ETV Bharat / state

চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ উত্তাল ৰঙিয়া-শিলচৰ - IMA calls for 24 hours strike

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 10:35 PM IST

Protest for rape victim justice :কলকাতাত কৰ্তব্যৰত যুৱ চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ সমগ্র দেশৰ লগতে অসম তথা গুৱাহাটীতো চৰকাৰী, বেচৰকাৰী হাস্পতালৰ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । ভাৰতীয় চিকিৎসা সংস্থাই আজি জনোৱা আহ্বানত স্তব্ধ হৈ পৰে চিকিৎসা সেৱা ।

IMA calls for 24 hours strike in Assam
হত্যাকাণ্ডৰ প্ৰতিবাদ (ETV Bharat Assam)

ৰঙিয়া/শিলচৰ, ১৭ আগষ্ট: পশ্চিমবংগত সংঘটিত হত্যাকাণ্ডৰ প্ৰতিবাদৰ জোৱাৰ সমগ্ৰ দেশৰ লগতে ৰাজ্যখনত আজিও অব্যাহত আছে । ভাৰতীয় চিকিৎসা সংস্থাই আহ্বান জনোৱা ২৪ ঘণ্টীয়া কৰ্মবিৰতি শনিবাৰে আমছাৰ উদ‍্যোগত সমগ্ৰ অসমৰ লগতে ৰঙিয়াৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসাকৰ্মীসকলেও প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে, শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত কৰ্মবিৰতি পালনৰ লগতে কংগ্ৰেছেও প্ৰতিবাদ সাব্য়স্ত কৰে ।

হত্যাকাণ্ডৰ প্ৰতিবাদ (ETV Bharat Assam)

ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ :

শনিবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয় তথা ৰঙিয়া আদৰ্শ চিকিৎসালয়ত দিনৰ ১১ বজাৰ পৰা চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে এঘণ্টীয়া কৰ্মবিৰতি পালন কৰে । কৰ্মবিৰতিৰ সময়ত কৰ্মীসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ সময়ত জেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ পদ্মেশ্বৰ কলিতাই কয় ,"যোৱা ন' আগষ্টত কলকাতাৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত অৱস্থাত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ কৰি মৃত্যুমুখলৈ ঠেলি দিয়ে । আমি এই ঘটনাটোক ধিক্কাৰ দিছো । আমাৰ যি মেডিকেল ফেটাৰ্নিটি আছে ,ডাক্টৰ সন্থা,নাৰ্ছ সন্থা আৰু পেৰামেডিকেল সন্থাই একেমুখে ধিক্কাৰ দিছো । এনে ঘটনা যাতে ভৱিষ্যতে নহয় আৰু দোষীয়ে যাতে উচিত শাস্তি পায় । দোষীৰ ফাঁচীৰ ব‍্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছো ।"

আনহাতে, চিকিৎসালয়খনতে কৰ্মৰত নাৰ্ছ বৰ্ণালী কলিতাই কয় ,"কলকাতাৰ হাস্পতালত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যি নিৰ্লজ্জ কাণ্ড সংঘটিত হ'ল । কৰ্মৰত অৱস্থাত এগৰাকী চিকিৎসাকৰ্মীক ধৰ্ষণ কৰি হত্যা কৰা হ'ল বুলি আমি শুনিছো । এই ঘটনাত আমি মৰ্মাহত হৈছো । কৰ্মস্থলীত যদি এগৰাকী নাৰী সুৰক্ষিত নহয় , এগৰাকী ডাক্তৰ বা এগৰাকী নাৰ্ছ সুৰক্ষিত নহয় তেতিয়াহ'লে আমি ৰাইজৰ সেৱা কেনেকৈ কৰিম ! ৰাইজৰ সেৱা কৰিবলৈ হ'লে আমিও সুৰক্ষিত হ'ব লাগিব । গতিকে আমি চৰকাৰৰ ওচৰত কৰযোৰে প্ৰাৰ্থনা কৰিছো যাতে দোষীয়ে উচিত শাস্তি পায় । লগতে চিকিৎসা ক্ষেত্ৰত উপযুক্ত সুৰক্ষাৰ ব‍্যৱস্থা কৰক ।"

