ETV Bharat / state

অসমৰ বাহিৰত আত্মগোপন সুনীল গগৈৰ: আৰক্ষীৰ হাতত পৰিছে বিশেষ প্ৰমাণ - Dhakuakhana murder case

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 5:34 PM IST

Sunil Gogoi case: ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ডৰ মূল পলাতক আচামী সুনীল গগৈৰ সন্ধান লাভ কৰিছে আৰক্ষীয়ে ৷ অতিশীঘ্ৰেই ওৰ পৰিব এই হত্যাৰ ৰহস্যৰ ৷ আৰক্ষী সঞ্চালক প্ৰধানে কৰিছে ডাঙৰ মন্তব্য...

SUNIL GOGOI
DHAKUAKHANA MURDER CASE (ETV Bharat Assam)

গুৱাহাটী, 11 আগষ্ট: আকৌ চৰ্চালৈ আহিছে সুনীল গগৈ, ক’ত আছে সুনীল গগৈ ? আৰক্ষীয়ে ক্লু পাইছে সুনীল গগৈৰ অৱস্থিতিৰ ৷ অসমত নাই সুনীল গগৈ, তেওঁ অৱস্থান কৰিছে বহিঃৰাজ্যৰ কোনো গোপন স্থানত ৷ সুনীল গগৈয়ে অসমৰ বাহিৰত আত্মগোপন কৰা বুলি প্ৰকাশ কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ডৰ মূল পলাতক আচামী হৈছে সুনীল গগৈ ৷

অসমৰ বাহিৰত আত্মগোপন কৰি আছে সুনিল গগৈয়ে (ETV Bharat Assam)

দেওবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সুনীল গগৈৰ সন্দৰ্ভত কয়, ‘‘ঘটনাটো সংঘটিত হোৱাৰ পিছত ইলেকট্ৰনিক ফুটপ্ৰিন্ট পোৱা গৈছে । তেওঁৰ সম্ভেদ পোৱা গৈছে । ক’ত আছে তাৰ স্থান চিনাক্ত কৰিবলৈ চেষ্টা কৰি থকা হৈছে । ক’ত আছে সেয়া ১০০ শতাংশ নিশ্চিত কৰিব পৰা নাই । তেওঁ ঘনে ঘনে সলাইছে মোবাইলৰ ছিম কাৰ্ড । চি আই ডিৰ হাতত তথ্য আছে ৷’’

উল্লেখ্য যে, লখিমপুৰৰ জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈক ঘৰৰ সমীপতে হত্যা কৰা বুলি প্ৰথমে ভবা হৈছিল যদিও পৰৱৰ্তী সময়ত এই হত্যাকাণ্ডই নতুন মোৰ লয় । প্ৰথম অৱস্থাত শিৰচ্ছেদ কৰি জ্বলাই দিয়া মৃতদেহটো সুনীল গগৈৰ বুলি ভবা হৈছিল যদিও ডি এন এ পৰীক্ষাত মৃতদেহটো সুনীল গগৈৰ সৈতে কাম কৰা মিস্ত্ৰী জাহাংগীৰৰ বুলিহে আৰক্ষী নিশ্চিত হয় ।

তাৰ পিচতেই এই হত্যাকাণ্ডৰ ঘটনা অধিক ৰহস্যঘন হৈ পৰিছিল । সমগ্ৰ ঘটনাটো চি আই ডিয়ে তদন্ত কৰি আছে । সুনীল গগৈৰ পত্নী, পুত্ৰ আৰু আত্মীয়ক বহুবাৰ আৰক্ষীয়ে জেৰা কৰিছে । কিন্তু বৰ্তমান পৰ্যন্ত সুনীল গগৈৰ কোনো শুংসূত্ৰ লাভ কৰা নাই তদন্তকাৰী দলে ৷

লগতে পঢ়ক: ৰহস্যঘন ঢকুৱাখনাকাণ্ডৰ তদন্ত: ছিন্নমুণ্ড বিচাৰি পাব নে চিআইডিয়ে ? সুনীল গগৈ এতিয়া ক’ত ? - Dhakuakhana murder case

সুনীল গগৈ জীয়াই আছে ! পত্নীক বৈধব্যৰ সাজ এৰিবলৈ আহ্বান সংযুক্তা পৰাশৰৰ - DHAKUAKHANA MURDER CASE

সুনীল গগৈ নহয়, মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰহে আছিল - Dhakuakhana Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.