ETV Bharat / state

বৰষুণ নাই, পথাৰত মেলিছে চিৰাল ফাট; অনাবৃষ্টিয়ে সংকট মাতিছে চাহ খেতিলৈও - Decrease in rainfall - DECREASE IN RAINFALL

Drought like environment: ৰাজ্যত উদ্বেগজনকভাৱে পৰিৱৰ্তন হৈছে বতৰ আৰু জলবায়ুৰ ৷ অনাবৃষ্টিৰ ফলত চাহ গছসমূহৰ পাত ৰঙাচুৱা হৈ পৰাৰ লগতে হ্ৰাস পাইছে উৎপাদন ৷ চিন্তাত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক ৷

Sonitpur Small scale tea farmers are in trouble due to lack of rain
খৰাঙৰ কৱলত ৰাজ্য! হাহাকাৰ পৰিস্থিতিত ক্ষুদ্ৰ চাহ খেতিয়ক (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 3:48 PM IST

খৰাঙৰ কৱলত ৰাজ্য! হাহাকাৰ পৰিস্থিতিত ক্ষুদ্ৰ চাহ খেতিয়ক (Etv bharat assam)

ৰঙাপৰা, 17 মে’: ৰাজ্যত বতৰ আৰু জলবায়ু উদ্বেগজনকভাৱে পৰিৱৰ্তন হ’বলৈ ধৰিছে । গোলকীয় উষ্ণতা বৃদ্ধিয়ে সমগ্ৰ বিশ্ববাসীকেই চিন্তিত কৰি তুলিছে । অসমত উদ্বেগজনকভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত খেতিয়কসকল কৃষিকাৰ্য সম্পন্ন কৰাত প্ৰত্যাহ্বানৰ মুখামুখি হোৱা দেখা গৈছে ৷

প্ৰকৃতিৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত ৰাজ্যত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ । জুন আৰু জুলাই মাহৰ দৰে গৰমে মে' মাহতে দহিছে ৰাজ্যবাসীক । বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে বিৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে । ৰাজ্যখনত অভাৱনীয়ভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাত নদীৰ পানীৰ স্তৰো হ্রাস পাইছে ।

সম্প্রতি ৰাজ্যখনৰ বহু ঠাই ভয়ংকৰ খৰাঙৰ কৱলত পৰিছে । পথাৰত চিৰাল ফাট মেলিছে । এটুপি পানীৰ বাবে কৃষক ৰাইজে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । শোণিতপুৰ জিলাৰ ৰঙাপৰা, বালিপৰা, মিছামাৰী, ঢেকিয়াজুলি, বৰছলা আদি অঞ্চলৰ কৃষকসকল খেতিৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰশীল ৷ অৱশ্যে জেঠ মাহ সোমাল যদিও এতিয়ালৈকে পথাৰত কঠিয়া সিঁচিব পৰা নাই । ইয়াকে লৈ গভীৰ চিন্তাত পৰিছে শ শ কৃষক ৰাইজ ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শোণিতপুৰ জিলাত 32 শতাংশ বৰষুণ হ্ৰাস পাইছে । প্ৰকৃতিৰ ওপৰত ভৰষা কৰি কৃষিকৰ্মৰ সৈতে জড়িত থকা কৃষক ৰাইজ পথাৰলৈ যাব পৰা নাই । শুকান হৈ থকা পথাৰখনত কৃষক ৰাইজে হাল জুৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে । বৰষুণৰ পৰিমাণ হ্রাস পোৱাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ।

বৰষুণৰ অভাৱ হোৱাৰ বাবে প্ৰভাৱ পৰিছে চাহ উদ্যোগসমূহতো । কেঁচা চাহপাতৰ উৎপাদন ক্রমান্বয়ে হ্রাস পাবলৈ ধৰিছে । এক তথ্য অনুসৰি সেউজীয়া চাহ বাগিচাৰে আগুৰি থকা ৰঙাপৰা অঞ্চলত পূৰ্বৰ তুলনাত বৰষুণৰ পৰিমাণ হ্রাস পাইছে । যোৱা বৰ্ষৰ মাৰ্চ মাহত 73.53 মিলিমিটাৰ বৰষুণ হৈছিল যদিও চলিত বৰ্ষত মাৰ্চ মাহত 59.80 মিলিমিটাৰ বৰষুণ হৈছে ।

যদি দিন হিচাপে চোৱা যায় তেতিয়াহ'লে যোৱা বৰ্ষৰ মাৰ্চ মাহত 8 দিন আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত 5 দিন বৰষুণ হৈছে । একেদৰে যোৱা বৰ্ষৰ এপ্ৰিল মাহত 87.6 মিলিমিটাৰ বৰষুণ হৈছিল আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত 5.73 মিলিমিটাৰ বৰষুণ হৈছে । অর্থাৎ 81.87 মিলিমিটাৰ বৰষুণ হ্রাস পাইছে ।

