গুৱাহাটী, ১৪ আগষ্ট : ‘‘ডেপুটেশ্যনত যাবলৈ পোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়’’- এই মন্তব্য অসম আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ । মঙলবাৰে জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে সংবাদ মাধ্যমৰ আগত কয়, ‘‘অসম কেডাৰৰ হৈ অসমত ইমান বছৰ চাকৰি কৰাৰ পিছত যদি কেন্দ্ৰীয় সংস্থাত যোগদান কৰিব পাৰো, তেন্তে সেয়া গৌৰৱৰ কথা । ইয়াৰ বাবে মই কোনো আবেদন কৰা নাই । মই এই খবৰ সংবাদ মাধ্যমৰ জৰিয়তেহে লাভ কৰিছো ।’’
অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘‘যদিহে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা ৰাজ্যিক গৃহ মন্ত্ৰণালয়লৈ কিবা নিৰ্দেশ আহিছে তেন্তে সেই বিষয়ে মই জ্ঞাত নহয় । যদিহে আহিছে ব্যক্তিগতভাৱে মোৰ বাবে গৌৰৱৰ বিষয় হ’ব ৷ এইবাবেই যে অসমৰ ডি জি পি হিচাবে ইমান বছৰ কাম কৰাৰ পিছত মোক কেন্দ্ৰীয় চৰকাৰে এটা সুবিধা দিবলৈ বিচাৰিছে ৷’’
উল্লেখ্য যে, কেন্দ্ৰীয় ডেপুটেশ্যনত যাব বিচৰা দেশৰ বিভিন্ন ৰাজ্যৰ চৈধ্যজনকৈ শীর্ষ আই পি এছ বিষয়াৰ ফাইল ইতিমধ্যে সাজু কৰিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় ডেপুটেশ্যনত যাবলৈ বিচৰা দেশৰ চৈধ্যজন আই পি এছ বিষয়াৰ ভিতৰত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙো আছে । সেয়া হ'লে কিছুদিনৰ ভিতৰতে অসম এৰিব আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আৰু তেওঁৰ স্থানত বর্তমান বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰূপে কৰ্মৰত হৈ থকা আন এগৰাকী জ্যেষ্ঠ আই পি এছ বিষয়া হৰমীত সিং অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।
২০১৯ চনৰ ডিচেম্বৰত 'কা'বিৰোধী আন্দোলনে ৰাজ্যত প্ৰবল ৰূপ ধাৰণ কৰাৰ সময়ত অকস্মাতে ডেপুটেশ্যন সামৰি অসম আৰক্ষীত যোগদান কৰিছিল জ্যেষ্ঠ আই পি এছ বিষয়াজনে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত বিশ্বাসভাজনৰূপে পৰিচিত ডি জি পি জিপি সিঙে শীঘ্ৰে কেন্দ্ৰীয় ডেপুটেশ্যনত গৈ কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীত যোগদান কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : নিৰ্দোষী মানুহৰ জীৱন লোৱাটো উচিত নহয়: শান্তি অটুট ৰক্ষাৰ বাবে আলফা স্বাধীনলৈ ডি জি পিৰ আহ্বান
অসম-অৰুণাচল সীমান্তত বাহৰ পাতিছে আলফা(স্বাঃ)ৰ দলে : জনালে জি পি সিঙে
সাজু হ'বৰ হ'ল আৰক্ষীৰ লোক : ১৬ আগষ্টৰ পৰা পুনৰ বি এম আই টেষ্টিং