ETV Bharat / state

ৰাজ্যৰ প্ৰথমখন পৌৰসভা পৌৰ নিগমলৈ উন্নীত: ডিব্ৰুগড়ত আনন্দৰ জোৱাৰ - Dibrugarh City

Dibrugarh Municipal Corporation: ৰাজ্যৰ প্ৰথমখন পৌৰসভাক উন্নীত কৰা হ’ল পৌৰ নিগমলৈ ৷ বুধবাৰে এই ঐতিহাসিক ঘোষণা কৰে বিভাগীয় মন্ত্ৰী অশোক সিংহলে ৷

Dibrugarh Municipal Corporation
ৰাজ্যৰ প্ৰথমখন পৌৰসভা পৌৰ নিগমলৈ উন্নীত
author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 10:44 PM IST

ৰাজ্যৰ প্ৰথমখন পৌৰসভা পৌৰ নিগমলৈ উন্নীত

ডিব্ৰুগড়, 6 মাৰ্চ: বুধবাৰৰ দিনটো ডিব্ৰুগড়বাসীৰ বাবে হৈ ৰ’ল এক ঐতিহাসিক দিন । আজিৰ দিনটোতে ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰা হ’ল পৌৰ নিগমলৈ ৷ ১৮৭৩ চনতে গঠন হোৱা ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগম হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যৰ অতি পুৰণি অৰ্থাৎ 150 বছৰ অতিক্ৰম কৰা পৌৰসভাখনক পৌৰ নিগম হিচাপে ঘোষণা কৰাৰ পিচতে ডিব্ৰুগড়ত এক আৱতৰীয়া দীপাৱলীৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে ডিব্ৰুগড় পৌৰসভাৰ কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত এখন সভাৰ পিচতে সম্বোধন কৰা এক সংবাদমেলৰ জৰিয়তে এই ঘোষণা কৰে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে ।

আনহাতে ডিব্ৰুগড়ৰ পৌৰপতিৰ পৰা মেয়ৰলৈ উন্নীত হোৱাৰ পিচতে ডাঃ চৈকত পাত্ৰই নিজৰ মনৰ অনুভৱ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ ডাঃ চৈকত পাত্ৰই কয় যে আগন্তুক দিনত ডিব্ৰুগড় চহৰখনৰ জনসাধাৰণৰ বাবে তেওঁ কাম কৰি যাব ৷ ইয়াৰোপৰি চহৰখন উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথাও তেওঁ উল্লেখ কৰে ।

উল্লেখযোগ্য যে বুধবাৰে ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰা পিচতেই ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হ’ব ডিব্ৰুগড় ৷ ইয়াৰ পূৰ্বে অসমত কেৱল গুৱাহাটীহে পৌৰ নিগমৰ অধীনত আছিল ৷ বুধবাৰে ডিব্ৰুগড়ক পৌৰ নিগমলৈ উন্নীত কৰাৰ পিচত আগন্তুক তিন অথবা চাৰিদিনৰ ভিতৰত বৰ্তমানৰ পৌৰপতি আৰু ৱাৰ্ড কমিচনাৰসকলক ক্ৰমে মেয়ৰ আৰু কাউন্সিলাৰৰ মৰ্যাদা দিয়াৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী অশোক সিংহলে ৷

বুধবাৰৰ অনুষ্ঠানটোত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ লগতে দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

লগতে পঢ়ক: খালিস্তানী নেতা অমৃতপালৰ সহযোগী কুলৱন্ত সিং অসুস্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.