ETV Bharat / state

অন্ধ্ৰপ্ৰদেশলৈ গৈ নিৰুদ্দেশ, স্বামীক বিচাৰি হাহাকাৰ বৃদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 9:54 PM IST

Elderly man goes missing: ধেমাজিৰ চিলাপথাৰৰ পৰা ৬২ বছৰীয়া এগৰাকী লোকে কামৰ সন্ধানত অন্ধ্ৰপ্ৰদেশলৈ গৈছিল । ৰে'লত গৈ থকা অৱস্থাতে সন্ধানহীন লোকজন । পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা ।

Elderly man goes missing
অন্ধ্ৰপ্ৰদেশলৈ গৈ নিৰুদ্দেশ, স্বামীক বিচাৰি হাহাকাৰ বৃদ্ধাৰ

অন্ধ্ৰপ্ৰদেশলৈ গৈ নিৰুদ্দেশ, স্বামীক বিচাৰি হাহাকাৰ বৃদ্ধাৰ

জোনাই, ২৫ ফেব্ৰুৱাৰী : বহিঃৰাজ্যত কৰ্মৰ সন্ধানত ওলাই গৈ যোৱা ৩ দিন ধৰি সন্ধানহীন হৈ আছে চিলাপথাৰৰ চেঙাজান মিচিং গাঁৱৰ গোলাপ টায়েং নামৰ এগৰাকী বৃদ্ধ । স্বামীক বিচাৰি হাহাকাৰ ৬০ বছৰীয়া বৃদ্ধাৰ । লোকজনৰ উলিওৱাৰ ক্ষেত্ৰত আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ পৰিয়াল তথা স্থানীয় লোকৰ ।

জানিব পৰা মতে দৰিদ্ৰ পৰিয়ালটোক আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ লক্ষ্যৰে ঘৰৰ মুৰব্বী ৬২ বছৰীয়া গোলাপ টায়েঙে যোৱা ২০ ফেব্ৰুৱাৰীত অন্ধ্ৰপ্ৰদেশলৈ বুলি ৰাওনা হৈছিল । কিন্তু হঠাৎ ২২ ফেব্ৰুৱাৰীত তেওঁৰ সৈতে যোৱা এজনে ঘৰত ফোন কৰি নিৰুদ্দেশৰ খবৰ দিয়ে । লগে লগে গোলাপ টায়েঙৰ ঘৰত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । খবৰ অনুসৰি অন্ধ্ৰপ্ৰদেশৰ বিজয়া নগৰ ৰে'ল ষ্টেচনত শৌচালয়ত যোৱাৰে পৰা নিৰুদ্দেশ হৈ আছে গোলাপ টায়েং ।

স্বামীৰ হঠাৎ নিৰুদ্দেশৰ খবৰ শুনি কান্দোনত ভাগি পৰিছে ৬০ বছৰীয়া বৃদ্ধাগৰাকী । স্বামীৰ পৰা আনন্দৰ খবৰ পাম বুলি অপেক্ষাত থকা পত্নীয়ে নিৰুদ্দেশৰ খবৰ পাই হতবাক হৈ পৰিছে ৷ ইফালে নিৰুদ্দেশ হোৱাৰ ৪ দিন হ'ল যদিও এতিয়ালৈ গোলাপ টায়েঙৰ কোনো শুংসূত্ৰ নাই । একপ্ৰকাৰ পৰিয়ালটোত এতিয়া অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

পৰিয়ালটোৱে চেঙাজান আৰক্ষী চকীত এই সন্দৰ্ভত এজাহাৰৰ বাবে যোগাযোগ কৰিছিল । কিন্তু আৰক্ষীৰ তৰফৰ পৰা কোনো সঁহাৰি নোপোৱাৰ অভিযোগ কৰিছে পৰিয়ালটোৱে । ইফালে কোনো লোকে যদি গোপাল টায়েঙৰ সম্ভেদ পাই লগে লগে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে । লক্ষণীয়ভাৱে এই ঘটনাৰ পিচত সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । গোলাপ টায়েং যাতে সোনকালে সুস্থ শৰীৰে ঘৰলৈ উভতি আহে তাৰ বাবে সকলো প্ৰাৰ্থনা কৰিছে ।

লগতে পঢ়ক :নুনমাটি থানা চৌহদত প্ৰচণ্ড মাৰপিট; ৰহস্যজনক স্থিতিত নুনমাটি আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.