গুৱাহাটী, 3 জুলাই : নিৰ্মাণকাৰ্যৰ বিলম্বৰ বাবে অসমত বহুকেইটা প্ৰকল্পৰ ব্যয় বহুগুণে বৃদ্ধি পাইছে ৷ নিৰ্ধাৰিত সময়ৰ বিপৰীতে বছৰৰ পাচত বছৰ ধৰি শামুকীয়া গতিত নিৰ্মাণকাৰ্য চলি থকাৰ বাবে অসমত কেইটাও বৃহৎ প্ৰকল্পৰ নিৰ্মাণ ব্যয় অত্যধিক হাৰত বৃদ্ধি পাইছে ৷ লক্ষণীয় বিষয় যে অসমত এঘাৰটাকৈ বৃহৎ প্ৰকল্প নিৰ্মাণৰ নামত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তকৈ 26,283 কোটি টকা ভৰিব লগা হৈছে ৷ শক্তি খণ্ডৰ পৰা ৰে’ল সেৱা, তৈল খণ্ডৰ পৰা পথ যোগাযোগ ব্যৱস্থালৈ এই এঘাৰটা প্ৰকল্পৰ নিৰ্মাণ কেতিয়া শেষ হ'ব তাৰো কোনো নিশ্চয়তা এতিয়াও নাই ৷
উল্লেখ্য যে পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ দপ্তৰে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি সময়মতে ৰূপায়ণ নোহোৱা দেশৰ অৰ্ধশতাধিক বৃহৎ প্ৰকল্পৰ বাবে অভাবনীয়ভাৱে ধন আৰু সময় ব্যয় হৈছে ৷ এই তালিকাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰো বহু কেইটা প্ৰকল্প আছে ৷ বিভাগীয় তথ্য অনুসৰি এই প্ৰতিবেদনত নিৰ্মাণ ব্যয় বৃদ্ধি পোৱা কেইবাটাও প্ৰকল্পৰ ওপৰত আলোকপাত কৰা হৈছে ৷
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প :
ব্যয় বৃদ্ধি পোৱা বৃহৎ প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৷ এই প্ৰকল্পটোৰ নিৰ্ধাৰিত নিৰ্মাণ ব্যয়তকৈ অতিৰিক্ত ব্যয় তিনিগুণ বৃদ্ধি পাইছে ৷ কিন্তু তথাপিও বৰ্ত্তমান সময়টো উৎপাদনৰ সময় পিছুৱাই থাকিব লগীয়া হৈছে ৷ নির্মাণ সম্পূৰ্ণ নোহোৱা প্ৰকল্পৰ ভিতৰত অসম-অৰুণাচল সীমান্তত নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে অভিলেখ স্থাপন কৰিছে ৷ এই প্ৰকল্পটোৰ নিৰ্মাণ 2010 চনৰ ছেপ্টেম্বৰ মাহত শেষ হ'ব লাগিছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই ৷ প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নতুনকৈ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে 2026 চনৰ মে' মাহ ৷
চৰকাৰী তথ্য অনুসৰি এই প্ৰকল্পটোৰ আৰম্ভণিতে নিৰ্মাণ ব্যয় 6.285.33 কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল ৷ কিন্তু নিৰ্ধাৰিত সময় বৃদ্ধি পোৱাৰ সমান্তৰালকৈ পুঁজি বৃদ্ধি পাই এতিয়া নতুনকৈ ইয়াৰ নিৰ্মাণ ব্যয় নিৰ্ধাৰণ কৰা হৈছে 21,247.54 কোটি টকা ৷ সময়মতে প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবদ অতিৰিক্তকৈ 14,962 কোটি টকা ভৰিব লগা হৈছে ৷ অতিৰিক্ত ব্যয়ৰ হাৰ 283 শতাংশ ৷ আনহাতে সময় বৃদ্ধি পাইছে 188 মাহ ৷
লগতে পঢ়ক : ফলপ্ৰসূ হ'ল নে গুৱাহাটীৰ পাহাৰ সংৰক্ষণৰ বাবে হাতত লোৱা ৪ কোটিৰ প্ৰকল্প ? - Guwahati Hill Conservation
নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প :
অসমত শক্তিখণ্ডৰ চলি থকা আন এটা প্ৰকল্প হৈছে নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প ৷ এই প্ৰকল্পটো চলিত বৰ্ষৰ জুন মাহত সম্পূৰ্ণ হ'ব লাগিছিল যদিও ইয়াৰ কাম কেতিয়া শেষ হ'ব তাৰ কোনো নিশ্চয়তা নাই ৷ 120 মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটোৰ নির্মাণ ব্যয় 1,115.91 কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল ৷ কিন্তু বৰ্তমানলৈ নিৰ্মাণ ব্যয় 1,795 কোটি টকা বৃদ্ধি পালে ৷ অর্থাৎ এই প্ৰকল্পটোৰ নামত কেন্দ্ৰই ইতিমধ্যে 680 কোটি টকা অতিৰিক্তকৈ ব্যয় কৰিব লগা হৈছে ৷
