ETV Bharat / state

ৰাজ্যজুৰি দৌল মহোৎসৱ: বৰপেটা সত্ৰত দৌল গোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইৰ মহাস্নান পৰ্ব - Doul Utsav 2024

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 8:38 PM IST

Doul Utsav 2024 : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলা আৰু বৰপেটা জিলাত দৌল মহোৎসৱ তুংগত ৷ বৰপেটা সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দৌল মহোৎসৱৰ গোন্ধ সভা বা বহ্নুৎসৱ ৷

Doul Utsav 2024
বৰপেটা সত্ৰত দৌল গোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইৰ মহাস্নান পৰ্ব

বৰপেটা/নলবাৰী, 24 মাৰ্চ: ৰাজ্যজুৰি আৰম্ভ হৈছে দৌল মহোৎসৱ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলা আৰু বৰপেটা জিলাত দৌল মহোৎসৱ তুংগত ৷

দেওবাৰ তথা আজিৰে পৰা বৰপেটা সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দৌল মহোৎসৱৰ গোন্ধ সভা বা বহ্নুৎসৱ ৷ বহ্নুৎসৱ উপলক্ষে আজি সত্ৰৰ মনিকূট গৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁই কীৰ্তনঘৰৰ মনিকূট গৃহৰ পৰা বাহিৰলৈ উলিয়াই অনা হয় ৷

দৌল গোবিন্দ মহাপ্ৰভূক পূব দুৱাৰ আৰু কলীয়া ঠাকুৰ গোসাঁইক উত্তৰৰ দুৱাৰেৰে সত্ৰৰ মঠৰ চোতাললৈ উলিয়াই আনি বৰ শৰাইত ৰাখি মহাস্নান পৰ্ব সম্পন্ন কৰা হয় ৷ পূজাৰীৰ মহাস্নান, গায়ন বায়নৰ খোল তাল ঘোষাৰ সুৰ আৰু ঢুলীয়াৰ ঢোলৰ ছন্দত বৰপেটা সত্ৰ পবিত্ৰ ক্ষেত্ৰলৈ পৰিণত হৈছে ৷ দৌল গোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইৰ মহাস্নান সম্পন্ন হোৱাৰ পিচতেই সন্ধিয়া দুয়োজনা গোঁসাইক সত্ৰৰ টুপৰ চোতালত মেজি পুৱাই যোগমোহন গৃহত ৰখা হয় ৷ ইয়াৰ পিচতে নিশা নিৰ্দিষ্ট ক্ষণ অনুসৰি দৌল গোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলগৃহত আৰোহন কৰা হ’ব ৷

যোগমোহন গৃহৰ পৰা দৌলগৃহত সাত বাৰ প্ৰদক্ষিণ কৰাই দুয়োজন গোঁসাইক দৌলৰ চৌদালাত আৰোহন কৰা হ’ব আৰু সোমবাৰে পুৱা সত্ৰৰ ডেকা সত্ৰীয়াই ফাকু গুৰি ছটিয়াই গোসাঁইক দৌলৰ সেৱা জনাব ৷ উল্লেখ্য যে, বৰপেটা সত্ৰত সোমবাৰে ভৰদৌল পালন কৰা হ’ব ৷ ইয়াৰ পিচত মঙলবাৰে পালন কৰা হ’ব সুৱেৰী উৎসৱ ৷

ইফালে বাক্সা জিলাৰ সীমামূৰীয়া নলবাৰী জিলাৰ কঠালবাৰীত আজিৰ পৰা ৬ দিনীয়া কাৰ্যসুচীৰে আৰম্ভ হৈছে দৌল মহোৎসৱ । পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন, বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন হোৱাৰ পাচত আৰম্ভ হয় বাৰে ৰহনীয়া সাংস্কৃতি শোভাযাত্ৰা । হলি গীতেৰে মুখৰিত হৈ পৰা কঠালবাৰী দৌল মহোৎসৱথলীত প্ৰতিদিনে থাকিব বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ।

লগতে পঢ়ক: ঘৰুৱা সামগ্ৰীৰে কিদৰে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি ফাকুৱা উদযাপন কৰিব পাৰি - Holi with Natural Homemade Colours

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.