ETV Bharat / state

জৰাজীৰ্ণ বাঁহৰ দলঙেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা - Poor Transportation System

Bamboo Bridge: এখন জৰাজীৰ্ণ বাঁহৰ দলঙক সাৰথি কৰি বিপদসংকুল যাত্ৰা ডুমডুমা বিধানসভা সমষ্টিৰ তালাপ বাগান গাঁৱৰ ৰাইজৰ । জৰাজীৰ্ণ বাঁহৰ দলঙখনেৰে পাৰ হ’বলৈ চেষ্টা কৰা সময়ত দলঙৰ পৰা পৰি আহত হ’বলগীয়া হৈছে বহুজন ৷ কাণসাৰ নাই স্থানীয় বিজেপি বিধায়ক ৰূপেশ গোৱালাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 1:54 PM IST

Bamboo Bridge
জৰাজীৰ্ণ বাঁহৰ দলঙেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা (ETV Bharat Assam)

তিনিচুকীয়া, ২৫ জুলাই: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ তালাপ বাগান গাঁৱৰ ৰাইজৰ দুৰ্দশা । এখন জৰাজীৰ্ণ বাঁহৰ দলঙক সাৰথি কৰি বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে গাঁওবাসীয়ে । প্ৰায় ১০০-১৫০ ঘৰ মানুহ বসবাস কৰা গাঁওখনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বহুত । গাঁৱৰ মাজেৰে বৈ যোৱা এটা জানৰ ওপৰত ৰাইজে নিজে গাঁঠিৰ ধন ভাঙি দলং নিৰ্মাণ কৰি ল’বলগীয়া হয় । জৰাজীৰ্ণ বাঁহৰ দলঙখনেৰে যাতায়তৰ ক্ষেত্ৰত স্থানীয় লোক বহু সমস্যাৰ সৃষ্টি সন্মুখীন হৈছে ।

লগতে পঢ়ক: ভোট লৈ জয়ী হোৱাৰ পিচত প্ৰতিনিধিয়ে পাহৰে প্ৰতিশ্ৰুতিসমূহ

বিশেষকৈ ৰোগীক কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷ এই বাঁহৰ দলঙখনেৰে পাৰ হ’ব নোৱাৰাৰ বাবে গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে এম্বুলেন্স ৷ ফলত ৰোগীক ঠেলাৰে কঢ়িয়াই আনিবলগীয়া হয় গাঁঁওবাসী ৷ তদুপৰি জৰাজীৰ্ণ বাঁহৰ দলঙখনত বহুবাৰ বহুজন দুৰ্ঘটনাতো পতিত হৈছে ৷ কেইবাবো অঞ্চলটোৰ লোকে বাইকেৰে দলঙখন পাৰ হ’বলৈ চেষ্টা কৰা সময়ত দলঙৰ পৰা পৰি আহত হ’বলগীয়া হৈছে ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েও সদায় বিপদসংকুলভাৱে এই বাঁহৰ দলঙখনেৰে যাতায়ত কৰিবলৈ বাধ্য হৈছে ৷

লগতে পঢ়ক: Bamboo Bridge collapse : শীঘ্ৰে পকী দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ চিলাপথাৰবাসী ৰাইজৰ

স্থানীয় বিধায়ক ৰূপেশ গোৱালাক গাঁওবাসীয়ে এখন দলং বনোৱাৰ বাবে কেইবাবাৰো আহ্বান জনোৱাৰ পাচতো আজি পৰ্যন্ত ৰাইজে সুফল নাপালে । ৰাইজৰ অভিযোগ, বিধায়ক ৰূপেশ গোৱালা অকল নিৰ্বাচন আহিলে ভোট খুজিবলৈ আহে, বাকী সময়চোৱাত গাঁওবাসীৰ অসুবিধাসমূহৰ কোনো গুৰুত্ব দিয়া দেখা নগ’ল । বছৰৰ পাছত বছৰ পাৰ হ’ল কিন্তু ডুমডুমাৰ বিধায়কজনে এখন দলঙৰ অনুমোদন প্ৰদান কৰিবলৈ সক্ষম নহ‘ল । এয়াই ডুমডুমা উন্নয়ন প্ৰকৃত ছবি ।

লগতে পঢ়ক: Bamboo bridge collapse: বাঁহৰ দলং ভাঙি বিদ্যালয়ৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.