ETV Bharat / state

খাদী পতাকাৰ বজাৰ দখল কৰিছে চিল্কৰ পতাকাই: উদ্বেগ ব্যৱসায়ীৰ - Demand for Khadi flag

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 3:52 PM IST

78th Independence Day: স্বাধীনতা দিৱসেই হওক বা গণৰাজ্য দিৱসেই হওক, দুয়োটা অনুষ্ঠানৰ বাবে অপৰিহাৰ্য অংগ হ’ল ৰাষ্ট্ৰীয় পতাকাখন । বিগত বছৰবোৰত এই সময়ত খাদীৰ ত্ৰিৰংগা পতাকাৰ গুৰুত্ব বৃদ্ধি হৈছিল যদিও চলিত বৰ্ষত উদ্বেগজনকভাৱে কমিছে খাদী পতাকাৰ চাহিদা ।

demand for silk flags is increasing in the market of lakhimpur as comparision to khadi
খাদীৰ পতাকাৰ বজাৰ দখল কৰিছে চিল্কৰ পতাকাই : উদ্বেগ ব্যৱসায়ীৰ (ETV Bharat Assam)

লখিমপুৰ, 14 আগষ্ট: দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইঘন্টামান বাকী । কেইঘন্টামানৰ পাছতে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উদযাপিত হ’ব স্বাধীনতা দিৱস । সকলোৱে ত্ৰিৰংগ পতাকাৰ তলত সমবেত হৈ শ্বহীদক স্মৰণ কৰাৰ লগতে দেশৰ প্ৰতি শ্ৰদ্ধা নিবেদিব । এই সময়ত পোহৰলৈ আহিছে এক দুখজনক চিত্র ।

খাদী পতাকাৰ বজাৰ দখল কৰিছে চিল্কৰ পতাকাই : উদ্বেগ ব্যৱসায়ীৰ (ETV Bharat Assam)

স্বাধীনোত্তৰ সময়ৰে পৰা খাদী ত্ৰিৰংগ পতাকাখনৰ যথেষ্ট আদৰ আছিল যদিও বৰ্তমান বজাৰত খাদী পতাকাৰ আদৰ কমা পৰিলক্ষিত হৈছে । ইয়াৰ বিপৰীতে বৃদ্ধি পাইছে চিল্কৰ পতাকাৰ আদৰ ৷ এই তথ্য প্ৰদান কৰিছে লখিমপুৰৰ খাদী গ্ৰামোদ্যোগ ভাণ্ডাৰে ৷

খাদী গ্ৰামোদ্যোগ ভাণ্ডাৰৰ পৰিচালক হিমৰাজ কোঁৱৰে এই সন্দৰ্ভত জনাই, "বিগত সময়ত স্বাধীনতা দিৱস অথবা গণৰাজ্য দিৱসৰ পূৰ্বে সন্তোষজনকভাৱে খাদী পতাকা বিক্ৰী কৰিবলৈ সক্ষম হৈছিলো । ৰাইজেও যথেষ্ট সমাদৰ কৰিছিল খাদী পতাকাখনক । পিছে এইবাৰ একেবাৰে নাই খাদী পতাকাৰ বিক্রী । ন্যূনতম হাৰত বিক্রী হৈছে খাদী পতাকা ।" অৱশ্যে ইয়াৰ বিপৰীতে ৰাস্তা-ঘাটে, দোকানে-পোহাৰে উভৈনদী হৈ পৰা চিল্কৰ পতাকাৰ আদৰ বাঢ়িছে বুলি কয় পৰিচালক হিমৰাজ কোঁৱৰে ।

পৰিচালক হিমৰাজ কোঁৱৰে কয়, "দুটকাৰ পৰা সৰ্বাধিক আঢ়ৈশ টকা পৰ্যন্ত বিভিন্ন আকাৰৰ চিল্কৰ পতাকাৰ বিক্রী অতি সন্তোষজনক । সস্তাতে পাই ৰাইজে এনে পতাকাক আদৰি লৈছে । বিপৰীতে খাদী পতাকাৰ মূল্য অধিক হোৱাৰ বাবে আদৰ কমিছে । এশৰ পৰা প্ৰায় আঠশ টকা পৰ্যন্ত বিভিন্ন আকাৰৰ খাদী পতাকাৰ দাম । যাৰ বাবে সাধাৰণ ৰাইজে দামী খাদী পতাকা এৰি কম দামৰ চিল্কৰ পতাকাক আদৰি লৈছে । এই পৰিস্থিতিয়ে এতিয়া খাদী পতাকাৰেই নহয়, খাদী বস্ত্র সামগ্ৰীৰ ভৱিষ্যতৰ প্ৰতিও অশনি সংকেত কঢ়িয়াই আনিছে ।"

লগতে পঢ়ক: স্বাধীনতা দিৱসৰ প্ৰস্তুতি: খানাপাৰাত আৰক্ষী-সেনাৰ ১৯ টা প্লাটুনৰ কুচকাৱাজ - INDEPENDENCE DAY 2024

৭৮ সংখ্যক স্বাধীনতা দিৱসৰ বাবে ধেমাজিত আৰক্ষীৰ তালাচী - INDEPENDENCE DAY 2024

ডিব্ৰুগড়ত স্কুটীত উঠি ত্ৰিৰংগা যাত্ৰা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ - Tiranga Yatra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.