ETV Bharat / state

বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা প্ৰসংগ: উচ্ছেদিত পৰিয়ালক 10 লাখৰ পৰিৱৰ্তে 50 লাখ টকাৰ ক্ষতিপূৰণৰ দাবী - Batadrava Police Station - BATADRAVA POLICE STATION

Batadrava Police Station Arson Case: বটদ্ৰৱা আৰক্ষীয়ে উচ্ছেদ কৰা পৰিয়ালসমূহক 10 লাখকৈ টকা ক্ষতিপূৰণৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে ৷ কিন্তু 10 লাখ টকাকৈ নহয়, 50 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া দাবী উত্থাপিত হৈছে ৷

NAGAON EVICTION VICTIM COMPENSATION
উচ্ছেদিত পৰিয়ালক 10 লাখৰ পৰিৱৰ্তে 50 লাখ টকাৰ ক্ষতিপূৰণৰ দাবী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:58 PM IST

উচ্ছেদিত পৰিয়ালক 10 লাখৰ পৰিৱৰ্তে 50 লাখ টকাৰ ক্ষতিপূৰণৰ দাবী (ETV Bharat Assam)

নগাঁও, 4 মে’: 2022 চনৰ 21 মে’ত সংঘটিত বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত হৈছিল ৰাজ্য কঁপোৱা এক ঘটনা ৷ একাংশ লোকে থানাখন জ্বলাই দিয়াৰ লগতে অভিযুক্তৰ বাসগৃহত আৰক্ষীয়ে বুলড’জাৰ চলাই উচ্ছেদ কৰা ঘটনাক লৈ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায় ।

উল্লেখ্য যে 2022ৰ 22 মে’ত নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাত আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছিল শালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন ব্যক্তিৰ । ছফিকুলৰ মৃত্যুৰ পিচতেই বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত হৈছিল লংকাকাণ্ড ।

  • " class="align-text-top noRightClick twitterSection" data="">

মৃত্যু হোৱা ছফিকুল ইছলামৰ পৰিয়াল তথা আত্মীয়ই বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে অগ্নিসংযোগ কৰিছিল থানাখনত । আৰক্ষী থানা জ্বলাই দিয়াৰ অভিযোগতেই পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীয়ে ছফিকুল ইছলামৰ লগতে আত্মীয়ৰ বাসগৃহত বুলড’জাৰ চলাই কেবাটাও বাসগৃহ উচ্ছেদ কৰিছিল ।

সমগ্ৰ ৰাজ্য কঁপাই যোৱা ঘটনাটোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জোনেইদ খলিফে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰে । উক্ত আবেদনৰ ভিত্তিত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায় প্ৰদান কৰে । আবেদনকাৰী অধিবক্তা জোনেইদ খলিফে জনোৱা মতে ন্যায়ালয়ৰ ৰায়দান অনুসৰি সেই সময়ৰ নগাঁও আৰক্ষীয়ে বাসগৃহ উচ্ছেদ কৰা প্ৰতিটো পৰিয়ালক অসম চৰকাৰে দহ লাখ টকা ক্ষতিপূৰণ দিবলগীয়া হৈছে ।

কিন্তু আবেদনকাৰী অধিবক্তাগৰাকীয়ে দাবী জনাইছে যে দহ লাখৰ বিপৰীতে প্ৰতিটো পৰিয়ালক 50 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে ৷ অধিবক্তাগৰাকীয়ে কয় যে উচ্ছেদৰ ফলত পৰিয়ালসমূহৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যৎ, আয়ৰ উৎসৰ সকলো শেষ হৈ গ’ল ৷ গতিকে 10 লাখ টকাৰ ক্ষতিপূৰণ যথেষ্ট কম হোৱা বুলি কয় অধিবক্তা জোনেইদ খলিফে ৷

লগতে পঢ়ক: উচ্চ ন্যায়ালয়ৰ বিষোদগাৰ: শাস্তিৰ সন্মুখীন হ’ব পাৰে বটদ্ৰবা বুলড’জাৰকাণ্ডত জড়িত বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.