দিন হিচাপে যদি চোৱা যায় তেতিয়াহ'লে যোৱা বৰ্ষৰ এপ্ৰিল মাহত 11 দিন আৰু চলিত বৰ্ষৰ এপ্ৰিল মাহত 7 দিন বৰষুণ হৈছে । যোৱা বৰ্ষৰ মে' মাহত 17.8 মিলিমিটাৰ বৰষুণ হৈছিল আৰু চলিত বৰ্ষৰ মে' মাহত 13.7 মিলিমিটাৰ বৰষুণ হৈছে ৷

মন কৰিবলগীয়া যে, বৰষুণৰ পৰিমাণ কমি যোৱাত তাপমাত্রা 35 ডিগ্রী ছেলচিয়াছলৈ বৃদ্ধি হৈছে । মুঠৰ ওপৰত বৰ্তমানৰ সময়ত চাহ বাগিচাসমূহত যিধৰণৰ বৰষুণ প্রয়োজনীয়তা হৈছে তাৰ তুলনাত 62/72 শতাংশ বৰষুণৰ পৰিমাণ কমিছে । অভাৱনীয় অনাবৃষ্টিৰ ফলশ্ৰুতিত তাপমাত্রা বৃদ্ধি পাইছে আৰু বৃহৎ চাহ কোম্পানী আৰু ক্ষুদ্ৰ চাহ বাগিচাসমূহত বিৰূপ প্ৰভাৱ পৰিছে । পোক-পতংগ বৃদ্ধি পোৱাৰ লগতে ঔষধৰ খৰছো বৃদ্ধি পাইছে । ৰঙাপাৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে ।

ৰঙাপাৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে এই সন্দৰ্ভত কয়, "অনাবৃষ্টিৰ ফলত চাহ গছ মৰি ৰঙাচুৱা হৈ পৰিছে । বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে । কেঁচা চাহপাতৰ উৎপাদন বহুত কমি গ'ল । বিগত দুদিন ধৰি বাগিচাত কেঁচা চাহপাত ছিঙা নাই খেতিয়কসকলে ।"

বৰষুণৰ অভাৱত নাহৰণি গ্ৰাণ্টৰ বিহ্বল চৌহানৰ প্রায় 200 জোপা চাহ গছ মৰি গ'ল বুলি উল্লেখ কৰি যদি ৰাজ্যখনত পর্যাপ্তভাৱে বৰষুণ নহয় তেতিয়াহ'লে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা কি হ'ব সেয়া ভগৱানেহে জানে বুলি হতাশ মনেৰে কয় ক্ষুদ্ৰ চাহ খেতিয়াকসকলে ৷ ৰঙাপৰা অঞ্চলত প্ৰায় 1600 ক্ষুদ্ৰ চাহ খেতিয়কে চাহ বাগিচা স্থাপন কৰি পৰিয়াল পোহপাল দি আহিছে ।

সমগ্ৰ শোণিতপুৰ জিলাত প্রায় 8 হাজাৰৰো অধিক ক্ষুদ্ৰ চাহ বাগিচা আছে । ঢেকিয়াজুলি ৰাজহ চক্ৰৰ বৰছলা অঞ্চলত বৰষুণৰ অভাৱত 200 ৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ খেতিত প্ৰভাৱ পৰিছে । 2023 বৰ্ষৰ এপ্রিল-মে' মাহত ক্ষুদ্ৰ চাহ খেতিয়কসকলে দৈনিক 700-100 কেজি কেঁচা চাহপাত উৎপাদন কৰিবলৈ সক্ষম হৈছিল । কিন্তু দুটা মাহত পূৰ্বৰ তুলনাত কেঁচা চাহপাত উৎপাদন কৰিব পৰা নাই ।

হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ । অনাবৃষ্টিৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহ বাগিচাত কেঁচা পাতৰ উৎপাদন হ্ৰাস পোৱাত চাহ খেতিয়কসকলৰ লগতে উদ্যোগসমূহৰ সৈতে জড়িত থকা শ্রমিক-কৰ্মচাৰীসকলৰ জীৱনলৈও গভীৰ সংকট নামি আহিছে ।

লগতে পঢ়ক: Fasal Bima Yojana in Assam : অসমত ব্যৰ্থ প্রধানমন্ত্রী ফচল বীমা যোজনা; বৃদ্ধি পাইছে কৃষকৰ অনীহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.