ETV Bharat / state

নিষিদ্ধ সংগঠনৰ কাৰ্যকলাপ সহ্য কৰা নহ'ব অসমত: জি পি সিং - ULFA I CADRE ARRESTED

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 8:08 PM IST

Assam Police : অসমত নিষিদ্ধ সংগঠনৰ কাৰ্যকলাপ সহ্য কৰা নহ'ব বুলি সকীয়নি আৰক্ষী সঞ্চালক প্ৰধানৰ ৷ এনেকুৱা কোনো কাম কৰিব নালাগে যাতে বাধ্য হৈ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লগা হয় বুলি মন্তব্য কৰে তেওঁ ৷

ULFA I CADRE ARRESTED
নিষিদ্ধ সংগঠনৰ গতিবিধি অসমত সহ্য কৰা নহ’ব : জি পি সিং (ETV BHARAT ASSAM)

গুৱাহাটী, 14 জুন : আলফা (স্বা)কে ধৰি যিকোনো নিষিদ্ধ সংগঠনৰ গতিবিধি অসমত সহ্য কৰা নহ’ব ৷ আলফা (স্বা)কে ধৰি আন নিষিদ্ধ সংগঠনক এইদৰে পুনৰ সকীয়াই দিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ নিষিদ্ধ সংগঠনৰ গতিবিধি হ'বলৈ নিদিয়াৰ লগতে অসমত নিষিদ্ধ সংগঠনৰ কাৰ্যকলাপ সহ্য কৰা নহ'ব বুলি আলফা (স্বা)ক আজি পুনৰ সকীয়াই দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ তেজপুৰত ব্যৱসায়ীক ধন দাবী কৰা আলফা (স্বা)ৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই মন্তব্য কৰে ৷

আলফা (স্বা)ক সকীয়নি আৰক্ষী সঞ্চালক প্ৰধানৰ (ETV BHARAT ASSAM)

লগতে পঢ়ক : মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ক’ৰ পৰা আহিল ইমানবোৰ ম’বাইল আৰু লেপটপ ? - PHONE SNATCHING IN GUWAHATI

তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, বহু দিনৰ পিচত এনে ঘটনা সংঘটিত হৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আইনগত ব্যৱস্থা হাতত লোৱা হৈছে ৷ এনেকুৱা ঘটনা আৰু সংঘটিত হ'লে কঠোৰতম আইনী ব্যৱস্থা লোৱা হ’ব ৷ এই বিষয়ে সামাজিক মাধ্যমত ইতিমধ্যে লিখা হৈছে বুলি কয় তেওঁ ৷

শীৰ্ষ আৰক্ষী বিষয়াজনে লগতে কয় যে, পানী শান্ত দেখি তাত শিলগুটি মাৰিব নালাগে ৷ শিলগুটি মাৰিলে লগে লগে ইয়াৰ প্ৰতিক্ৰিয়া হ’ব ৷ গতিকে এনেকুৱা কোনো কাম কৰিব নালাগে যে, বাধ্য হৈ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লগা হয় ৷ এনেধৰণৰ কামক কোনোপধ্যেই অসমত সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে তেওঁ ৷ লগতে এই ক্ষেত্ৰত অসম আৰক্ষীৰ স্থিতি অটল আছে বুলিও কয় আৰক্ষী সঞ্চালক প্ৰধানজনে ৷

উল্লেখ্য যে লখিমপুৰৰ নাওবৈছাৰ সঞ্জীৱ বৰুৱা ওৰফে ভাই অসমক দুই সতীৰ্থৰ সৈতে তেজপুৰ মিছন চাৰিআলিৰ এজন ব্যৱসায়ীক দাবী কৰা ধন নিবলৈ আহোতেই বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছল ৷ বৰুৱাৰ লগতে তেওঁৰ পত্নী আৰু এজন লিংকমেনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ এই ঘটনাৰ পিচতে এনেদৰে সংগঠনটোক পুনৰ সকীয়াই দিলে শীৰ্ষ আৰক্ষী বিষয়াজনে ৷

লগতে পঢ়ক : তেজপুৰ আৰক্ষীৰ জালত আলফা স্বাধীনৰ তিনি সদস্য - ULFA I CADRE ARRESTED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.