ETV Bharat / state

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে নগাঁৱত দল-সংগঠনৰ প্ৰতিবাদ - PROTEST AGAINST SMART METER

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 7:51 PM IST

Protest against APDCL: অসম শক্তি বিতৰণ নিগমে সংযোগ কৰা স্মাৰ্ট মিটাৰে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ গ্ৰাহকক । সেয়ে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে ৰাজ্যবাসীক ৷ স্মাৰ্ট মিটাৰ কোনো কাৰণতে গ্ৰহণ কৰা নহ’ব বুলি নগাঁৱত প্ৰতিবাদ সচেতন নাগৰিকৰ ৷

DIFFERENT ORGANISATIONS hold protest in NAGAON against smart meter implementation
নগাঁৱত প্ৰতিবাদ (ETV Bharat Assam)

কলিয়াবৰ/বঢ়মপুৰ, 21 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত শক্তি বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ আজি নগাঁও জিলাৰ কলিয়াবৰ আৰু কামপুৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ ।

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে নগাঁৱত দল-সংগঠনৰ প্ৰতিবাদ (ETV Bharat Assam)

কলিয়াবৰত প্ৰতিবাদ

কলিয়াবৰত স্মাৰ্ট মিটাৰ তথা অসম শক্তি বিতৰণ কোম্পানীৰ বিৰুদ্ধে সোচ্চাৰ হ’ল মহিলা । স্মাৰ্ট মিটাৰৰ সলনি পুৰণি মিটাৰকে বাহাল ৰাখিবলৈ ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীক দাবী জনায় প্ৰতিবাদী মহিলাসকলে ।

প্ৰতিবাদী মহিলাসকলে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয়, "পুৰণি মিটাৰ মতে বিলখন অহাৰ পাচত পৰিয়ালটোৱে 20 দিন সময় পায় । সাধাৰণ পৰিয়াল এটাই সেই সময়খিনিৰ ভিতৰতে পৰিশোধ কৰিবলগীয়া টকাখিনি যোগাৰ কৰিব পাৰে । কিন্তু এতিয়া স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ লগে লগে স্মাৰ্ট ফোনো অত্যাৱশকীয় হৈ পৰিল । মুঠতে ই এটা খৰচী কাৰবাৰ । কলিয়াবৰৰ ভালেমান গাঁৱত স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পাছত জ্বলা-কলা খাইছে সৰ্বসাধাৰণ লোকে ।"

প্ৰতিবাদী মহিলাসকলে কলিয়াবৰত স্মাৰ্ট মিটাৰ সংযোগ নকৰিবলৈ অসম শক্তি বিতৰণ নিগমৰ কাৰ্যালয়ত লিখিত আবেদন জনায় । আনহাতে, কলিয়াবৰৰ অসম শক্তি বিতৰণ নিগমৰ প্ৰৱন্ধকৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদী মহিলাসকলে বিভাগীয় বিষয়াবৰ্গক তেওঁলোকৰ ঘৰত স্মাৰ্ট মিটাৰ কোনোপধ্যেই সংযোগ কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট ভাষাৰে জনায় ।

কামপুৰত প্ৰতিবাদ

সমান্তৰালভাৱে, কামপুৰতো প্ৰতিবাদ সাব্যস্ত কৰে সচেতন ৰাইজে । কোনো কাৰণত স্মাৰ্ট মিটাৰ মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰি কামপুৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজে । প্ৰতিবাদকাৰীয়ে বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

প্ৰতিবাদকাৰীয়ে ‘অসম চৰকাৰ হায় হায়,’ ‘স্মাৰ্ট মিটাৰৰ বন্ধ কৰক', আদি শ্ল'গানেৰে উত্তাল কৰি তোলে বিদ্যুৎ বিভাগৰ কাৰ্যালয় ।

ইপিনে, প্ৰতিবাদস্থলীত মোতায়ন কৰা হয় আৰক্ষী, অৰ্ধ সামৰিক বাহিনী । প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে আৰক্ষীয়ে । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিভাগীয় বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ: চৰকাৰক সমালোচনা আমছুৰ কেন্দ্ৰীয় সভাপতিৰ - AAMSU Protest

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ: মুখ্যমন্ত্ৰীক কটাক্ষ কেইবাটাও সংগঠনৰ - Protest against smart meter

স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলৰ আতিশয্য : টীয়কত ৰাইজৰ প্ৰতিবাদ - Protest in Teok

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.