ETV Bharat / state

ঢকুৱাখনাত উদ্ধাৰ হোৱা ছিন্নমুণ্ড প্ৰকৃততে কাৰ ?

ঢকুৱাখনাৰ শিঙিয়া দলঙৰ তলত ছিন্নমুণ্ড উদ্ধাৰৰ পিছতে জাহাংগীৰৰ পৰিয়ালত শোকৰ বন্যা । শীঘ্ৰে ডিএনএ পৰীক্ষা কৰি নিশ্চিত কৰাৰ দাবী পৰিয়ালৰ লোকৰ ।

Severed head of unidentified person found in Dhakuakhana, mourns in Dhubri
ঢকুৱাখনাত উদ্ধাৰ হোৱা ছিন্নমুণ্ড প্ৰকৃততে কাৰ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

ধুবুৰী: সুনীল গগৈকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই । সন্ধানহীন সুনীল গগৈক বিচাৰি অভিযান অব্যাহত ৰখাৰ মাজতে শনিবাৰে সুনীল গগৈৰ ঘৰৰ ওচৰতেই উদ্ধাৰ হয় এটা ছিন্নমুণ্ড । ইতিমধ্যে সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে ছিন্ন নৰমুণ্ডটো তেওঁৰ স্বামীৰ নহয় বুলি উদ্ধাৰস্থলীত আহি নিশ্চিত কৰাৰ পাছতেই ঘণীভূত হৈছে ৰহস্য । স্বাভাৱিকতেই পুৰুষৰ বুলি ইতিমধ্যে নিশ্চিত হোৱা ছিন্নমুণ্ডটো জাহাংগীৰৰ বুলি সন্দেহ প্ৰকাশ কৰিছে সকলোৱে ।

এই বাতৰি বিয়পি পৰাৰ পিছতে শোকত ভাঙি পৰিছে জাহাংগীৰৰ পৰিয়ালৰ লোক । উদ্ধাৰ হোৱা ছিন্নমুণ্ডটো জাহাংগীৰৰেই বুলি দাবী কৰিছে পৰিয়ালৰ লোকে । কিয়নো জাহাংগীৰৰ হত্যাৰ ঘটনা উন্মোচিত হোৱাৰ পিছৰ পৰা ৰাজ্যত কোনো এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ অহা নাই । ইফালে বিগত পাঁচ মাহে প্ৰশাসনেও পৰিয়ালৰ লগত কোনো যোগাযোগ ৰখা নাই বুলি ক্ষোভ উজাৰে ।

এই সন্দৰ্ভত জাহাংগীৰৰ ভাতৃয়ে কয়, "CID য়ে প্ৰায় ৬ টা মাহে অনুসন্ধান কৰিছিল যদিও আজিকোপতি কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই । এতিয়া সুনীলৰ ঘৰৰ ২ কি.মি. নিলগৰ শিঙিয়া জলাশয়ত মাছমৰীয়াৰ জালত এটি শিলভৰ্তি বস্তাত এটি মুণ্ড উদ্ধাৰ হয় । অতি সোনকালে DNA টেষ্ট কৰি জাহাংগীৰৰ মুণ্ড হয়নে নহয় সেয়া নিশ্চিত কৰি আমাক জনাবলৈ দাবী জনাইছো ।"

ঢকুৱাখনাত উদ্ধাৰ হোৱা ছিন্নমুণ্ড প্ৰকৃততে কাৰ ? (ETV Bharat Assam)

উল্লেখ্য যে, ৬ মাহ পূৰ্বে ঢকুৱাখানাত নৃশংসভাৱে হত্যা কৰা হৈছিল ধুবুৰীৰ ফলিমাৰি গাঁৱৰ জাহাংগীৰ হুছেইনক । অভিযোগ মতে, ১ জুনৰ নিশা ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ বিজেপিৰ পালিনেতা তথা ঠিকাদাৰ সুনীল গগৈয়ে পৰিকল্পিতভাৱে সংঘটিত কৰিছিল এক নাৰকীয় হত্যাকাণ্ড । য’ত তেওঁ জাহাংগীৰ নামৰ ৰাজমিস্ত্ৰীজনক হত্যা কৰি তেওঁৰ মুণ্ডহীন মৃতদেহটো জ্বলাই দিছিল । প্ৰথম অৱস্থাত সুনীল গগৈক হত্যা কৰি মূৰ কাটি লৈ যোৱাৰ লগতে শৰীৰটো জ্বলাই দিয়া বুলি ধাৰণা কৰা হৈছিল ।

পিছত আৰক্ষীয়ে কৰোৱা ডিএনএ পৰীক্ষাৰ ফলাফলে নিশ্চিত হৈছিল যে মৃতদেহটো সুনীল গগৈৰ নাছিল । মৃতদেহটো সুনীল গগৈৰ অধীনত জল জীৱন মিছনৰ মিস্ত্রী হিচাবে কাম কৰা জাহাংগীৰ হুছেইনৰহে বুলি নিশ্চিত হৈছিল ।

লগতে পঢ়ক: সুনীল গগৈকাণ্ডত নতুন মোৰ, ঘৰৰ কাষতে উদ্ধাৰ হোৱা ছিন্নমুণ্ডটো কাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.