ETV Bharat / state

সৰুপথাৰত নলা নিৰ্মাণৰ নামত এফালৰ পৰা কাটিছে গছ - Deforestation in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 8:00 PM IST

Deforestation in Assam: প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যে অসমৰ চৰকাৰৰ উদ্যোগত ৰাজ্যত পুনৰ আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন । পিচে ৰাজ্যত অমৃত বৃক্ষ আন্দোলন চলি থকাৰ সময়তে সৰুপথাৰত এফালৰ পৰা কাটি পেলোৱা হৈছে গছবোৰ । নগৰখনত নলা নিৰ্মাণৰ নামত গছ কটাক লৈ জাঙুৰ খাই উঠিছে আছুকে আদি কৰি প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ ।

Destruction of tree due to construction of drains in Sarupathar
সৰুপথাৰত নলা নিৰ্মাণৰ নামত এফালৰ পৰা কাটিছে গছ (ETV Bharat Assam)

সৰুপথাৰ,২ আগষ্ট: বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অমৃত বৃক্ষ আঁচনিৰ দ্বিতীয় পৰ্যায় । চৰকাৰৰ এক অভিনৱ পদক্ষেপ বৃক্ষ ৰোপণৰ । অন্যফালে সৰুপথাৰ নগৰত একাংশই ধ্বংস কৰিছে প্ৰকৃতি । বিগত সময়ছোৱাত সৰুপথাৰৰ একাংশ যুৱক, দল-সংগঠন, ৰাইজে গছপুলি ৰোপণ কৰি নগৰখনত পূৰ্ণ কৰিছিল । সৰুপথাৰ ষ্টেচনৰ সমীপত এতিয়া একাংশই এফালৰ পৰা কেইবাজোপা গছৰ পুলিকে ধৰি ঠন ধৰি অহা গছ উভালি পেলোৱা পৰিলক্ষিত হৈছে ।

উন্নয়নৰ নামত প্ৰকৃতিত কুঠাৰাঘাত:

তাকে লৈ প্ৰকৃতিপ্ৰেমী সংগঠন "গছ" ৰ সদস্যকে ধৰি গৰজি উঠিছে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থা । নগৰখনত নলা-নৰ্দমা নিৰ্মাণৰ নামত বৃক্ষসমূহ উভালি পেলোৱা তথা কাটি দিয়া হৈছে গছবোৰ । জানিব পৰা মতে বন বিভাগৰ অনুমতি অবিহনেই ৰোপণ কৰা গছ-গছনিসমূহ কাটি পেলোৱা হৈছে । এনেদৰে হ'লে নগৰখনৰ আৰু বহুতো গছ-গছনি বিনষ্ট হ'ব । এয়া মাথো আৰম্ভণিহে ।

যিসময়ত গছ-গছনি নথকাৰ বাবে ৰাজ্যখনত উৎকট গৰমে দহিছে । তেনেসময়ত চৰকাৰে পদক্ষেপ লৈছে অমৃত বৃক্ষৰ জৰিয়তে বৃক্ষৰোপণ কাৰ্যসূচীৰ । চৰকাৰৰ এই পদক্ষেপকো বুঢ়াআঙুলি দেখুৱাইছে একাংশই । প্ৰশ্ন হৈছে উন্নয়নৰ নামত গছ কটাৰ বিকল্প ব্যৱস্থা নাই নেকি ? উঠি অহা গছৰ পুলিসমূহ পদ্ধতিগতভাৱে পুনৰ অন্য ঠাইত ৰোপণ কৰিব পৰা যায় বুলিও সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শিৱাশিষ শৰ্মাই মন্তব্য প্ৰকাশ কৰে । "গছসমূহ বিনষ্ট নকৰাকৈ নলা-নৰ্দমা নিৰ্মাণ কৰিব নোৱাৰি নেকি " বুলি জাঙুৰ খাই উঠিছে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি প্ৰকৃতিপ্ৰেমী লোকসকল । প্ৰশাসন তথা বন বিভাগক এই বিষয়ে গুৰুত্ব দিবলৈ অনুৰোধ জনাই, গছ কটা বন্ধ নকৰিলে আগন্তুক দিনত আন্দোলনৰ হুংকাৰ দিয়ে আছুৰ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক: কলিয়াবৰত অমৃত বৃক্ষ আন্দোলনৰ বাবে চাৰি লাখ গছপুলিৰে সাজু বন বিভাগ - Amrit Brikshya Andolan 2024

তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে আজিৰে পৰা আৰম্ভ দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন - AMRIT BRIKSHYA ANDOLAN 2

জধে-মধে গছ কটা বন্ধ নহ’লেও অমৃত বৃক্ষ আন্দোলন কৰিবই চৰকাৰে: তিনিচুকীয়াত সাজু 32 লাখ গছপুলি - AMRIT BRIKSHYA ANDOLAN 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.