ETV Bharat / state

অনিশ্চয়তাৰ মাজত জোনাইৰ ৫০ টা পৰিয়াল : চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ - Flood Victim of Jonai - FLOOD VICTIM OF JONAI

Flood victims camp in Jonai : বিগত দুমাহ ধৰি অনিশ্চয়তাৰ মাজত আছে জোনাইৰ ৫০ টা পৰিয়াল ৷ বানত বিধ্বস্ত পৰিয়ালকেইটাই দুমাহে আশ্ৰয় শিৱিৰতে আছে যদিও পুনৰসংস্থাপনৰ বাবে লোৱা নাই কোনো ব্যৱস্থা ৷ ইয়াকে লৈ চিন্তিত হৈ পৰিছে পৰিয়ালকেইটা ৷

Flood Victims Camp in Jonai
দুমাহে আশ্ৰয় শিৱিৰতে আছে জোনাইৰ ৫০ টা পৰিয়াল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 9:08 PM IST

জোনাই, ৫ ছেপ্টেম্বৰ : বৰ্তমান কেনেকৈ আৰু কি পৰিৱেশত আছে বানত ঘৰ-বাৰী হেৰুওৱা শিৱগুৰিৰ ৫০ টা পৰিয়াল ? প্ৰায় দুমাহ ধৰি জোনাই সদৰৰ এটা আশ্ৰয় শিৱিৰত ৫০ টা পৰিয়ালে কণ-কণ সন্তানক লৈ অনিশ্চয়তাৰে জীৱন কটাইছে যদিও পুনৰসংস্থাপনৰ বাবে তৎপৰতা নাই চৰকাৰ, মহকুমা প্ৰশাসন কিম্বা স্থানীয় বিধায়ক তথা সাংসদকে ধৰি কাৰোৰে মাজত ৷

দুমাহে আশ্ৰয় শিৱিৰতে আছে জোনাইৰ ৫০ টা পৰিয়াল (ETV Bharat Assam)

উল্লেখ্য যে যোৱা প্ৰায় দুমাহ পূৰ্বে চিয়াং, দিবাং আৰু দতুং নদীৰ প্ৰলয়ংকাৰী বানত তচনচ হোৱা জোনাইৰ ওপৰ কবু চাপৰিৰ শিৱগুৰিৰ ৫০ টা পৰিয়ালে সম্পূৰ্ণৰূপে ঘৰ-ভেটি হেৰুৱায় ৷ তাৰ পিছত পৰিয়ালকেইটাই আজি প্ৰায় দুমাহে আশ্ৰয়গ্ৰহণ কৰি আছে জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰা এটা অস্থায়ী আদৰ্শ বান শিৱিৰত ৷

জানিব পৰা মতে আশ্ৰয় শিৱিৰত থকা শিৱগুৰি গাঁৱৰ ৰাইজক জোনাই মহকুমা প্ৰশাসনে থকামেলা, চাউল, দাইল, চয়াবিন, নিমখ-জলকীয়া আদি খাদ্য সামগ্ৰীকে ধৰি কণকণ শিশুসকলক কাষৰ বিদ্যালয়সমূহত শিক্ষাৰ ব্যৱস্থা কৰি আছে ৷ তথাপি ৫০ টা পৰিয়ালে এটা টিউবৱেলকে ব্যৱহাৰ কৰাৰ লগতে অতি দুৰৱস্থাত থকা শৌচালয় পুৰুষ-মহিলাসকলে ব্যৱহাৰ কৰিবলগীয়া হয় ৷ ইয়াৰ উপৰিও শিৱিৰটোৰ চৌপাশে দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰাত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে যদিও স্বাস্থ্য বিভাগ কিম্বা জনস্বাস্থ্য কাৰিকৰী বিভাগে খবৰ নোলোৱাৰ অভিযোগ কৰিছে শিৱিৰটোৰ ৰাইজে ৷

ইফালে আজি প্ৰায় দুমাহে শিৱিৰটোত থকা লোকসকলৰ কোনোধৰণৰ কৰ্ম-সংস্থাপন নথকাত তীব্ৰ আৰ্থিক সমস্যাই দেখা দিছে ৷ ৰাইজে জানিবলৈ দিয়া মতে শিৱগুৰি গাঁৱৰ ৫০ টা পৰিয়ালক পুনৰসংস্থাপনৰ বাবে সীমান্তৰ ঐৰামঘাটত ভূমি প্ৰদানৰ বাবে বিধায়ক ভূৱন পেগু আৰু মহকুমা প্ৰশাসনে সিদ্ধান্ত লোৱাত ভুক্তভোগী ৰাইজে কিছু নিশ্চিন্ত হৈছিল যদিও উক্ত সিদ্ধান্তও ৰহস্যজনকভাৱে স্থবিৰ হৈ পৰাত অনিশ্চয়তাৰে আশ্ৰয় শিৱিৰত দিন কটাইছে ভুক্তভোগী ৰাইজে ৷

শিৱিৰটোত থকা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে অকল আশ্বাসৰ পিছত আশ্বাস দি আছে যদিও কোনোধৰণৰ কাৰ্যকৰী নোহোৱাত অসহায় ৰাইজ দিশহাৰা হৈ পৰিছে ৷ যদিহে অসম চৰকাৰে পুনৰসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, তেন্তে অৰুণাচলত প্ৰদেশত প্ৰৱেশ কৰিব বুলিও জানিবলৈ দিছে ভুক্তভোগী ৫০ টা পৰিয়ালে ৷

ইফালে আশ্ৰয় শিৱিৰটোত থকা শিৱগুৰিৰ ভুক্তভোগী ৫০ টা পৰিয়ালে অসম চৰকাৰ, জোনাই মহকুমা প্ৰশাসন তথা স্থানীয় বিধায়ক, সাংসদ আৰু মিচিং জাতীয় সংগঠনসমূহৰ ওচৰত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক : ১৫ আগষ্টৰ পূৰ্বে প্ৰদান কৰা হ’ব বানত ক্ষতিগ্ৰস্তৰ ক্ষতিপূৰণ : আৰু কি কি সিদ্ধান্ত কেবিনেটৰ ?

বানাক্ৰান্ত দুই তেলুগু ৰাজ্যলৈ ৰামোজী গ্ৰুপৰ ৫ কোটি টকা সাহাৰ্য : সাহাৰ্য পুঁজিলৈ অনুদানৰ আহ্বান

বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত ৰাজ্যজুৰি আছুৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.