হাফলং, 19 আগষ্ট : এইবাৰ আকৌ পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত আন্দোলন আৰম্ভ কৰিছে ডিমাছা ষ্টুডেন্টছ ইউনিয়নে । ইতিমধ্যে ছাত্ৰ সংগঠনটোৱে ঘোষণা কৰিছে যে পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা পৰিষদীয় সমষ্টিত তেওঁলোকে আন্দোলন তীব্ৰতৰ কৰি তুলিব আৰু ডিমা হাছাও জিলাৰ প্ৰতিখন গাঁৱৰ গাঁও প্ৰধানৰ স্বাক্ষৰ গ্ৰহণ কৰা হ’ব ।
দেওবাৰৰ পৰা ডিমাছা ষ্টুডেন্টছ ইউনিয়নে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ওয়াজাৱ সমষ্টিৰ প্ৰত্যন্ত খেপৰে বজাৰত 28 খন গাঁৱৰ গ্ৰাম প্ৰধান আৰু গাঁৱৰ বাসিন্দাসকলক লগত লৈ পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই আন্দোলনৰ নাম দিয়ে পিপলচ মুভমেণ্ট ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ডিমাছা ষ্টুডেন্টছ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙে ।
লগতে পঢ়ক : স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত ডিমাছা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - DSU Protest
তেওঁ কয়, ‘‘সুদীৰ্ঘ 30-35 বছৰৰ পৰা ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাৰ ৰাইজৰ পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ স্বপ্ন বাস্তবায়িত হোৱা নাই । বহু চৰকাৰ আহিল ৷ নিৰ্বাচন আহিলে নেতাসকলে পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ দাবী পূৰণৰ প্ৰতিশ্ৰুতি দিলে, কিন্তু আজিলৈকে ইয়াৰ সফল ৰূপায়ণ হোৱা নাই ৷’’
চেংয়ুঙে লগতে কয়, ‘‘প্ৰথমতে 8 আগষ্ট হাফলং জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিছো পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ ইছ্যু লৈ । এতিয়া আমি এই আন্দোলন তীব্ৰতৰ কৰি তোলাৰ বাবে গাঁৱে গাঁৱে যোৱাৰ প্ৰচেষ্টা লৈছোঁ ।’’
লগতে পঢ়ক : পাহাৰীয়া জিলাক স্বায়ত্তশাসিত ৰাজ্য ঘোষণা ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ - Autonomous State demand
তেওঁ লগতে দাবী কৰে, ‘‘পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠন কৰিবলৈ এতিয়া বেছি দূৰ নাই ৷ আমাৰ এই স্বপ্ন বাস্তবায়িত হোৱাৰ সময় আহিছে ।’’ সেয়ে প্ৰমিত চেংয়ুঙে ডিমা হাছাও জিলাৰ সকলো ৰাইজক এই আন্দোলনত একলগ হোৱাৰ বাবে আহ্বান জনায় ৷
তেওঁ কয়, ‘‘এই আন্দোলন ডিমাছা, মাৰ কুকি, জেমি, নগা বেইতে জনগোষ্ঠীৰ মাজত নহয়; এই আন্দোলন সকলো জাতি জনগোষ্ঠীৰ বাবে । আমি সকলোয়ে মিলি এই আন্দোলন তীব্ৰ কৰি তুলিলে পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ দাবী পূৰণ হ’ব । পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠন হ’লেই আমাৰ সকলো সমস্যাৰ সমাধান হ’ব ৷’’
লগতে পঢ়ক : স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত জোৰদাৰ আন্দোলন অব্যাহত থাকিব : এ এছ ডি চি - ASDC Foundation Day