ETV Bharat / state

দীঘলীপুখুৰী উৰণ সেতু বিতৰ্ক; চৰকাৰক পুনৰ সকীয়নি জুবিন গাৰ্গৰ - DIGHALIPUKHURI FLYOVER CONTROVERSY

Zubeen Garg: দীঘলীপুখুৰীৰ গছ কটা প্ৰসংগত এইবাৰ জুবিন গাৰ্গৰ হুংকাৰ । গছ নাকাটিবলৈ চৰকাৰক সকীয়নি শিল্পীগৰাকীৰ ।

Zubeen Garg
চৰকাৰক পুনৰ সকীয়নি জুবিন গাৰ্গৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 1:53 PM IST

গুৱাহাটী : উৰণ সেতু নিৰ্মাণৰ বাবে গুৱাহাটীৰ দীঘলীপুখুৰীৰ গছ কটা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । বিভিন্ন দল-সংগঠনে চৰকাৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই আহিছে । গুৱাহাটীৰ সাধাৰণ নাগৰিক তথা জ্যেষ্ঠ নাগৰিকসকলেও চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

ইয়াৰ মাজতে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ হুংকাৰ, "চৰকাৰে এই কাম কৰিব নোৱাৰে । মই প্ৰতিবাদ নকৰো, কথা কওঁ । মোৰ কথা শুনিব লাগিব, যদি নুশুনে মই জেং কৰিম ।" নিশা দীঘলীপুখুৰীত উপস্থিত হৈ এই মন্তব্য কৰে জুবিন গাৰ্গে ।

চৰকাৰক পুনৰ সকীয়নি জুবিন গাৰ্গৰ (ETV Bharat)

প্ৰতিবাদস্থলীত জুবিন গাৰ্গ

উৰণ সেতু নিৰ্মাণৰ বাবে দীঘলীপুখুৰী ধ্বংস কৰাৰ চৰকাৰৰ পৰিকল্পনাৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । ইফালে বিভিন্ন সংগঠনেও ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ মাজতে শনিবাৰে নিশা একাংশ শিল্পী তথা সংগঠনৰ সদস্যৰ সৈতে জুবিন গাৰ্গ দীঘলীপুখুৰীত উপস্থিত হয় আৰু প্ৰতিবাদত অংশগ্ৰহণ কৰে । গীতে-মাতে প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে ।

চৰকাৰক সকীয়নি

তেওঁ ক্ষোভ প্ৰকাশ কৰি কয়, ‘‘দীঘলীপুখুৰীটো বন্ধ কৰি দিলে হ'ল আৰু পুখুৰীটো পুতি দিলে হ'ল । তাত ফ্লাইঅভাৰ ৫ খন মান নিৰ্মাণ কৰি দিব পাৰে একো নাই । এনেকুৱা কৰিব পাৰিব জানো ?"

লগতে পঢ়ক : ওৰে নিশা দীঘলীপুখুৰীৰ পাৰৰ গছক পহৰা দিলে কটনিয়ানে; কোনো কাৰণতেই নিদিয়ে কাটিবলৈ

দীঘলীপুখুৰীৰ সৌন্দৰ্য সন্দৰ্ভত তেওঁ কয়, "দীঘলীপুখুৰীৰ যদি গছবোৰ কাটি দিয়ে তেন্তে সেই সৌন্দৰ্যটো পুনৰ ঘূৰাই পাব নে ? সেয়া কংগ্ৰেছ চৰকাৰে হওঁক বা বিজেপি চৰকাৰে হওঁক । মই কাকো খাতিৰ নকৰো । চৰকাৰৰ যি মন যায় তাকে কৰি থাকিলে নহ'ব নহয় । মুখ্যমন্ত্ৰীয়ে হওঁক বা প্ৰধানমন্ত্ৰী নহওঁক কিয়, মই সদায় আছো । মই গছ ৰক্ষা কৰি আছো । আমাৰ গোটেই ফেন ক্লাৱে প্ৰতি বছৰে ৫ হাজাৰ গছ ৰোপণ কৰি আছো ।’’

গছ পুলি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়াৰ চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত জুবিন গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "সেয়া কৰিলে কি হ'ব ? কোনে চাব সেইবোৰ । য'ত গছ লাগে তাত গছ কাটি আছে, য'ত গছ নালাগে তাত গছ ৰুই আছে । ফ্রী চাউল দি আছে । আমি ভিক্ষাৰী নহয় । আমাৰ মাটি আছে, আমাৰ গছ আছে, আমাৰ নদী আছে, আমাৰ সকলো আছে ।"

চৰকাৰক প্ৰত্যাহ্বান জনাই জুবিন গাৰ্গে লগতে কয়, "মই প্ৰতিবাদ নকৰো, মই কেৱল কথা কওঁ, মোৰ কথা শুনিব লাগিব, যদি নুশুনে মই জেং কৰিম । গছ বহুত কাটিছে, কিছুমান ঠাইত গছ কাটিছে ৰাস্তা নিৰ্মাণৰ বাবে । কিন্তু তাৰ বহু বিকল্প আছে । গছ কাটিলে কেনেকৈ চৰাই আহিব, গছ নাথাকিলে উৰণ সেতুত চৰাই নাহে ।"

লগতে পঢ়ক : বিকল্পৰ সন্ধান মুখ্যমন্ত্ৰীৰ; দীঘলীপুখুৰীৰ পাৰৰ গছবোৰ নাকাটাকৈ উৰণ সেতু নিৰ্মাণৰ চিন্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.