গুৱাহাটী : শুকুৰবাৰে জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিবলৈ গৈ আটক হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমকে ধৰি বহুসংখ্যক নেতা-কৰ্মী । ভূপেন বৰাক হাতীগাঁৱৰ ৰাজপথৰ পৰা আটক কৰাৰ বিপৰীতে জুবেইৰ আনমসহ আন বহু প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদৰ পৰা ।
প্ৰতিবাদ কৰি আটক হোৱাৰ পাছত দেশপ্ৰেমূলক গীত গাই সময় পাৰ কৰে প্ৰদেশ কংগ্ৰেছ আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে । গুৱাহাটীৰ কাহিলীপাৰাস্থিত দশম অসম আৰক্ষী বাহিনীৰ কেম্পত আৱদ্ধ কৰি ৰখাৰ পাছত দেশপ্ৰেমমূলক গীতৰ লহৰ তুলিছে প্ৰতিবাদকাৰীসকলে ।
আনহাতে, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন সাংসদ ৰিপুণ বৰাকে ধৰি আটক কৰা আন একাংশক আৰক্ষীয়ে অন্য স্থানত আৱদ্ধ কৰি ৰাখে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে যুৱ কংগ্ৰেছৰ সভাপতি আৰু আন নেতা-কৰ্মীসকলক আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখে কাহিলীপাৰাৰ দশম আৰক্ষী বাহিনীৰ ছাউনীত । প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই সদৰী কৰা মতে, আটক কৰি আৱদ্ধ কৰা সকলোৱে লঘোণে-ভোকে দেশপ্ৰেমমূলক গীত গাই সময় পাৰ কৰে ।
উল্লেখ্য যে কংগ্ৰেছৰ বুধবাৰৰ ৰাজভৱন যাত্রাৰ সময়ত মৃত্যু হোৱা অধিবক্তা মৃদুল ইছলামৰ ন্যায়ৰ দাবীত আজি কংগ্ৰেছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল । ইফালে, প্ৰদেশ যুৱ কংগ্ৰেছে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ভূপেন বৰাৰ নেতৃত্বত তেওঁৰ ঘোঁৰামৰাস্থিত বাসভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ এটা দল মানৱেন্দ্ৰ শৰ্মা চৌহদ অভিমুখে ৰাওনা হৈছিল । কিন্তু প্ৰতিবাদী সমদলটো হাতীগাঁও পোৱাৰ পাছতে আৰক্ষীয়ে বাধা প্ৰদান কৰি ভূপেন বৰাকে ধৰি বহু প্ৰতিবাদকাৰীক আটক কৰে ।
আনহাতে, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমৰ নেতৃত্বত মানৱেন্দ্ৰ শৰ্মা চৌহদত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হয় । প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেট ভাঙি ওলাই যোৱাৰ পাছতে আৰক্ষীয়ে সভাপতি জুবেইৰ আনমকে ধৰি বহু সংখ্যক প্ৰতিবাদকাৰীক আটক কৰি দশম আৰক্ষী বাহিনীৰ ছাউনীত আৱদ্ধ কৰি ৰাখে । তাতে প্ৰতিবাদকাৰীসকলে দেশপ্ৰেমমূলক গীত গাই সময় অতিবাহিত কৰে । এক কথাত আৱদ্ধ থাকিও গীতৰ মাজেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া :
প্ৰতিবাদ কৰিবলৈ যোৱা প্ৰদেশ কংগ্ৰছৰ সভাপতিকে ধৰি আন বহু নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে ৰাজভৱন চ'লো কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ যাওঁতে আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ আৰু অত্যাধিক বল প্ৰয়োগৰ ফলত শ্বহীদ হোৱা মৃদুল ইছলামৰ মৃত্যু হৈছিল । সেই ঘটনাৰ তদন্তৰ দাবীত আজি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিবাদী কাৰ্যসূচী তথা সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজিত কৰা হৈছিল । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে আমাৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন সভাপতি ৰিপুণ বৰা আৰু নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতিকে ধৰি সহস্ৰ কংগ্ৰেছ কৰ্মীক আৰক্ষীয়ে আটক কৰিলে । এই ঘটনাক ধিক্কাৰ দিছো আৰু শীঘ্ৰেই সকলোকে বিনা চৰ্তে ৰেহাই দিবলৈ মই দাবী জনাইছো ।"