ETV Bharat / state

বৰপেটা সমষ্টিটো কংগ্ৰেছে চি পি আই এমক এৰি দিয়াক লৈ দিল্লীত অব্যাহত আছে চৰ্চা- জীতেন্দ্ৰ সিং - Lok Sabha Election 2024

Lok Sabha Election 2024 : বৰপেটা সমষ্টিটো চি পি আই এমক এৰি দিয়াৰ বাবে কংগ্ৰেছক চি পি আই এমৰ নেতৃত্বই আহ্বান কৰা বিষয়টো এতিয়াও আলোচনাধীন হৈ আছে ৷ এই মন্তব্য জীতেন্দ্ৰ সিঙৰ ৷

Lok Sabha Election 2024
বৰপেটা সমষ্টিটো কংগ্ৰেছে চি পি আই এমক এৰি দিয়াক লৈ দিল্লীত অব্যাহত আছে চৰ্চা- জীতেন্দ্ৰ সিং
author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 10:22 PM IST

বৰপেটা সমষ্টিটো কংগ্ৰেছে চি পি আই এমক এৰি দিয়াক লৈ দিল্লীত অব্যাহত আছে চৰ্চা- জীতেন্দ্ৰ সিং

গুৱাহাটী, ২০ মাৰ্চ: ৰাজ্যত নিৰ্বাচনৰ বতৰ ৷ বৰপেটা সমষ্টিটো চি পি আই এমক এৰি দিয়াৰ বাবে কংগ্ৰেছক চি পি আই এমৰ নেতৃত্বই আহ্বান কৰা বিষয়টো এতিয়াও আলোচনাধীন হৈ আছে বুলি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে বুধবাৰে সদৰী কৰে। গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত এক সংবাদমেলত তেওঁ এই কথা সদৰী কৰে সিঙে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, বৰপেটা সমষ্টিটো চি পি আই এমক এৰি দিয়াৰ বাবে কংগ্ৰেছক চি পি আই এমৰ নেতৃত্বই আহ্বান জনাইছিল । বৰপেটাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অৰ্থাৎ অগপৰ প্ৰাৰ্থীক পৰাজিত কৰাৰ বাবে বিৰোধী ঐক্য হোৱাটো প্ৰয়োজন যাতে বিৰোধী ভোট বিভাজন নহয় বুলি বাওঁ দলটোৱে কংগ্ৰেছক আহ্বান কৰিছিল ।

মন কৰিবলগীয়া যে ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিটো চি পি আই এমক এৰি দিয়াৰ বাবে কংগ্ৰেছৰ প্ৰতি ৰাজ্যৰ ভালেসংখ্যক গণতান্ত্রিক মনোভাবাপন্ন আৰু স্বাধীন চিন্তাৰ বিশিষ্ট চিন্তাবিদ, লেখক, সাহিত্যিক, শিক্ষাবিদ আৰু বুদ্ধিজীৱীয়ে আহ্বান জনাইছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক সম্বোধন কৰি তেওঁলোকে এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে ৷

কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই বৰপেটাত কংগ্ৰেছৰ দ্বীপ বায়নক প্ৰাৰ্থিত্ব দিছে । দ্বীপ বায়ন‌ অসমৰ কংগ্ৰেছৰ সেৱা দলৰ‌ সভাপতি । ইপিনে বৰপেটাত চি পি আই এমৰ‌ মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব দিছে ৷

এই সন্দৰ্ভত সিঙে কয়-বৰপেটা আসনৰ বাবে আলোচনা চলি আছে । প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ লগত আলোচনা কৰা‌ হয় ।‌ দিল্লীত পিচত আলোচনা কৰা হয় । কিন্তু বৰ্তমান বিষয়টো এতিয়াও দিল্লীতো আলোচনা কৰি আছে। বিষয়টো নিশ্চিয় সমাধান হ'ব ।

এই ক্ষেত্ৰত নিশ্চয় আমি সহমত আহিব পাৰিম। কাৰণ‌ মনোনয়ন দাখিল‌ কৰাৰ‌ সময়লৈ বহু দিন‌ আছে বুলি মত প্ৰকাশ কৰে সিঙে ।

লগতে পঢ়ক: বিজেপি ত্যাগৰ এদিন পিচতে কংগ্ৰেছত যোগদান প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.