নতুন সংহত টাৰ্মিনেল ভৱন :
এই তালিকাত আছে গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ প্ৰসংগ ৷ 2016 চনত আৰম্ভ কৰা এই বিমান বন্দৰৰ নতুন সংহত টাৰ্মিনেল ভৱনৰ নিৰ্মাণ নিৰ্ধাৰিত সময়তকৈ চাৰি বছৰ পাৰ হৈ যোৱাৰ পিচতো কাম সম্পূৰ্ণ হোৱা নাই ৷ এই প্ৰকল্পৰ নিৰ্ধাৰিত নিৰ্মাণ ব্যয় আছিল 1,142 কোটি টকা ৷ কিন্তু নিৰ্মাণ ব্যয় বৃদ্ধি হৈ 2,333 কোটি টকা হৈছেগৈ ৷
নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰিত প্ৰকল্প :
ৰাজ্যৰ তৈলখণ্ডৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৷ নুমলীগড় শোধনাগাৰৰ উৎপাদন বৃদ্ধিৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে ৷ কিন্তু নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ নোহোৱাত বৃদ্ধি পাইছে নিৰ্মাণ ব্যয় ৷ ‘Numaligarh refinery Expansion Project 6 MMTPA Refinery' শীৰ্ষক বৃহৎ প্ৰকল্পটো নিৰ্ধাৰিত সময় অনুসৰি 14 মাহ পূৰ্বেই সম্পূৰ্ণ হ'ব লাগিছিল ৷ 2019 চনত কাম আৰম্ভ কৰা এই প্ৰকল্পটোত নিৰ্ধাৰিত নিৰ্মাণ ব্যয় আছিল 12,366 কোটি টকা ৷ কিন্তু নিৰ্ধাৰিত সময়ত কাম নোহোৱা বাবে ব্যয়ৰ পৰিমাণ 18,968 কোটি টকালৈ বৃদ্ধি পালে ৷ অর্থাৎ এই বৃহৎ প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় অতিৰিক্তকৈ 6,602 কোটি টকা বাঢ়িল ৷
তৈলক্ষেত্ৰৰ আন এটা প্ৰকল্প :
অইল ইণ্ডিয়া লিমিটেডৰ 'Revamping of Facilities at Existing Guwahati Terminal, Assam' শীর্ষক প্ৰকল্পটোৰ 2020 চনত কাম আৰম্ভ কৰা হৈছিল ৷ অৱশ্যে এই প্ৰকল্পটোৰ নিৰ্মাণৰ নিৰ্ধাৰিত সময়সীমা এতিয়াও যথেষ্ট আছে যদিও ব্যয়ৰ পৰিমাণ বৃদ্ধি পাইছে ৷ 2026 চনত নিৰ্মাণ সম্পূৰ্ণ হ'বলগা এই প্ৰকল্পটোৰ নিৰ্ধাৰিত ব্যয় হৈছে 543.91 কোটি টকা ৷ কিন্তু এতিয়ালৈকে অতিৰিক্তকৈ 126.9 কোটি টকা ব্যয় কৰিব লগা হৈছে ৷ অনাগত দিনত এই অতিৰিক্ত ব্যয় আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক : সৌৰশক্তিৰ নিয়ন্ত্রণত জনতা ভৱন : সেউজ শক্তিৰ দেশৰ প্ৰথমটো সচিবালয় - Solar Power Plants at Janata Bhawan
শক্তিখণ্ডৰ প্ৰকল্প :
শক্তি খণ্ডৰ আন এটা প্ৰকল্প হৈছে 'North East-Northern-Western Interconnector-I, Part-C' ৷ এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছিল 2019 চনত ৷ এই প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় নিৰ্ধাৰণ কৰা হৈছিল 1,326 কোটি টকা ৷ বর্তমানো কাম চলি থকা এই প্ৰকল্পটোৰ নামত এতিয়ালৈকে ব্যয় হৈছ 1,520 কোটি টকা ৷ অর্থাৎ কাম সম্পূর্ণ নৌহওঁতেই অতিৰিক্তকৈ প্ৰায় দুশ কোটি টকা ভৰিব লগা হ'ল ৷
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰকল্প :
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বঙাইগাঁও-গোৱালপাৰা-গুৱাহাটীৰ 176 কিলোমিটাৰ ৰে'লপথ নিৰ্মাণৰ কাম 2015 চনৰ এপ্ৰিলত আৰম্ভ কৰা হৈছিল ৷ প্ৰকল্প নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল 2,232.32 কোটি টকা ৷ কিন্তু প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় বৃদ্ধি হৈ 4,155.65 কোটি টকা হৈছে ৷ অর্থাৎ ৰে'ল বিভাগে এই প্ৰকল্পৰ বিপৰীতে বৰ্তমানলৈ অতিৰিক্তকৈ খৰচ কৰিব লগা হৈছে 1,923.33 কোটি টকা ৷
ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ তিনিটা প্ৰকল্প :
ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ তিনিটা প্ৰকল্পৰ নামত অতিৰিক্তকৈ যথেষ্ট পুঁজি ব্যয় কৰিব লগা হৈছে ৷ মৰাণ বাইপাছৰ পৰা বগীবিললৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰি লেন কৰাৰ নামত ব্যয় নিৰ্ধাৰণ কৰা হৈছিল 252 কোটি টকা ৷ কিন্তু এই প্ৰকল্পৰ নামত এতিয়ালৈকে ব্যয় কৰা হৈছে 330.4 কোটি টকা ৷ সেইদৰে 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাচাৰা-হাৰাংগাজাও পথছোৱা চাৰি লেন কৰাৰ নামত প্ৰকল্প ব্যয় নিৰ্ধাৰণ কৰা হৈছিল 818 কোটি টকা ৷ 2017 চনত আৰম্ভ কৰা এই কামটো এতিয়াও সম্পূৰ্ণ নোহোৱাত নির্মাণ ব্যয় 887.68 কোটি টকালৈকে বৃদ্ধি পালে ৷
আনহাতে নুমলীগড়ৰ পৰা যোৰহাটলৈ চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত ব্যয় নিৰ্ধাৰণ কৰা হৈছিল 454.89 কোটি টকা ৷ কিন্তু বৰ্তমানলৈ ইয়াৰ ব্যয় বৃদ্ধি পালে 814.56 কোটি টকা ৷ কাম লেহেমীয়া হোৱাৰ পৰিণতিত কেন্দ্ৰই অতিৰিক্তকৈ 359.67 কোটি টকা ভৰিবলগা হ'ল ৷ 2018 চনৰ মে' মাহৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল ৷ অথচ নিৰ্ধাৰিত সময়তকৈ 70 মাহ পাৰ হৈ যোৱাৰ পাচতো এতিয়াও প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই ৷ যাৰ ফলত প্ৰকল্পটোৰ নামত ব্যয় প্ৰায় 80 শতাংশলৈ বৃদ্ধি পাইছে ৷
মুৰ্কংচেলেক-পাচিঘাট সংযোগী ৰে'ল পথ :
মুৰ্কংচেলেক-পাচিঘাট সংযোগী ৰে'ল পথছোৱা নির্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য 2020 চনৰ মাৰ্চ মাহৰ পৰা পিচুৱাই এতিয়া 2025 চনৰ মাৰ্চ মাহ ধাৰ্য কৰা হৈছে ৷ প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় 414.84 কোটিৰ পৰা বৃদ্ধি পাই হৈছেগৈ 1187.49 কোটি টকা ৷ অর্থাৎ 186.25 শতাংশ নির্মাণ ব্যয় বৃদ্ধি পাইছে ৷ সেইদৰে নিৰ্ধাৰিত সময়তকৈ প্ৰকল্পটো নির্মাণ 60 মাহ পলম হৈছে ৷
ডিমাপুৰ-কহিমা সংযোগী ৰে'ল প্ৰকল্প :
শামুকীয়া গতিত চলি থকা আন এটা প্ৰকল্প হৈছে ডিমাপুৰ-কহিমা সংযোগী ৰে'ল প্ৰকল্পটো ৷ এই প্ৰকল্পটো 2015 চনৰ মাৰ্চ মাহত সমাপ্ত হোৱাৰ কথা আছিল যদিও এতিয়া 2026 চনৰ মাৰ্চ মাহতহে প্ৰকল্পটো সম্পূৰ্ণৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷ যাৰ বাবে 2326.52 কোটি টকীয়া প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় এতিয়া বৃদ্ধি পাই হৈছেগৈ 6663 কোটি টকা ৷ অর্থাৎ 186.39 শতাংশ বৃদ্ধি পাইছে প্ৰকল্প ব্যয় ৷
লক্ষণীয় বিষয় যে এই প্ৰকল্পকেইটাত কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান জড়িত হৈ আছে ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত জড়িত হৈ আছে এন এইচ পি চিৰ দৰে নিৰ্মাণকাৰী প্ৰতিষ্ঠান ৷ ইতিমধ্যে প্ৰকল্পসমূহৰ সময় আৰু ব্যয় বৃদ্ধি পোৱাৰ প্ৰসংগত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় উদ্বিগ্ন হৈ বিষয়টোত হস্তক্ষেপ কৰিছে ৷
লগতে পঢ়ক : NHPC ভৱিষ্যতৰ বাবে এক অশনি সংকেত : মানৱ অধিকাৰ সংগ্ৰাম সমিতি - MASS Reacts On NHPC Dam