ETV Bharat / state

চিকিৎসক ধৰ্ষণৰ ঘটনা : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চিকিৎসকৰ প্ৰতিবাদ - Doctors Protest

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 8:02 PM IST

Protest in GMCH : দোষীক শাস্তিৰ লগতে চিকিৎসকৰ নিৰাপত্তাৰ দাবীত চিকিৎসক আৰু বিভিন্ন চিকিৎসা সংগঠনৰ প্ৰতিনিধিসকলে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ ঘোষণা কৰিছে ৷ ইয়াৰ মাজতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদতো দেখা গ’ল শিক্ষাৰ্থীৰ প্ৰতিবাদ ৷

GMCH DOCTORS PROTEST
গুৱাহাটীত চিকিৎসকৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, 16 আগষ্ট : কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীক ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে ৷ এই অমানৱীয় ঘটনাৰ দোষীক শাস্তিৰ লগতে চিকিৎসকৰ নিৰাপত্তাৰ দাবীত চিকিৎসক আৰু বিভিন্ন চিকিৎসা সংগঠনৰ প্ৰতিনিধিসকলে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ ঘোষণা কৰিছে ৷ ইয়াৰ মাজতে এই ঘটনাৰ বিৰুদ্ধে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদতো দেখা গ’ল শিক্ষাৰ্থীৰ প্ৰতিবাদ ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত প্ৰতিবাদ (ETV Bharat Assam)

শুকুৰবাৰে চিকিৎসা মহাবিদ্যালৰ চৌহদত কনিষ্ঠ চিকিৎসকল একত্ৰিত হৈ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ 9 আগষ্টত কলকাতাস্থিত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি কনিষ্ঠ চিকিৎসকৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী মেডিকেল কলেজৰ কনিষ্ঠ চিকিৎসক সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে প্লে’ কাৰ্ড লৈ চিকিৎসক নিগ্ৰহ বন্ধ কৰক, চিকিৎসক সকলৰ নিৰাপত্তা নিশ্চিত কৰক, হত্যাকাৰীক উচিত শাস্তি দিয়ক আদি শ্লোগানেৰে এই নিকৃষ্ট ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

কনিষ্ঠ চিকিৎসক সন্থাৰ সভাপতি ডাঃ কুমাৰ জ্যোতি ডেকাই কয়," 9 আগষ্টত কলকাতাস্থিত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা ঘটনাৰ চি বি আয়ে ক্ষীপ্ৰ গতিত তদন্ত কৰি দোষীক উচিত শাস্তি দিয়ক ৷ লগতে যিসকলে ঘটনাটোৰ তথ্য নষ্ট কৰিছে তেওঁলোকক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু শীঘ্ৰে স্বাস্থ্য সেৱাৰ বাবে কেন্দ্ৰীয় সুৰক্ষা আইন ৰূপায়ণ কৰি চিকিৎসক সকলৰ সুৰক্ষা নিশ্চিত কৰক ৷"

আনহাতে প্ৰতিবাদ সাব্যস্ত কৰি কনিষ্ঠ চিকিৎসক সকলে কয় যে, কলকাতাস্থিত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা ঘটনা ঘৃণনীয় আৰু মৰ্মান্তিক ৷ ভুক্তভোগীয়ে ন্যায় পোৱাৰ লগতে দোষীয়ে উচিত শাস্তি পাব লাগে বুলি দাবী কৰে তেওঁলোকে ৷

লগতে পঢ়ক : কলকাতাৰ চিকিৎসক ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ চিকিৎসকৰ - Doctors Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.