ETV Bharat / state

বহু প্ৰত্যাশিত মঙলবাৰ : ভোট গণনাৰ বাবে সাজু জিলা প্ৰশাসন, কটকটীয়া নিৰাপত্তা - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:39 PM IST

LS Election Vote Counting : লোকসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো কেইটামান ঘন্টা । ৰাজ্যৰ চৈধ্যটা লোকসভা সমষ্টিৰ ভোটগণনাৰ বাবে সাজু হৈ উঠিছে জিলা প্ৰশাসন। কোন জিকিব, কাৰ চৰকাৰ গঠন হ’ব -এই লৈ চলিছে ব্যাপক চৰ্চা ।

LOK SABHA ELECTION RESULTS 2024
ভোটগণনাৰ বাবে সাজু হৈ উঠিছে জিলা প্ৰশাসন (ETV BHARAT ENGLISH DESK)

নিউজ ডেস্ক, 3 জুন : ফলাফল ঘোষণাৰ বাবে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ ৷ দেশৰ আন ঠাইৰ লগতে 4 জুনৰ পুৱাৰ পৰা অসমৰ ১৪ টা লোকসভা সমষ্টিৰ বাবে আৰম্ভ হ'ব ভোটগণনা ৷ ইতিমধ্যে এই বিশেষ দিনটোত দেশবাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে ৷ ইতিমধ্যে ৰাজ্যৰ 14 টা সমষ্টিত ভোটগণনাৰ বাবে সাজু হৈ উঠিছে জিলা প্ৰশাসন ৷

ভোট গণনাৰ বাবে সাজু জিলা প্ৰশাসন (ETV BHARAT ASSAM)

যোৰহাট : 14 নং যোৰহাট লোকসভা সমষ্টিৰ ভোটগণনাৰ বাবে সাজু জিলা প্ৰশাসন ৷ শান্তি-শৃংখলা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত যোৰহাটৰ জিলা দণ্ডাধীশ তথা জিলা আয়ুক্তগৰাকীয়ে ভাৰতীয় ফৌজদাৰী কার্যবিধি আইনৰ 144 ধাৰাৰ অধীনত কিছু নিৰ্দেশনা জাৰি কৰিছে ৷ নিৰ্দেশনা অনুসৰি ভোটগণনা আৰু ফলাফল ঘোষণা সম্পূৰ্ণ নোহোৱালৈকে ভোটগণনা কেন্দ্ৰৰ চৌহদৰ ভিতৰত কোনো ধৰণৰ শোভাযাত্ৰা আৰু শ্ল'গান দিব নোৱাৰিব লগতে ভোটগণনা চৌহদৰ ভিতৰত লাউড স্পীকাৰ ব্যৱহাৰ কৰি কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে কোনোধৰণৰ বিজয় উৎসৱ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰিব, ভোটগণনা কেন্দ্ৰৰ পৰা 1 কিঃমি ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বৃহৎ জনসমাৱেশ নিষিদ্ধ কৰাৰ লগতে পতাকা, লাঠি,আগ্নেয়াস্ত্ৰ আদি লগত লৈ শোভাযাত্ৰা কৰাটো নিষেধ কৰা হৈছে ৷

তদুপৰি জিলা নিৰ্বাচনী বিষয়া তথা 14 নং যোৰহাট লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে অনুমতি প্ৰদান কৰা বৈধ পৰিচয় পত্ৰ থকা ব্যক্তিসকলহে ভোটগণনা স্থানত প্ৰৱেশ কৰিব পাৰিব ৷ গণনা কেন্দ্ৰৰ ভিতৰত ম’বাইল ফোন আৰু কেমেৰা ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে যদিও ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা যথাযথভাৱে অনুমোদিত সংবাদকৰ্মীসকলে ম’বাইল ফোন আৰু কেমেৰা কেৱল মেডিয়া চেণ্টাৰলৈকে কঢ়িয়াই নিব পাৰিব ৷ লগতে ৰাজ্যৰ নিৰ্বাচন আয়োগৰ পত্ৰ নং ELE.93/2023/53 dtd.28.03.2024 অনুসৰি যোৰহাট জিলা আয়ুক্তগৰাকীয়ে 4 জুনত জিলাখনত ড্ৰাই ডে' হিচাপে ঘোষণা কৰিছে ৷

