ETV Bharat / state

যোৰহাটত আকৰ্ষণৰ কেন্দ্ৰবিন্দু ডিজনীলেণ্ডৰ আৰ্হিৰ পূজা মণ্ডপ

Jorhat Disneyland Puja Pandal : আজি মহাষষ্ঠী । আৰম্ভ হৈছে দুৰ্গাপূজা । জিলিকি উঠিছে আটকধুনীয়া পূজা মণ্ডপবোৰ । যোৰহাটো তাৰ ব্যতিক্ৰম নহয় ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Jorhat Disneyland Puja Pandal
যোৰহাটত আকৰ্ষণৰ কেন্দ্ৰবিন্দু ডিজনীলেণ্ডৰ আৰ্হিৰ পূজা মণ্ডপ (ETV Bharat Assam)

যোৰহাট, ৯ অক্টোবৰ : 'যা দেৱী সৰ্বভূতেষু, শক্তিৰূপেন সংস্থিতা, নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ..." । আজিৰে পৰা আৰম্ভ হৈছে শক্তিৰ অধিষ্ঠাত্ৰী, দুৰ্গতনাশিনী, মহিষমৰ্দিনী দেৱী দুৰ্গাৰ পূজা । এই শাৰদীয় দুৰ্গাপূজা উপলক্ষে এতিয়া ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ । এফালে দেৱীৰ চৰণত পূজা-অৰ্চনাৰে আধ্যাত্মিকতাৰ গুঞ্জন, আনফালে আকৌ পূজা মণ্ডপৰ চালে চকু ৰোৱা সাজসজ্জা । মুঠতে আধ্যাত্মিকতা আৰু উৎসৱৰ ৰঙত ৰঙীন হৈছে সকলোৰে মন-প্ৰাণ ।

অৱশ্যে দুদিন পূৰ্বলৈকে থকা বৰষুণৰ বাবে এইবাৰ বতৰে পূজাৰ আনন্দ ম্লান কৰিব বুলি ভবা হৈছিল যদিও বতৰ ফৰকাল হোৱাৰ লগে লগে ৰাইজৰ মাজত শাৰদীয় দুগোৎসৱৰ আনন্দ দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাটো । কাৰণ যোৰহাট জিলাতো আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে পূজা মণ্ডপসমূহ ।

মূলত ৰাইজক আকৰ্ষিত কৰিবৰ বাবে জিলাখনৰ বিভিন্ন স্থানৰ পূজা সমিতিবোৰে ন ন বিষয়বস্তুৰে আটকধুনীয়া পূজা মণ্ডপসমূহ সাজি উলিয়াইছে । এক কথাত ক'বলৈ গ'লে যেন অঘোষিত প্ৰতিযোগিতাতহে অৱতীৰ্ণ হৈছে পূজা সমিতিবোৰ ।

এইবাৰ যোৰহাট লিচুবাৰী দুৰ্গাপূজাই উদযাপন কৰিছে সোণালী জয়ন্তী বৰ্ষ । এই সোণালী জয়ন্তীৰ বিশেষ স্মৃতি হিচাপে এইবাৰ লিচুবাৰী সাৰ্বজনীন দুৰ্গাপূজা সমিতিয়ে এইবাৰ 'Disneyland'ৰ আৰ্হিত পূজা মণ্ডপ সাজু কৰি তুলিছে । আমেৰিকাৰ কেলিফ'ৰ্ণিয়াস্থিত 'Disneyland park'ৰ এই আৰ্হি বিশেষকৈ শিশুসকলক লক্ষ্য কৰি সাজি উলিওৱা হৈছে ।

কিন্তু এতিয়া কেৱল শিশুৱেই নহয়, সকলোৰে বাবে এই লিচুবাৰী দুৰ্গাপূজাৰ ডিজনীলেণ্ড মণ্ডপ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

আনহাতে, লিচুবাৰী সাৰ্বজনীন পূজা সমিতিয়ে দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি চাফাই অভিযান, চকু, স্বাস্থ্য পৰীক্ষা শিবিৰ আদি বিভিন্ন সামাজিক কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।

উল্লেখ্য যে শাৰদীয় দুৰ্গাপূজা উপলক্ষে যোৰহাট যান-বাহন আৰক্ষীয়ে বাহন চলাচলৰ বাবে পথ নিৰ্দেশনা আৰু সময়সীমা প্ৰদান কৰি জাৰি কৰিছে নিৰ্দেশনা ।

এইবাৰ যোৰহাটত এশৰো অধিক পূজা সমিতিত দুৰ্গাপূজা অনুষ্ঠিত হৈছে । তাৰে ভিতৰত যোৰহাট টাউন ৰে'লৱে ষ্টেচনৰ অক্ষৰধাম মন্দিৰৰ আৰ্হিত নিৰ্মিত পূজা মণ্ডপ আৰু লিচুবাৰীৰ 'Disneyland' আৰ্হিৰ পূজা মণ্ডপ হৈছে জিলাখনৰ অন্যতম আকৰ্ষণীয় পূজা মণ্ডপ ।

লগতে পঢ়ক :পূজা মণ্ডপত গৰ্ভৱতী নাৰীৰ সৌন্দৰ্য
লগতে পঢ়ক :নগাঁৱত আইফেল টাৱাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.