ETV Bharat / state

মৰিগাঁৱত 'নিযুত মইনা’ ৰ প্ৰ-পত্ৰ বিলালে মন্ত্ৰী মহন্তই - MUKHYA MANTRI NIJUT MOINA SCHEME - MUKHYA MANTRI NIJUT MOINA SCHEME

Nijut Moina scheme : ৰাজ্যত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ‘নিযুত মইনা আঁচনি’ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱৰ ছাত্ৰীৰ মাজত শুকুৰবাৰে বিতৰণ কৰা হয় উক্ত আঁচনিৰ প্ৰ-পত্ৰ ।

Minister Keshab Mahanta
মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 10:28 PM IST

মৰিগাঁও, ৯ আগষ্ট : মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি সন্দৰ্ভত এখন সভা শুক্ৰবাৰে অনুষ্ঠিত হয় । জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই এই আঁচনি সন্দৰ্ভত মন্তব্য আগবঢ়াই কয়," ডিজিটেল সাক্ষৰতা বৃদ্ধি আৰু উন্নত কামৰ সুবিধাৰ বাবে জিলাখনত ১০টা কম্পিউটাৰৰ ব্যৱস্থা কৰা হ’ব ।" মন্ত্ৰীগৰাকীয়ে পুনৰ কয়," মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আমাৰ ছোৱালীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ । শিক্ষা হৈছে সৱলীকৰণৰ চাবি-কাঠি আৰু আমি তেওঁলোকৰ সফলতা নিশ্চিত কৰিবলৈ প্ৰতিটো প্ৰয়োজনীয় সম্পদ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । "

উল্লেখ্য যে এই আঁচনিৰ অধীনত একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলে গৰমৰ বন্ধৰ সময়খিনিক বাদ দি বাকী আটাইকেইটা মাহত প্ৰতি মাহে ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব । তেওঁলোকে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নোহোৱা পৰ্যন্ত প্ৰতিমাহে ১১ তাৰিখে এই ধন লাভ কৰিব । সেইদৰে স্নাতক অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব । বি এডত অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতিমাহে ২৫০০ টকাকৈ লাভ কৰিব । এই সুবিধা ভেঞ্চাৰ আৰু জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলেও লাভ কৰিব ।

ৰাজ্য চৰকাৰে পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই ছাত্ৰীসকলে এবছৰত মুঠ ১০ মাহ এই আঁচনিৰ পৰা ধন লাভ কৰিব । সেই অনুসৰি উচ্চতৰ মাধ্যমিকৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলে ২০ মাহ এই ধন লাভ কৰিব । স্নাতকত অধ্যয়নৰত ছাত্ৰীসকলে অধ্যয়ন সমাপ্ত নোহোৱা পৰ্যন্ত এই আঁচনিৰ সুবিধা লাভ কৰিব । সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰী,মৰিগাঁও মহাবিদ্যালয়ৰ লীলাকান্ত বৰঠাকুৰ উপস্থিত থাকে ।

লগতে পঢ়ক:সৰুপথাৰ আৰু ডবকাত নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ - Nijut Moina Scheme in Assam

কলিয়াবৰত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ - CMs Nijut Moina Achani

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.