ETV Bharat / state

পূজা মণ্ডপত গৰ্ভৱতী নাৰীৰ সৌন্দৰ্য

Dibrugarh Durga puja : মহিষমৰ্দিনীক আৰাধনা কৰিবলৈ সকলো সাজু । আকৰ্ষণীয় ৰূপত সজোৱা হৈছে পৃজাৰ মণ্ডপসমূহ ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Dibrugarh Durga puja
ব্যতিক্ৰমী পূজা মণ্ডপ (ETV Bharat Assam)

মৰাণ, ৯ অক্টোবৰ : মৰ্ত্য়লৈ নামি অহা দুৰ্গা দেৱীক পূজা অৰ্চনা কৰিবলৈ সকলো সাজু হৈছে । লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যতিক্ৰমী পূজা মণ্ডপেৰে ভক্তৰ দৃষ্টি আকৰ্ষণৰো প্ৰচেষ্টা চলাইছে পূজা কমিটীসমূহে । ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড় চহৰ । ৰাজ্যৰ দ্বিতীয় মহানগৰ হিচাপে পৰিচিত ডিব্ৰুগড় চহৰটো প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে আয়োজকসকলে ।

ডিব্ৰুগড়ত অৰ্ধশতাধিক পূজা অনুষ্ঠিত হৈছে যদি প্ৰায়সমূহ পূজা সমিতিয়েই এইবাৰ পৰিৱেশ অনুকূল সজাগতাৰে নিৰ্মাণ কৰিছে পুজা মণ্ডপসমূহ । বাঁহ-বেত, নাৰিকলৰ বাকলি, অমিতা গছৰ ছাল, খেজুৰ গছৰ ছালৰ লগতে ভিন্ন ঘাঁহ-বন আৰু গছৰ পাতেৰে নিৰ্মাণ হৈছে ডিব্ৰুগড়ৰ কেইখনমান পূজা মণ্ডপ । গৰ্ভধাৰণৰ প্ৰক্ৰিয়াক লৈ নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ । আটকধুনীয়া পূজা মণ্ডপ নিৰ্মাণ কৰিবলৈ গৈ যাতে প্ৰাকৃতিক পৰিবেশ বিনষ্ট নহয় তাৰবাবে গুৰুত্ব প্ৰদান কৰিছে পূজা সমিতি সমূহে । ডিব্ৰুগড়ত পূজা মণ্ডপ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা হৈছে যদিও প্ৰতিটো মণ্ডপে সামাজিক বাৰ্তা দিবলৈ চেষ্টা কৰিছে ।

পূজা মণ্ডপত গৰ্ভৱতী নাৰীৰ সৌন্দৰ্য (ETV Bharat Assam)

গৰ্ভৱতী মাতৃক লৈ নিৰ্মাণ পূজা মণ্ডপ:

এগৰাকী মাতৃয়ে ৯ মাহ ১০ দিন কষ্টৰে গৰ্ভধাৰণ কৰি সন্তানক চিনাকি কৰাই পৃথিৱীখনক । এই সমগ্ৰ পৰিক্ৰমা উপস্থাপন কৰা হৈছে চহৰখনৰ শান্তিপাৰা সুভাষ পল্লীৰ মণ্ডপত । ৯ মাহৰ মাতৃগৰ্ভৰ সমস্ত প্ৰক্ৰিয়াক বিষয়বস্তু হিচাপে লৈ ইয়াৰ সৌন্দৰ্য বৰ্ণনা কৰা হৈছে । পৰাপক্ষত প্ৰাকৃতিক উপাদান ব‍্যৱহাৰেৰে সমস্ত মণ্ডপটো সজাই প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰো বাৰ্তা দিয়াৰ চেষ্টা কৰিছে উদ্যোক্তাসকলে ।

জালুকপাৰাৰ বনদেৱী পূজা মণ্ডপ:

ডিব্ৰুগড়ৰ জালুকপাৰাত আকৰ্ষণীয়ভাৱে নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ । নাৰিকলৰ বাকলি, অমিতা গছৰ ছাল, খেজুৰ গছৰ ছাল, ভিতৰ ভাগত দেখিবলৈ ধানৰ দৰে জবৰ ঠোকবোৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে মণ্ডপ । ভিন্ন প্ৰজাতিৰ ঘাঁহ-বন আৰু আলোকসজ্জ্বাৰে মোহিত কৰিছে সকলোকে । জালুকপাৰাৰ পূজাভাগক নামাকৰণ কৰা হৈছে 'বনদেৱী' ।

চৰাই বাহৰ আৰ্হিত পূজা মণ্ডপ:

প্ৰতিবছৰৰ দৰে এইবাৰো ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰা হৈছে নতুন বজাৰৰ পূজা মণ্ডপ । এইবাৰ নতুন বজাৰ পূজা মণ্ডপৰ আৰ্হিটো হৈছে চৰাইৰ বাহ । য'ত ব্যৱহাৰ কৰা হৈছে বাহ, গছৰ ডাল, টকৌ পাত আৰু প্লাইউড । দেৱীৰ প্ৰতিমাভাগো নিৰ্মাণ কৰিছে চৰাইৰ বাহৰ ওপৰত ।

চহা নিভাজ গাঁৱৰ পৰিৱেশ পূজা মণ্ডপত

মিত্ৰসংঘ পূজা মণ্ডপো বাঁহ আৰু কাঠৰ সামগ্ৰীৰে ৰূপ দিছে গাঁৱৰ তাহানিৰ খেৰৰ ঘৰৰবোৰৰ । পুৰণি ঘৰবোৰত গোবৰ মাটিৰে বেৰবোৰত যেনেকৈ বিভিন্ন পৰম্পৰাগত চিত্ৰ অংকিত হৈ আছিল তেনে ৰূপ দি মিত্ৰসংঘৰ পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে ।

প্ৰাকৃতিক উপাদানেৰে নিৰ্মাণ মাৰোৱাৰীপট্টীৰ মণ্ডপ:

এইবাৰ সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে নিৰ্মাণ কৰা হৈছে মাৰোৱাৰীপট্টীৰ পূজা মণ্ডপ । ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টীৰ পূজা মণ্ডপ সজাইছে চেগুণ গছৰ শুকান পাত, বেলৰ বাকলি, ঝাও বনেৰে । দেৱীৰ প্ৰতিমাভাগো আশী বছৰে পৰম্পৰা অনুযায়ী একেগৰাকী মৃন্ময় শিল্পীৰ পৰিয়ালে নিৰ্মাণ কৰিছে । থিক তেনেদৰে দেৱীৰ অলংকাৰ প্ৰস্তুত কৰিছে মাৰোৱাৰীপট্টীৰ মহিলা সকলে ।

লগতে পঢ়ক:আধ্যাত্মিকতাক এতিয়াও ধৰি ৰাখিছে বকুলৰ দুৰ্গা পূজা কমিটীয়ে

নগাঁৱত আইফেল টাৱাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.