বৰপেটা : বৰপেটাত ভোট গণনাৰ বাবে সাজু হৈ উঠিছে জিলা প্ৰশাসন ৷ জিলা নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই জনোৱা মতে, মঙলবাৰে মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা আৰু পাকাবেতবাৰী বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব ৷ নিৰ্বাচন আয়োগে ঘোষণা কৰা তথ্য অনুসৰি বৰপেটাত ভোটদানৰ হাৰ আছিল 85.24 শতাংশ ৷ মুঠ ভোটদান কৰা ভোটাৰৰ সংখ্যা আছিল 16,76,633 ৷

বৰপেটাত পোষ্টেল বেলটৰ সংখ্যা 6,183 আৰু ছাৰ্ভিছ ভোটাৰৰ সংখ্যা 7,221 ৷ দুয়োটা মিলি মুঠ বেলট ভোটৰ সংখ্যা 13,402 টা ৷ একোটা সমষ্টিৰ বাবে 14 খন টেবুলত হ’ব ভোটগণনা ৷ বৰপেটাত ধুবুৰী সমষ্টিৰ দুটা আৰু বৰপেটা লোকসভা সমষ্টিৰ দুটা বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব ৷ ইয়াৰে ধুবুৰী লোকসভাৰ অন্তৰ্গত মন্দিয়া সমষ্টিৰ বাবে 21 ৰাউণ্ড আৰু চেঙা সমষ্টিৰ বাবে 19 ৰাউণ্ড ভোট গণনা অনুষ্ঠিত হ’ব ৷ একেদৰে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা বিধানসভাৰ 16 ৰাউণ্ড আৰু পাকাবেতবাৰী সমষ্টিৰ 21 ৰাউণ্ড ভোট গণনা অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : কোনে মাৰিব শেষ হাঁহি ? কি বিচাৰে গুৱাহাটীৰ সাধাৰণ জনতাই ? - LOK SABHA ELECTION RESULTS 2024

গোলাঘাট : 4 জুনৰ ভোটগণনাৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন ৷ 10 নং কাজিৰঙা সংসদীয় সমষ্টিৰ বাবে গোলাঘাট জিলাৰ ফৰকাটিং মহাবিদ্যালয়ত জিলাখনৰ তিনিটা বিধান সভা সমষ্টিৰ ভোটগণনা কৰা হ’ব ৷ ইয়াৰ ভিতৰত 103 নং গোলাঘাট বিধান সভা সমষ্টিৰ ভোটসমূহ 11 খন টেবুলত 23 টা ৰাউণ্ডত, 104 নং দেৰগাঁও সমষ্টিৰ ভোটসমূহ 11 খন টেবুলত 20 টা ৰাউণ্ডত আৰু 106 নং খুমটাই সমষ্টিৰ ভোটসমূহ 11 খন টেবুলত 19 টা ৰাউণ্ডত, 105 নং বোকাখাত সমষ্টিৰ 14 খন টেবুলত 14 ৰাউণ্ডত, 107 নং সৰুপথাৰ সমষ্টিৰ ভোট 12 খন টেবুলত 18 টা ৰাউণ্ডত গণনা কৰা হ’ব ৷

লগতে 10 নং কাজিৰঙা সংসদীয় সমষ্টিৰ আটাইকেইটা বিধানসভা সমষ্টিৰ পষ্টেল বেলট সমূহ গোলাঘাট জিলাৰ ফৰকাটিং মহাবিদ্যালয় গণনা কৰা হ’ব ৷ ইয়াৰ বাবে সৰ্বমূঠ 17 খন টেবুল আবন্টন কৰা হৈছে ৷ তদুপৰি আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ত 10 নং কাজিৰঙা লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক এম জে প্ৰদীপ চন্দ্ৰেনৰ উপস্থিতিত ৰিটাৰ্নিং বিষয়া পি উদয় প্ৰবীণৰ সভাপতিত্বত ভোটগণনা সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷

লগতে পঢ়ক : ভোটগণনাৰ বাবে সাজু লখিমপুৰ জিলা প্ৰশাসন : কটকটীয়া নিৰাপত্তা বেষ্টনী - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.