মিৰ্জা, 12 মাৰ্চ : ‘‘কা সন্দৰ্ভত পূৰ্বতে গোচৰ তৰা হৈছিল যদিও পুনৰ আদালতত গোচৰ তৰা হ’ব । কা-খন এখন জঘন্য সংবিধান বিৰোধী আইন । বিৰোধী ঐক্য মঞ্চৰ হৰতাল কাৰ্যসূচীৰ প্ৰতি সকলো অসমীয়াই সহযোগিতা আগবঢ়াওক ৷" দিল্লীৰ পৰা উভতি আহি বৰঝাৰ বিমান বন্দৰত মঙলবাৰে সংবাদ মাধ্যমৰ আগত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত এই মন্তব্য আগবঢ়ায় কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই ৷ আনকি কা-ৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ যাব বুলিও তেওঁ মন্তব্য কৰে ৷
লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত বিৰোধী দলপতিগৰাকীয়ে শাসকীয় দলটোক কটাক্ষ কৰি কয়, "বিজেপিয়ে ৱাচিং মেচিনত ভৰাবলৈ সকলোকে অনাৰ দৰেই অৱস্থা হোৱা নাই কংগ্ৰেছৰ । কংগ্ৰেছত নেতাৰ অভাৱ হোৱা নাই । মই ইমান ভয়াতুৰ নহয়, ব্যক্তিগভাৱে ইচ্ছা নাথাকিলেও দলে বিচাৰিলে যোৰহাট কিয় যিকোনো সমষ্টিতেই নিৰ্বাচন খেলিবলৈ সাজু’’ ।
‘‘দুই-এটা সমষ্টিত আসনক লৈ আলোচনা চলি থকাৰ বাবে এতিয়ালৈ চূড়ান্ত হোৱা নাই প্ৰাৰ্থী তালিকা । চূড়ান্ত তালিকাক লৈ আৰু দুদিন সময় লৈছে কেন্দ্ৰীয় নেতৃবৰ্গই । ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ বাহিৰে আন সমষ্টিসমূহত প্ৰাৰ্থী চূড়ান্ত হোৱা নাই ।" লোকসভা নিৰ্বাচনত প্ৰাৰ্থী সন্দৰ্ভত তেওঁ এই বুলি মন্তব্য কৰে ৷
লক্ষণীয় বিষয় যে, আপে প্ৰায় এটা মাহৰ পূৰ্বে প্ৰাৰ্থী ঘোষণা কৰি প্ৰচাৰত ব্যস্ত হৈছে ৷ কিন্তু বিৰোধী ঐক্য মঞ্চই আজি পৰ্যন্ত চূড়ান্ত কৰিব পৰা নাই সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম। যিটো বিষয় ৰাজ্যৰ ৰাজনীতিত এতিয়া বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বলৱৎ কৰিছে কা : চি পি আই এম