ETV Bharat / state

সদনত উপস্থিত নাথাকে শাসক পক্ষৰ অধিকাংশ বিধায়ক: বিৰোধীৰ সংকল্প প্ৰস্তাৱত ভোটদান

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 3:38 PM IST

Akhil Gogoi Resolution Proposal : শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে অস্বস্তিত পৰে শাসকীয় দল । বিধায়ক অখিল গগৈৰ কৃষি পথাৰত জলসিঞ্চন ব্যৱস্থাক লৈ সংকল্প প্ৰস্তাৱৰ সময়ত উপস্থিত নাছিল শাসকীয় পক্ষৰ সৰহসংখ্যক সদস্য । যাৰ বাবে এক প্ৰকাৰ হাহাকাৰ লাগে শাসকীয় পক্ষৰ ।

বিৰোধীৰ সংকল্প প্ৰস্তাৱত ভোটদান
বিৰোধীৰ সংকল্প প্ৰস্তাৱত ভোটদান
বিৰোধীৰ সংকল্প প্ৰস্তাৱত ভোটদান

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : সদনৰ কাৰ্যসূচীত উপস্থিত নাথাকে শাসকীয় পক্ষৰ অধিকসংখ্যক বিধায়ক । এই কথা প্ৰতীয়মান হয় শুকুৰবাৰে বিধানসভাৰ বাজেট অধিবেশনৰ সময়ত । উল্লেখ্য যে বিধানসভাৰ বাজেট অধিবেশনৰ একাদশ দিনত কৃষিপথাৰত জলসিঞ্চন নিশ্চিত কৰাক লৈ সদনত অখিল গগৈয়ে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে ।

বিধানসভাৰ অধ্যক্ষই এই প্ৰস্তাৱত ধ্বনি ভোটৰ আহ্বান জনায় । কিন্তু বিৰোধীয়ে ভোটদানৰ দাবী কৰে । ইয়াৰ বাবে ১০ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অধ্যক্ষই । পিচত ভোটদানৰ ফলাফল অনুযায়ী শাসকীয় পক্ষৰ ৩৯ টা আৰু বিৰোধীৰ ৩০ টা ভোটদান‌ হয় ।

এই‌ সন্দৰ্ভত অখিল‌ গগৈয়ে কয়, "প্ৰথমবাৰ সংকল্প প্ৰস্তাৱত ভোট হৈছে । অসমত ১২ মাহে খেতি কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা সন্দৰ্ভত বিৰোধীয়ে ৩০ টা ভোট লাভ কৰো । এআইইউডিএফ, কংগ্ৰেছ, চিপিআইএমক ধন্যবাদ জ্ঞাপন কৰিছো ।" তেওঁ লগতে কয়‌ বিৰোধী পুনৰ ঐক্যবদ্ধ হৈছে । এটাও ‌ভোট বাহিৰলৈ যোৱা নাই । ইয়াৰ দ্বাৰা চৰকাৰে ভয় খাইছে ।

ইপিনে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে বিৰোধীৰ ৩০ গৰাকী সদস্যৰ বিচৰা ভোটখিনি লাভ কৰিছো । শাসকীয় ৯০ গৰাকী বিধায়কৰ ৩৯ গৰাকীয়ে ভোটদান কৰে । এয়া গণতন্ত্ৰৰ বাবে এক অশুভ লক্ষণ । বিৰোধী ঐক্যবদ্ধ হৈছে । বিৰোধীৰ মাত্ৰ তিনিগৰাকী সদস্য উপস্থিত নথকা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে‌ হুইপ জাৰি কৰা‌ হৈছিল ।

উল্লেখ্য যে অখিল গগৈৰ সংকল্প প্ৰস্তাৱ সন্দৰ্ভত ভোটদানক লৈ এক প্ৰকাৰ হাহাকাৰ লাগে শাসকীয় পক্ষৰ । কিয়নো অধ্যক্ষই ধ্বনি ভোটত এই প্ৰস্তাৱ গৃহীত কৰিব বিচাৰে যদিও অখিল গগৈয়ে এই সন্দৰ্ভত ভোটদানৰ দাবী জনায় । কিন্তু সেই সময়ত সদনত শাসকীয় দলৰ সৰহসংখ্যক সদস্যয়ে উপস্থিত নাছিল ।

আনহাতে, ভোটদানৰ বাবে অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰখাৰ পিছত শাসকীয় দলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে ভোটদানৰ সময়ত শাসকীয় পক্ষৰ ৩৯ গৰাকী সদস্যই ভোটদান কৰি ৯ টা ভোটৰ ব্যৱধানত চৰকাৰক শ'লঠেকত পৰাৰ পৰা ৰক্ষা কৰে ।

লগতে পঢ়ক :সদনত হূলস্থূল কৰাৰ বাবে নিলম্বিত বিধায়ক শ্বেৰমান আলী আৰু আশ্ৰাফুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.