ETV Bharat / state

শ্ৰীৰামময় গুৱাহাটীত ৰামভক্তৰ সমদল - Ram Mandir

Ram Mandir Consecration: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী মহানগৰীত ৷ বিভিন্ন স্থানত ৰাম ভক্ত সকলে ৰেলী বাহিৰ কৰা পৰিলক্ষিত হৈছে ৷

Ram Mandir Consecration
উৎসৱমুখৰ পৰিৱেশ
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 5:35 PM IST

গুৱাহাটী, 21 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীও ভগৱান ৰামৰ গুণ-গানেৰে মুখৰ হৈ পৰিছে ৷ 22 জানুৱাৰী অৰ্থাৎ সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত অনুষ্ঠিত হ’বলগীয়া ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী মহানগৰীত ৷ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক কেন্দ্ৰ কৰি ৰাম ভক্ত সকলৰ মাজত ব্যাপক উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ৰাম ভক্ত সকলে ৰেলী বাহিৰ কৰা পৰিলক্ষিত হৈছে ৷ জয় শ্ৰী ৰাম লিখা, হনুমান আৰু শ্ৰী ৰামচন্দ্ৰৰ ফটো সম্বলিত পতাকা মহানগৰীৰ বজাৰ, পদপথত ব্যাপকভাৱে উপলব্ধ হৈছে ৷ 30 টকাৰ পৰা আৰম্ভ কৰি 300 টকা পৰ্যন্ত বিক্ৰী হৈছে পতাকাবোৰ ৷ ৰাম ভক্ত সকলে এই পতাকা ক্ৰয় কৰি ঘৰত লগোৱাৰ লগতে নিজৰ নিজৰ বানহ সমূহত লগাই মহানগৰীৰ বিভিন্ন স্থানত পৰিভ্ৰমণ কৰা দেখা গৈছে ৷

ইফালে ফাঁচী বজাৰত অস্থায়ী তোৰণ লগোৱাৰ লগতে ৰং-বিৰঙৰ বৈদ্যুতিক লাইটেৰে সজাই-পৰাই তোলা দেখা গৈছে ৷ আনহাতে আজি সোনাৰাম হাইস্কুল খেলপথাৰৰ পৰা সনাতনী হিন্দু আৰ্মীয়ে এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাক মুহুৰ্তত হাতত লোৱা হৈছে এই কাৰ্যসূচী ৷ কেইবাহাজাৰ ৰাম ভক্ত একগোট হৈ হাতে হাতে পতাকা লৈ জয় শ্ৰী ৰাম ধ্বনি দি সোণাৰাম খেলপথাৰৰ পৰা বাহিৰ কৰা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷ এই শোভাযাত্ৰা আঠগাঁও গোশালাৰ পৰা উলুবাৰী, জি এচ ৰোড, চানমাৰি হৈ ফটাশিলত সামৰণি পৰিব ৷

আনহাতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সোমবাৰে ৰাজ্যত ড্ৰাই ডে' ঘোষণা কৰা হৈছে ৷ লগতে সোমবাৰে বিয়লি 4 বজালৈ বন্ধ থাকিব মাছ-মাংসৰ দোকান । চৰকাৰী কাৰ্যালয়সমূহ দিনৰ 2 বজালৈ অৰ্ধ ছুটি ঘোষণা কৰা হৈছে । লগতে সকলোকে পদূলি মুখত এগছি বন্তি প্ৰজ্বলন কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্রী ড৹ শৰ্মাই ।

লগতে পঢ়ক : প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সমাপন নোহোৱা পৰ্যন্ত সকলোকে উপবাসে থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.