ETV Bharat / state

চিকিৎসকৰ কাণ্ডজ্ঞানহীনতা, চিকিৎসকে আধা অস্ত্ৰোপচাৰ কৰি ৰোগীক ঘৰলৈ পঠাই দিয়াৰ অভিযোগ - Strange incident in Barpetaroad - STRANGE INCIDENT IN BARPETAROAD

Doctor scam in Barpetaroad : বৰপেটাৰোডত আজৱ ঘটনা ৷ বৰপেটাৰোডৰ বীনাপানি নাৰ্ছিং হোমত চিকিৎসক ডাঃ নিশিথ আগৰৱালাই ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন নকৰাকৈ আধা অস্ত্ৰোপচাৰ কৰি ৰোগীক চিকিৎসকে ঘৰলৈ পঠাই দিয়া ঘটনাৰ ফলত জীৱন মৰণেৰে যুঁজিছে কিশোৰে ৷ পঢ়ক সবিশেষ...

Doctor scam in Barpetaroad
চিকিৎসকৰ কাণজ্ঞানহীনতা, চিকিৎসকে আধা অস্ত্ৰোপচাৰ কৰি ৰোগীক ঘৰলৈ পঠাই দিয়াৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 10:49 PM IST

চিকিৎসকৰ কাণজ্ঞানহীনতা, চিকিৎসকে আধা অস্ত্ৰোপচাৰ কৰি ৰোগীক ঘৰলৈ পঠাই দিয়াৰ অভিযোগ

বৰপেটাৰোড, ১ এপ্ৰিল : বৰপেটাৰোডত পুনৰ এক চাঞ্চল্যকৰ ঘটনা ৷ ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন নকৰাকৈ আধা অস্ত্ৰোপচাৰ কৰি ৰোগীক চিকিৎসকে ঘৰলৈ পঠাই দিয়া ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ বৰপেটাৰোডৰ বীনাপানি নাৰ্ছিং হোমৰ চিকিৎসক ডাঃ নিশিথ আগৰৱালাই এই অমানৱীয় ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ঘটনা অনুসৰি, বৰপেটাৰোডৰ সমীপৰ কাটাঝাৰ গাঁৱৰ বিশ্বজিৎ চক্ৰৱৰ্তী নামৰ এগৰাকী কিশোৰক আধা অস্ত্ৰোপচাৰ কৰি চিকিৎসক ডাঃ নিশিথ আগৰৱালাই ঘৰলৈ পঠাই দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ৰোগীৰ পৰিয়ালৰ লোকে ৷ দেওবাৰে চিকিৎসক ডাঃ নিশিথ আগৰৱালাৰ পৰামৰ্শ ক্ৰমে বিশ্বজিৎ চক্ৰৱৰ্তী নামৰ কিশোৰজনৰ ডিঙিৰ টিউমাৰৰ অস্ত্ৰোপচাৰ বাবে বৰপেটাৰোডৰ বীনাপানি নাৰ্ছিংহোমত ভৰ্তি কৰাইছিল পৰিয়ালৰ লোকে ৷

তাৰ পিচতে অস্ত্ৰোপচাৰ চলাই থকাৰ মাজতে চিকিৎসক ডাঃ আগৰৱালাই পৰিয়ালৰ লোকক মাতি নি কিশোৰজন ঘৰলৈ লৈ যাবলৈ কয় ৷ চিকিৎসকে কিশোৰজনক অস্ত্ৰোপচাৰ সম্পূৰ্ণ নকৰাকৈ আধা অস্ত্ৰোপচাৰ কৰি ঘৰলৈ পঠাই দিয়াক লৈ পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷

কিশোৰজনৰ ডিঙিৰ অসম্পূৰ্ণ অস্ত্ৰোপচাৰৰ পাচত বিনা চিকিৎসাৰে এতিয়া ঘৰতে পৰি থকাৰ ফলত তেওঁ বৰ্তমানলৈ একো খাব পৰা নাই বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । দুৰ্ভগীয়া ৰোগী বিশ্বজিৎ চক্ৰৱৰ্তীৰ দুবছৰ বয়সতে পিতৃৰ বিয়োগ ঘটিছিল ৷

তেওঁৰ মাতৃও এগৰাকী মানসিক ৰোগী ৷ সেয়ে বিশ্বজিৎ চক্ৰৱৰ্তীৰ ঠেলাচালক বৰদেউতাক আৰু বৰমাকেই বিশ্বজিতৰ চিকিৎসাৰ খা-খৰচ বহন কৰি আহিছিল ৷ তেনেক্ষেত্ৰত বিশ্বজিৎ চক্ৰৱৰ্তীৰ এনে অৱস্থাই চিন্তিত কৰি তুলিছে পৰিয়ালটোৰ লগতে গাঁওবাসীকো ৷

বৰপেটাৰোডৰ বীনাপানি নাৰ্ছিং হোমৰ চিকিৎসকৰ এনে অমানৱীয় কাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক দাবী জনাইছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে বৰপেটাৰোডৰ বীনাপানি নাৰ্ছিংহোমত বিগত কিছুদিন পূৰ্বেও আন এগৰাকী মহিলাৰ অস্ত্ৰোপচাৰৰ নামত মহিলাগৰাকীৰ প্ৰচাবৰ নলী কাটি পেলোৱাৰ লগতে সেইগৰাকী ৰোগীৰো আধা অস্ত্ৰোপচাৰৰ কৰিয়েই ঘৰলৈ ওভতাই পঠাইছিল চিকিৎসকে। প্ৰস্ৰাৱৰ পথ বন্ধ হৈ পৰা মহিলাগৰাকীয়ে জীৱন মৃত্যুৰে সৈতে যুঁজি সম্প্ৰতি কলিকতাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে ৷

লগতে পঢ়ক: গড়ভাঙাত ধুমুহাত বিস্তৰ ক্ষতিসাধন‌, ৰাইজৰ খৱৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ - Rain And Hailstorm in Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.