আনহাতে ,শনিবাৰে পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টীয়াকৈ আই এম এ অৰ্থাৎ ভাৰতীয় চিকিৎসক সন্থাই কৰ্মবিৰতি পালনৰে প্ৰতিবাদ অৱ্যাহত ৰখাৰ সময়তে এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই ৰঙিয়াৰ দুখন ব‍্যক্তিগত খণ্ডৰ চিকিৎসালয় ৰঙিয়া স্বস্তী হাস্পতাল আৰু ৰঙিয়া স্পৰ্শ হাস্পতালেও কৰ্মবিৰতি পালন কৰে । প্ৰতিবাদৰ এই সময়ছোৱাত চিকিৎসালয় দুখৰ বহিঃবিভাগৰ সমগ্ৰ কাম-কাজ বন্ধ কৰি ৰাখে । চিকিৎসালয় দুখৰ জৰুৰীকালীন সেৱা অব‍্যাহত আছে যদিও ৰোগীৰ উপস্থিতি তেনেই সেৰেঙা পৰিলক্ষিত হয় । স্বস্তি হাস্পতালৰ জৰুৰী বিভাগৰ চিকিৎসক হীৰকজ‍্যোতি ডেকাই কয় , "সমগ্ৰ দেশত প্ৰতিবাদ চলি থকাৰ মাজতে আমিও এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছো । আমি জৰুৰীকালীন সেৱা চলাই আছো । আমি দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাটো বিচাৰিছো ।"

ইফালে, ৰঙিয়াৰ দন্ত চিকিৎসকসকলেও কৰ্মক্ষেত্ৰত মহিলা চিকিৎসকগৰাকীয়ে নৃশংস তথা বৰ্বৰ হত্যাকাণ্ডৰ চিকাৰ হ'বলগা হোৱাটোৱেই মহিলাৰ নিৰাপত্তাক লৈ চৰম ভেঙুচালি কৰি অহাৰ অভিযোগত তুলি প্ৰতিবাদ সাব্যস্ত কৰে ।

শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত প্ৰতিবাদ :

কলকাতাত মহিলা চিকিৎসকক হত্যাৰ প্ৰতিবাদত ভাৰতীয় চিকিৎসক সন্থাৰ আহ্বানত আজি দেশজুৰি কৰ্মবিৰতি পালন কৰিছে চিকিৎসকসহ চিকিৎসাকৰ্মীসকলে । ৰাজ্যৰ আন ঠাইৰ লগতে শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালতো কৰ্মবিৰতি পালন কৰে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে । যেতিয়ালৈকে মহিলা চিকিৎসকৰ হত্যাৰ লগত জড়িতসকলক কঠোৰ শাস্তি প্ৰদান কৰা নহয় তেতিয়ালৈকে চিকিৎসকসকলৰ এই আন্দোলন অব্য়াহত থাকিব বুলি প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে ।

শিলচৰ কংগ্ৰেছৰ ধিক্কাৰ মিছিল:

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত শিলচৰত কংগ্ৰেছে উলিয়াই 'ধিক্কাৰ মিছিল' । শিলচৰ জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ উদ্য়োগত শুকুৰবাৰে নিশা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শিলচৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা যোৱানিশা এই সমদল উলিয়াই শিলচৰ চহৰৰ ক্ষুদিৰাম মূৰ্তিৰ তলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক:চিকিৎসকক ধৰ্ষণ-হত্যাৰ ঘটনাৰ বিৰুদ্ধে অসমত চিকিৎসকৰ প্ৰতিবাদ, স্তব্ধ চিকিৎসা সেৱা - IMA calls for 24 hours strike

অসমতো বন্ধ OPD সেৱা-অস্ত্ৰোপচাৰ: IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি অসমৰ চিকিৎসক-কৰ্মীৰ - IMA calls for 24 hours strike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.