ETV Bharat / state

এনকেফেলাইটিছ-ডেংগু-মেলেৰীয়া সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ স্বাস্থ্য বিভাগ - Assam dengue cases

Mosquito Borne Disease : ডেংগু-মেলেৰিয়াৰৰ প্ৰতি ধেমাজিত প্ৰশাসনৰ আগতীয়া সতৰ্কতা অভিযান ৷ স্পৰ্শকাতৰ গাঁৱত মহৰ উৎস ধ্বংস আৰু ধোঁৱা দিয়াৰ ব্যৱস্থা প্ৰশাসনৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 10:34 PM IST

MOSQUITO BORNE DISEASE ASSAM
প্ৰশাসনৰ আগতীয়া সতৰ্কতা অভিযান (Getty Images)

ধেমাজি, 8 জুন : প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা এনকেফেলাইটিচ , ডেংগু আৰু মেলেৰীয়াত আক্ৰান্ত হৈ বহুজনে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় ৷ বহুজনে এই ধৰণৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হয় ৷ সেয়েহে এই সময়ছোৱাত বৃদ্ধি পোৱা বেমাৰৰ বীজাণুক প্ৰতিৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ধেমাজি জিলা স্বাস্থ্য বিভাগ ৷

ডেংগু আৰু মেলেৰীয়া সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰতা (ETV BHARAT ASSAM)

ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ জিলা মেলেৰিয়া নিয়ন্ত্ৰণ বিভাগৰ মূৰৰ্বী ডাঃ কিশোৰ কামানে জানিবলৈ দিয়া অনুসৰি চলিত বছৰ গৰমৰ সময়ছোৱা মেলেৰীয়া, এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ বিশেষকৈ জিলাখনত এই বেমাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা অঞ্চলসমূহত তীক্ষ্ণ দৃষ্টি ৰাখিছে স্বাস্থ্য বিভাগে ৷ জুলাই মাহটো 'মেলেৰীয়া মাহ' হিচাপে পালন কৰাৰ উদ্দেশ্যে বিগত 5 জুলাইত 'মেলেৰীয়া মাহ' শুভাৰম্ভ কৰি জিলাখনৰ পৰা সম্পূৰ্ণৰূপে মেলেৰীয়া নিৰ্মূল কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে জিলা স্বাস্থ্য বিভাগে ৷

ধেমাজি স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি 2024 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা এতিয়লৈকে ধেমাজিত 1জন আৰু গোগামুখত 4 জন, মুঠ 5 জন বাহিৰৰ পৰা অহা মেলেৰীয়া আক্ৰান্ত ৰোগী ধৰা পৰাৰ লগতে জোনাইত 4টা, চিচিবৰগাঁৱত 6 জন, ধেমাজিত 1 জন, গোগামুখত 1 জন, মুঠ 12 জন এনকেফেলাইটিছত আক্ৰান্ত ৰোগী ধৰা পৰিছে ৷ ইয়াৰে এজন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ গুৱাহাটীৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ লগতে বাকীসকলে আৰোগ্য লাভ কৰা বুলি জানিবলৈ দিয়ে ডাঃ কিশোৰ কামানে ৷ জিলাখনত এতিয়ালৈকে 401 খন সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে 28 হাজাৰৰো অধিক আঠুৱা ইতিমধ্যে ঔষধিকৰণ কৰা হৈছে বুলি জনায় তেওঁ ৷ বৰ্তমান জিলাখনত আক্ৰান্ত হোৱা 12 খন গাঁও আৰু পূৰ্বে আক্ৰান্ত হোৱা গাঁও সমূহত ধোঁৱা দিয়া আৰম্ভ কৰা হৈছে বুলিও জানিবলৈ দিয়ে ডাঃ কামানে ৷

লগতে পঢ়ক : তিনিচুকীয়াত ডেংগু-মেলেৰিয়াৰ আগতীয়া সতৰ্কতা অভিযান - Assam dengue cases

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.