ETV Bharat / state

৩ বছৰে অচল বুঢ়াপাহাৰ চাহ বাগিচাৰ পানী যোগান আঁচনি - Drinking water crisis - DRINKING WATER CRISIS

Burhapahar Tea Estate in Kaliabor: কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজৰ হাহাকাৰ । নিজৰাৰ ঘোলা পানীৰে তৃষ্ণা নিবাৰণ কৰিছে ৰাইজে ।

Burhapahar Tea Estate in Kaliabor
কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 3:21 PM IST

কলিয়াবৰ, ২৬ জুন : ৰাজ্য় চৰকাৰে খোৱাপানীৰ সমস্যা সমাধানৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে । জল জীৱন মিছনৰ দৰে আঁচনিও ৰূপায়ণ কৰিছে । চৰকাৰে এই আঁচনি বহু ঠাইত ইতিমধ্যে সফল হোৱা বুলি দাবী কৰিলেও কিছুমান ঠাইত ইয়াৰ বিপৰীত ছবি এখনহে প্ৰতিফলিত হৈছে । ৰাজ্য়ত এতিয়াও একাংশ লোকে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । গাঁৱৰ ৰাইজে বৰ্তমানেও খোৱাপানীৰ বাবে হাহাকাৰ কৰি নাদ,জুৰিৰ পানী সেৱন কৰিছে ।

কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচা (ETV BHARAT ASSAM)

পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানী খায় জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে বহুতো অঞ্চলৰ ৰাইজে । এনে এখন ছবি প্ৰতিফলিত হৈছে কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত । কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত ৰাইজে খোৱাপানীৰ সমস্যাত ককবকাইছে । জল জীৱন মিছনৰ ব্য়াপক প্ৰচাৰৰ মাজত পানীৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল জনতা । কাৰ্বি পাহাৰৰ পৰা বৈ অহা নিজৰাৰ ঘোলা পানীৰে তৃষ্ণা নিবাৰণ কৰিছে কলিয়াবৰৰ বুঢ়াপাহাৰ বাগিচাৰ চাহ শ্ৰমিক ৰাইজে ।

লগতে পঢ়ক:আঁচনি আছে; পানীহে নাই: ক্ষোভিত ৰাইজৰ প্ৰতিবাদ - Drinking water crisis

২০২০-২১ বৰ্ষতে বুঢ়াপাহাৰ বাগিচাত চাহ শ্ৰমিক ৰাইজৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগ কলিয়াবৰ সংমণ্ডলে নিৰ্মাণ কৰিছিল পানী যোগান আঁচনিৰ । দুৰ্ভাগ্যৰ বিষয় এই যে এই পৰ্যন্ত এটুপি বিশুদ্ধ খোৱাপানী চাহ শ্ৰমিক ৰাইজে সেৱন কৰিবলৈ নাপালে । পানী যোগান আঁচনি নিৰ্মাণ কৰিলে যদিও বিভাগে পানীহে ঘৰে-ঘৰে দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰিলে । বিগত ৩ বছৰে পৰিতক্ত অৱস্থাত আছে বুঢ়াপাহাৰ চাহ বাগিচাৰ পানী যোগান আঁচনি । সেয়েহে বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে চাহ শ্ৰমিক ৰাইজে । আঁচনি নিৰ্মাণৰ পাছতো বিশুদ্ধ পানী খাবলৈ নোপোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । অতি শীঘ্ৰে অঞ্চলটোত জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰি এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:শ্ল'গানত সীমাৱদ্ধ উন্নয়ন, ক্ষোভত ওলাই আহিল জনগন - No development in Dhakuakhana

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.