ETV Bharat / state

বানে মাৰিলে ধান: বছৰটোৰ কথা ভাবি চকুলো টুকিছে কৃষকে - Assam flood 2024 - ASSAM FLOOD 2024

Flood in Jonai: ৰাজ্য়ত প্ৰলয়ংকৰী বানৰ পিচত এতিয়া কৃষকৰ হাহাকাৰ । শাওণৰ পথাৰ সেউজীয়া ৰুবলৈ নাই কঁঠিয়া । পোৱা নাই চৰকাৰৰ সাহায্য ।

Flood in Jonai
জোনাইত কৃষকৰ হাহাকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 12:25 PM IST

Updated : Jul 24, 2024, 12:39 PM IST

জোনাই, ২৪ জুলাই: বানৰ পিচত এতিয়া গেলিবলৈ ধৰা পথাৰৰ শইচলৈ চাই কৃষকে কাঢ়িছে হুমুনিয়াহ । আহাৰমহীয়া প্ৰথমটো বানে ৰাজ্য়ৰ আন ঠাইৰ লগতে জোনাইৰ বিভিন্ন অঞ্চলত সৃষ্টি কৰিলে তাণ্ডব । ফলত ধেমাজি জিলাৰ জোনাইৰ একাংশ কৃষক ৰাইজৰ দুখে কুলাই-পাচিয়ে নধৰা অৱস্থা হৈছে । সোনকালে পানী শুকালে পথাৰত হাল জুৰিব বুলি ভাবি থকোতেই পালেহি শাওণ । পিচে এতিয়া শাওণৰ পথাৰ সেউজীয়া কৰিবলৈ নাই কঠীয়া । বানে গৰকা পথাৰত কঠীয়া ৰুব পৰা নাই কৃষকে । কাৰণ পানীৰ তলত থকা কঠীয়াবোৰ এতিয়া প্ৰখৰ ৰ'দ ওলোৱাৰ লগে লগে নষ্ট হ'বলৈ ধৰিছে ।

জোনাইত কৃষকৰ হাহাকাৰ (ETV Bharat Assam)

জোনাইৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত শান্তিপুৰ গাঁৱৰ চহা খেতিয়ক ৰাইজৰ কৃষি পথাৰ আজিও ডুব গৈ থকাত হতাশাত ভাগি পৰিছে কৃষক । অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা খৰস্ৰোতা চিলে নদীৰ বাঢ়নী পানীয়ে এইদৰে বিঘাই বিঘাই ধাননি পথাৰ বুৰাই পেলোৱাত এফালৰ পৰা গেলি গৈছে সেউজীয়া শইচ ।

এনেদৰে বিঘাই বিঘাই এফালৰ পৰা গেলি যাবলৈ ধৰা সেউজীয়া কৃষি পথাৰবোৰৰ দৃশ্য দেখি মুখৰ মাত নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে এইসকল চহা কৃষকৰ । ৰোৱা ধানৰ সমান্তৰালকৈ কঠীয়াবোৰো বানত বুৰ গৈ গেলি যাবলৈ ধৰাত পথাৰ উদং হোৱাৰ আশংকা কৰিছে এইসকল কৃষক ৰাইজে ।

কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল গাঁওখনৰ একাংশ পৰিয়ালে অনাগত দিনত অনাহাৰে কটাবলগীয়া হ’ব বুলি ভাবি শংকিত হৈছে । সেয়েহে এইসকল কৃষকে চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ লগতে জোনাই মহকুমা কৃষি বিভাগক অতি শীঘ্ৰে নষ্ট হোৱা কৃষি পথাৰবোৰ পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰা আহ্বান জনাইছে ।

লগতে পঢ়ক:বান গ’ল: বালি আৰু পলসত পোত গ’ল কৃষকে সেউজ সপোন ৰচা ধাননি পথাৰ - Assam Flood 2024

মৰহি যোৱা শইচলৈ চাই কৃষকে টুকিছে চকুলো - Assam flood 2024

Last Updated : Jul 24, 2024, 12:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.