ETV Bharat / state

বটদ্ৰৱাৰ দৌল উৎসৱত কেইবা লক্ষাধিক তীৰ্থযাত্ৰীক আদৰাৰ ব্যাপক প্ৰস্তুতি - doul utsav 2024 - DOUL UTSAV 2024

Doul Utsav: গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত পূৰ্ণ প্ৰস্তুতি দৌল উৎসৱ উদযাপনৰ ৷ দেওবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে বটদ্ৰৱা থানত দৌল উৎসৱ । কেইবা লক্ষাধিক তীৰ্থযাত্ৰীক আদৰাৰ প্ৰস্তুতি ৷

doul utsav preparations at Batadrava than to welcome lakhs of people
পাঁচদিনীয়া কাৰ্যসূচীৰে বটদ্ৰৱা থানত দৌল উৎসৱ
author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 9:04 PM IST

টিকেন্দ্ৰজিৎ দেৱ গোস্বামীৰ ভাষ্য

নগাঁও, 23 মাৰ্চ : ফল্গুৎসৱৰ প্ৰাকমুহূৰ্তত উখল-মাখল হৈ পৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত দেওবাৰৰ পৰা পাঁচদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব দৌল মহোৎসৱ । দৌল মহোৎসৱ আয়োজনৰ এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে বটদ্ৰৱা থানত । কাইলৈ ২৪ মাৰ্চৰ পৰা ২৮ মাৰ্চ লৈকে পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে থান পৰিচালনা সমিতিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইতিমধ্যে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে কেইবাখনো উপ-সমিতি গঠন কৰা হৈছে । শ্ৰীশ্ৰী বটদ্ৰৱা থান চৌহদত কেইবা লক্ষাধিক ৰ্তীথ যাত্ৰীক আদৰণি জনোৱাৰ বাবে প্ৰশাসনিক, সাংস্কৃতিক, ধৰ্মীয়, পানী, বিজুলী, চিকিৎসা, খাদ্য আদি সকলোবোৰ সুবিধাৰ বাবে উপ-সমিতিসমূহে খৰতকীয়া গতিত কাম কৰি আছে । কাৰ্যসূচী অনুসৰি অহা ২৪ ৰ্মাচত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইৰ গন্ধ পূজা সম্পাদন কৰি গায়ন বায়ন আৰু ভক্তসবে গাই বাই থানৰ ৰভাতলত গোঁসাইক স্থাপন কৰিব ।

স্নান কাৰ্য সম্পাদনৰ পাচত গন্ধ তেলেৰে নোঁৱাই গোসাঁইক নতুন বস্ত্ৰ পিন্ধোৱা হ'ব আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিৱেশন কৰিব । ইয়াৰ পিচদিনা অৰ্থাৎ ২৫ ৰ্মাচত ‘গোসাঁই মূৰত ফাকু দিয়া উৎসৱ’ বা পূৰ্ণিমাৰ সন্ধ্যা গোসাঁইক নোঁৱাই-ধোঁৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ'ব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিৱেশন কৰিব আৰু ভক্ত বৈষ্ণৱসকলে ফাকু ৰ্নিমালী আৰু পদজল গ্ৰহণ কৰিব । পূৰ্ণিমাৰ ওৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰী ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব ।

২৬ ৰ্মাচত গোসাঁই ফুৰোৱা উৎসৱ । সেইদিনা ২ বজাত গায়ন-বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্ৰ, ভেৰু, কালি, সোঁ-মুখ শংঙ্খৰ ধ্বনি, আইসকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নামৰ লগত বৈচিত্ৰময় অসমীয়া জাতীয় জীৱনৰ বৰ্ণিল সমাহাৰেৰে ফাকুৰ গুৰি সিঁচি সিঁচি চোঁৱৰ ধাৰীয়ে চোঁৱৰ বা দি দি দৌললে যাত্ৰা কৰিব । দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক প্ৰদক্ষিণ কৰোৱাৰ পাচত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত প্ৰদক্ষিণ কৰোৱাই লগতে সত্ৰাধিকাৰসকলৰ ঘৰত প্ৰৱেশ কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা ৮ বজাত দুৱাৰ ধৰা নামৰ এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰৱেশ কৰোৱা পাচতে দৌল যাত্ৰা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব ৷

আনহাতে দৌল যাত্ৰা উৎসৱৰ লগত সংগতি ৰাখি ২৫, ২৬ আৰু ২৭ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠান আৰু ভাওনা অনুষ্ঠিত হ'ব । তিনিও নিশাতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত ভাওনা, সত্ৰীয়া নৃত্য, লোক নৃত্য, লোক সংগীত, বৰগীত, শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠান পৰিৱেশন কৰা হ'ব বুলি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক টিকেন্দ্ৰজিৎ দেৱ গোস্বামীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বৰপেটাত বৰ্ণিল বসন্তৰ শোভাযাত্ৰাত জনগোষ্ঠীয় হোলীগীতৰ দলে মন মুহিলে ৰাইজৰ - Barnil Basanta Procession

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.