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক । শনিবাৰে নিশা দুলীয়াজানৰ বামহুকুটা অঞ্চলত আৰক্ষীয়ে ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে দুলীয়াজানৰ বামহুকুটা অঞ্চলত অৱস্থিত ছানছাইন ফুড হাট নামৰ ধাবাখনত অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ তিনিটাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৭.৩৭ গ্ৰাম ড্ৰাগছসহ ৮ টাকৈ ছিৰিঞ্জ, কেইবাটাও কণ্টেইনাৰৰ লগতে নগদ ৭০ হাজাৰ টকা জব্দ কৰে । আৰক্ষীৰ জালত পৰা তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে দুলীয়াজানৰ ২নং ছলাকটকী অঞ্চলৰ পলাশ গগৈ, টিপলিঙ নলিনী পথাৰ গাঁৱৰ সীমান্ত শ‌ইকীয়া আৰু মধুটিং বাগানৰ সঞ্জীৱ কাহাৰ ।

আৰক্ষীয়ে ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা AS-06-AH-4559 নম্বৰৰ এখন বাহন, AS-06-Y- 5077 নম্বৰ আৰু AS-23-AH-5285 নম্বৰৰ দুখন বাইক জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে বৃহস্পতিবাৰেও আৰক্ষীয়ে অভিযান চলাই এটা চাবোনৰ বাকচ আৰু চাধা টেমাত ভৰাই থোৱা অৱস্থাত ৮, ৩৫,গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছিল । আৰক্ষীয়ে এই ঘটনাৰে জড়িত তিনি ড্ৰাগছ সৰবৰাহকাৰী দুলীয়াজান মহল পথৰ মদন দে’, দুলীয়াজান জয়ানগৰ সেউজপুৰৰ উৎপল শইকীয়া আৰু নাহৰকটীয়া চাচনী চেঙেলীজানৰ শান্তনু নিৰ্মলীয়াক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে দুলীয়াজান থানাত এটা গোচৰ পঞ্জীয়ন কৰিছে ।

লগতে পঢ়ক:বুজন পৰিমাণৰ ড্ৰাগছসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.