ETV Bharat / state

পূৰ্বোদয় হৈছে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ : জ্যোতিৰাদিত্য সিন্ধিয়া - Jyotiraditya Scindia NE Visit

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 3:13 PM IST

Jyotiraditya Scindia NE Visit : দুদিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কাৰ্যসূচীৰে শুকুৰবাৰে গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া । তাৰ পৰা তেওঁ পোনে পোনে শ্বিলঙলৈ যায় আৰু শনিবাৰে পুনৰ গুৱাহাটীলৈ উভতি আহি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

Jyotiraditya Scindia NE Visit
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উত্তৰ-পূব ভ্ৰমণ (ETV Bharat Assam)

গুৱাহাটী, ১২ জুলাই : উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বাজেটতত অনুমোদিত ধনৰ‌ পৰিমাণ যথেষ্ট বৃদ্ধি কৰিছে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিগত ১০ বছৰৰ শাসনত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় বাজেটত ২৪ হাজাৰ কোটি টকাৰ পৰা ৮২ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰিছে ।‌ পৰৱৰ্তী সময়তো এই উন্নয়নৰ প্ৰক্ৰিয়া অব্যাহত থাকিব । এই বক্তব্য কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ।

উল্লেখ্য, গুৱাহাটী আৰু শ্বিলং ভ্ৰমণসূচী লৈ শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া । তেওঁ গুৱাহাটীত উপস্থিত হৈ এই মন্তব্য কৰে । দিল্লীৰ পৰা বিমানেৰে আহি শুকুৰবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ।

বিমানবন্দৰত উপস্থিত সাংবাদিকসকলক সম্বোধন কৰি তেওঁ পুনৰ বিশেষ বিমানেৰে শ্বিলঙলৈ উৰা মাৰে । শ্বিলঙলৈ উৰা মৰাৰ পূৰ্বে সাংবাদিকক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ এক ভিজন আছে । এই পূৰ্বোদয় ভিজনক বাস্তৱয়িত কৰাৰ বাবে ‌মই দৃঢ় প্ৰতিজ্ঞ ।‌ উত্তৰ-পূৰ্বাঞ্চল হৈছে দেশৰ দুৱাৰমুখ । উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মানে দেশৰ উন্নতি ।"

তেওঁ লগতে কয়, "বিগত দহ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে ।‌ নতুন নতুন ৰাস্তা, ৰে'লপথ, বিমান‌বন্দৰ নিৰ্মাণ কৰা হৈছে । একেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন বাজেটো বৃদ্ধি কৰা হৈছে । লগতে ‌সামাজিক, স্বাস্থ্য আৰু পৰ্যটনৰ ক্ষেত্ৰখনৰো উত্তৰ-পূৰ্বাঞ্চলত বিগত এক দশকত উন্নয়ন হৈছে ।"

উল্লেখ্য যে শুকুৰবাৰে সিন্ধিয়াই শ্বিলঙৰ এন ই চি সচিবালয়ত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়, এন ই চি আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে অঞ্চলটোৰ বিভিন্ন প্ৰকল্প আৰু পদক্ষেপৰ অগ্ৰগতিৰ সন্দৰ্ভত আলোচনা কৰিবলৈ এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰিব ।

তেওঁৰ এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য হৈছে এন ই চি ভিজন, ২০৪৭ৰ ওপৰত এক উপস্থাপন আগবঢ়োৱাৰ লগতে NERACE এপ মুকলি কৰা । উল্লেখ্য যে NERACE এপ হৈছে কৃষকসকলক বিশ্ববজাৰৰ সৈতে সংযুক্ত কৰা এক একত্ৰিত ডিজিটেল প্লেটফৰ্ম, যিয়ে পোনপটীয়া লেনদেন আৰু মূল্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম কৰি তোলে ।

এই এপটোত এটা বহুভাষিক হেল্পলাইন (ইংৰাজী, হিন্দী, অসমীয়া, বাংলা, নেপালী, খাচী, মিজো আৰু মণিপুৰী) আছে আৰু ইয়াৰ উদ্দেশ্য হৈছে উত্তৰ-পূব ভাৰতত কৃষি সংযোগ বৃদ্ধি কৰি কৃষক আৰু বিক্ৰেতাসকলক একত্ৰিত কৰা । কৃষক আৰু ক্ৰেতাৰ মাজৰ ব্যৱধান দূৰ কৰি এই এপটোৱে কৃষকসকলক বৃহত্তৰ গ্ৰাহকৰ ওচৰলৈ যাবলৈ, তেওঁলোকৰ উপাৰ্জন উন্নত কৰিবলৈ আৰু নতুন সুযোগবোৰ গ্ৰহণ কৰিবলৈ সক্ষমতা প্ৰদান কৰিব ।

আনহাতে, ১৩ জুলাইত সিন্ধিয়াই গুৱাহাটীৰ নেডফি হাউছলৈ গৈ বিষয়াসকলক সাক্ষাৎ কৰিব আৰু অঞ্চলটোত উদ্যোগ আৰু ষ্টাৰ্টআপৰ প্ৰসাৰৰ উপায় সম্পৰ্কে আলোচনা কৰিব । মেঘালয় ভ্ৰমণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে তেওঁ মেঘালয়ৰ‌ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব ।‌ লগতে মেঘালয়ৰ উন্নয়নৰ‌ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা‌ হ'ব বুলিও‌ তেওঁ সদৰী‌‌ কৰে ।

উল্লেখ্য যে শেহতীয়াভাৱে ৰাজ্যিক বিজেপিৰ দুগৰাকী জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰিব ওলোৱা বিষয় সন্দৰ্ভত সাবাদিকে সোধা প্ৰশ্নৰ উত্তৰ প্ৰদানৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কৌশলেৰে আঁতৰি যায় ।

লগতে পঢ়ক :ৰাজস্থানত সামূহিক কল্যাণ কেন্দ্ৰ উদ্বোধন অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ - HOLISTIC WELLNESS CENTER
লগতে পঢ়ক :অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ - ARVIND KEJRIWAL GOT INTERIM BAIL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.