ETV Bharat / state

ঢকুৱাখনাৰ শিহৰণকাৰী হত্যাকাণ্ড : জানাজা নহ'ব জাহাংগীৰৰ - Dhakuakhana Murder case

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 5:53 PM IST

Dhakuakhana shocking murder: ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত জাহাংগীৰ হুছেইনক হত্যা কৰা বুলি আৰক্ষীয়ে উল্লেখ কৰিছে যদিও মৃতদেহৰ অৱশিষ্ট নোহোৱা বাবে সম্পন্ন কৰিব পৰা নাই জানাজা । লখিমপুৰতে এইকেইদিন বাহৰ পাতি থকা জাহাংগীৰৰ ভাতৃও হতাশ ।

Dhakuakhana shocking murder
জাহাংগীৰ হুছেইন হত্যাকাণ্ড (ETV BHARAT ASSAM)

লখিমপুৰ, ২৫ জুন: শুদা হাতে ঘৰলৈ উভতিল জাহাংগীৰৰ ভাতৃ জহিদুৰ । নাপালে জ্যেষ্ঠ ভাতৃৰ সন্ধান । জানাজাও নহ'ব সম্পন্ন । লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ শিহৰণকাৰী হত্যাকাণ্ডৰ বলি হোৱা জাহাংগীৰৰ ভাতৃ জহিদুৰে বিফল মনোৰথেৰে উভতিল ধুবুৰী জিলাৰ গৌৰীপুৰৰ ফলিমাৰি দুই নম্বৰ গাঁৱলৈ ।

বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈয়ে ৰচনা কৰা নাটকৰ পিচত ডি এন এ পৰীক্ষাৰ ফলাফলত জাহাংগীৰ হুছেইনকহে হত্যা কৰা বুলি প্ৰকাশ হয় যদিও জাহাংগীৰৰ পৰিয়ালে আজিও জানাজা সম্পন্ন কৰিব পৰা নাই । জাহাংগীৰৰ শৰীৰৰ অৱশিষ্ট নোহোৱা বাবে জানাজা সম্পন্ন কৰিব পৰা নাই । আৰক্ষীয়ে ছিন্নমুণ্ডটোৰ সন্ধান উলিয়াব পৰা নাই । আনহাতে, হত্যাকাণ্ডস্থলীত মৃতদেহৰ যি অৱশিষ্ট আছিল সেয়াও আৰক্ষীয়ে উদ্ধাৰ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে । জাহাংগীৰৰ শৰীৰৰ একো অংশ নোপোৱা বাবে পৰিয়ালটোৱে জানাজা সম্পন্ন কৰিব পৰা নাই । এই ঘটনাটোৰ পিচৰে পৰা লখিমপুৰতে আছিল জাহাংগীৰৰ ভাতৃ জহিদুৰ । তেওঁ জ্যেষ্ঠ ভাতৃৰ জীৱিত অথবা মৃত সন্ধানৰ অপেক্ষাত আছিল । কিন্তু সোমবাৰে তেওঁক আৰক্ষীয়ে যাবলৈ দিয়ে । যাৰ বাবে শুদা হাতে জহিদুৰ ঘৰলৈ উভতিবলগীয়া হয় ।

পত্নীসহ দুই কন্যা সন্তানৰ সংসাৰ আছিল জাহাংগীৰৰ । যোৱা এবছৰমানৰ পৰা জাহাংগীৰ আছিল সুনীলৰ ঠিকা কামৰ প্ৰধান ৰাজমিস্ত্ৰী । জাহাংগীৰ সুনীলৰ ঘৰৰ চৌহদতে এটা অস্থায়ী ঘৰত থাকি কাম কৰিছিল । আনহাতে, জাহাংগীৰ ভাতৃয়েও লখিমপুৰতে থাকি মিস্ত্রীৰ কাম কৰিছিল । আৰক্ষীয়ে ভাতৃৰ পৰাই ডি এন এ পৰীক্ষাৰ বাবে ৰক্ত সংগ্রহ কৰিছিল । সম্প্রতি এই ৰহস্যৰে আৱৰা ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত চলাইছে । কিন্তু আৰক্ষীয়ে মৃত বুলি কোৱাৰ পাছতো শৰীৰৰ অৱশিষ্ট নোহোৱাৰ বাবে জাহাংগীৰৰ জানাজা সম্পন্ন কৰিব পৰা নাই । কেতিয়াকৈ এই পৰিয়ালটোৱে সদুত্তৰ পাব এই মুহূর্তত তাৰ কোনো নিশ্চয়তা নাই ।

লগতে পঢ়ক:সুনীল গগৈক মুখ্য পলাতক আচামী ঘোষণা : সন্ধান দিওতাই পাব পুৰস্কাৰ - Dhakuakhana Murder case

ইপিনে, ঢকুৱাখনাৰ শিহৰণকাৰী হত্যাকাণ্ডটোৰ আজি ২৫ দিন হ'ল । এই পৰ্যন্ত হত্যাকাৰী বা ছিন্নমুণ্ডৰ সন্ধান ওলোৱা নাই । মঙলবাৰে ঘটনা সন্দৰ্ভত লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সুনীল গগৈৰ পত্নী আৰু পুত্রক আৰক্ষী আৰু এছ আই টি ৰ দলে জেৰা কৰে । যোৱা ১৮ জুনৰ পৰা আৰক্ষীয়ে ঢকুৱাখনা থানাত সুনীলৰ পত্নী পুষ্পা গগৈ, পুত্র সৌৰভ গগৈ আৰু ভতিজাক জয়ন্ত গগৈক জেৰা কৰে । প্ৰথম অৱস্থাত সুনীলৰ মাতৃকো জেৰা কৰিছিল যদিও পৰৱৰ্তী সময়ত মাতৃক জেৰাৰ পৰা ৰেহাই দিয়ে আৰক্ষীয়ে । আনহাতে, সুনীলৰ পত্নী আৰু পুত্রক আৰক্ষীয়ে নিৰন্তৰ জেৰা কৰি আছিল। মঙলবাৰে আৰক্ষীয়ে সুনীলৰ পত্নী পুষ্পা গগৈ আৰু পুত্র সৌৰভ গগৈক পূৱাবেলা লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়লৈ আনি তেওঁলোকক অধিক জেৰা আৰম্ভ কৰিছে । জেৰাৰ অন্তত আৰক্ষীয়ে কি ব্যবস্থা গ্রহণ কৰে সেয়াই ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:জাহাংগীৰৰ পৰিয়ালক এককালীন সাহায্য প্ৰদানৰ দাবী : বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ - Dhakuakhana murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.