ETV Bharat / state

লখিমপুৰত ডেংগুৰ প্ৰাদুৰ্ভাৱ, সষ্টম জিলা স্বাস্থ্য বিভাগ - DANGE OUTBREAK - DANGE OUTBREAK

DANGE OUTBREAK IN LAKHIMPUR: লখিমপুৰত ডেংগুৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ কিছু পৰিমাণে জিলাখনত এই ৰোগ ধৰা পৰিছে ৷ যাৰ বাবে জিলা স্বাস্থ্য বিভাগ সষ্টম হৈ আছে আৰু ৰাইজক কেৱল সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

DANGE OUTBREAK IN LAKHIMPUR
ডেংগুৰ ৰোগৰ প্ৰাদুৰ্ভাৱ (ETV BHARAT ENGLISH DESK)
author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 9:21 PM IST

লখিমপুৰত ডেংগুৰ প্ৰাদুৰ্ভাৱ (ETV BHARAT ASSAM)

লখিমপুৰ, 8 মে’ : লখিমপুৰত প্ৰাদুৰ্ভাৱ ঘটিছে ডেংগু ৰোগৰ ৷ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ বিমান শৰ্মাই সদৰী কৰা অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে জিলাখনত দুজন ৰোগী জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৷ তেনেদৰে জাপানীছ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত বুলি 24 জন ৰোগীক চিনাক্ত কৰা হৈছে ৷ লগতে 11 জন ডেংগুত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে ৷ অৱশ্যে তেওঁলোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ৷

জিলাখনত এনে ৰোগসমূহৰ ভিতৰত বিশেষ কৈ ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰত্যক্ষ কৰি জিলা স্বাস্থ্য বিভাগ সষ্টম হৈ আছে ৷ বিশেষকৈ এনে বাহক জনিত ৰোগ যাতে বিয়পিব নোৱাৰে তাৰ বাবে 5 হেজাৰ 384 খন ঔষধিযুক্ত আঁঠুৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিষয়াগৰাকীয়ে ৷ 8 খন গাঁৱত ধোঁৱা দিয়া হৈছে বুলিও জানিবলৈ দিয়ে তেওঁ ৷ লগতে 16 হাজাৰ 57 খন সজাগতামূলক সভাৰ ব্যৱস্থা কৰা হৈছে বুলিও কয় তেওঁ ৷

বিগত বৰ্ষত এনে ৰোগ ধৰা পৰা 8 টা স্থানত অনূভাষ যন্ত্ৰৰে সজাগতামূলক প্ৰচাৰ চলোৱা হৈছে বুলি জানিবলৈ দিয়ে তেওঁ ৷ জিলাখনৰ বিশেষকৈ মহে এনে ৰোগ বিয়পোৱাৰ আশংকা থকা 52 হেজাৰ 600 টা পৰিয়ালত বিভাগে পদাৰ্পণ কৰি ব্যবস্থা গ্ৰহণ কৰাৰ লগতে 33 হাজাৰ জন লোকৰ ৰক্তৰ নমুনা সংগ্ৰহ কৰিছে ৷ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গৰাকীয়ে এই ক্ষেত্ৰত ভয়ৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি ৰাইজক কেৱল সজাগ-সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৷

বিগত বৰ্ষৰ তুলনাত জিলাখনত এইবাৰ এনে ৰোগৰ প্ৰাদুৰ্ভাৱ নগন্য বুলি উল্লেখ কৰাৰ লগতে তেওঁ কয় যে, এনে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য বিভাগ সম্পূর্ণ সক্ষম ৷ প্ৰয়োজনীয় ঔষধ-পাতিৰ পৰা আৰম্ভ কৰি পৰীক্ষা-নিৰীক্ষাৰ সকলো ব্যবস্থা জিলাখনত পৰ্যাপ্ত আছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিষয়াজনে ৷ তেওঁ মেডিকেল কলেজৰ পৰা বেচৰকাৰী চিকিৎসালয়ত এনে ৰোগীৰ বাবে সংৰক্ষিত বিচনা, আই চি ইউ আদিৰ সকলো ব্যবস্থা থকা বুলি উল্লেখ কৰি ৰাইজক মুঠেও ভীতিগ্ৰস্ত নহৈ সজাগ-সচেতন হ’বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধৰ দাবীত আপ অসমৰ প্ৰতিবাদ - Medicine Price Hike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.