ETV Bharat / state

মৃত সন্তানক সুস্থ কৰিবলৈ ৩০ কিলোমিটাৰ দূৰলৈকে চোঁচৰাই নিলে শুৰেৰে - ELEPHANT CUB DEATH

মমতাময়ী মাতৃ । সন্তানৰ মৃত্য়ুৰ পিছতো সুস্থ হোৱাৰ কামনাৰে শুৰেৰে চোঁচৰাই নিলে মাতৃয়ে ।

Elephant death in Assam
মৃত সন্তানক সুস্থ কৰিবলৈ ৩০ কিলোমিটাৰ দূৰলৈকে চোঁচৰাই নিলে শুৰেৰে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 4:21 PM IST

যোৰহাট : এটি মৃত হাতী পোৱালি । বৃহৎ বন্যহস্তীৰ জাকৰ মাজত অহা এই হাতী পোৱালিটোৰ কোনো কাৰণত মৃত্য়ু হয় । কিন্তু মৃত হাতী পোৱালিটোৰ মাতৃয়ে এৰা নাছিল লগ । মৰম-চেনেহ এক শব্দ নহয়, ইয়াৰ সৈতে জড়িত হৈ থাকে আৱেগ ।

আৱেগৰ বশৱৰ্তী হৈ মৃত সন্তানক লৈ ৩০ কিলোমিটাৰ ঘূৰি ফুৰে এই হাতীটোৱে । ৩০ কিলোমিটাৰ দূৰলৈকে নিজৰ মৃত সন্তানক পুনৰ সুস্থ কৰিবলৈ এঠাইৰ পৰা আন এটা স্থানলৈ ঢপলিয়াই ঘূৰা দৃশ্য়ই সকলোৰে অন্তৰ জোকাৰি যায় ।

মৃত সন্তানক সুস্থ কৰিবলৈ ৩০ কিলোমিটাৰ দূৰলৈকে চোঁচৰাই নিলে শুৰেৰে (ETV Bharat Assam)

মৰিয়নীৰ হোলোঙাপাৰা গিৱন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল এটা বৃহৎ বন্যহস্তীৰ জাক । উক্ত হাতীৰ জাকটোৰ মাজত থকা এটি কণমানি হাতী পোৱালিৰ মৃত্যু হয় । কণমানি হাতী পোৱালিটোৰ মৃত্যুৱে মনোকষ্ট দিয়ে জন্মদাত্ৰী মাতৃক । সেয়েহে সন্তানৰ মৃত্যু বেদনা সহ্য কৰিব নোৱাৰি বুধবাৰৰ পৰা মৰণকাতৰ আৰ্তনাদ কৰি ঘুৰি ফুৰিছিল হাতী পোৱালিটোৰ মাকজনীয়ে ।

আনকি মৃত পোৱালিটোক এৰি নিদি মাকজনীয়ে শুৰেৰে নিশা এটা স্থানৰ পৰা অন্য এক স্থানলৈ কঢ়িয়াই লৈ ফুৰিছিল । মাকৰ পৰা মৃত হাতী পোৱালিটো পৃথক কৰিবলৈ চেষ্টাত ব্ৰতী হয় বন বিভাগ আৰু স্থানীয় ৰাইজ । কিন্তু প্ৰথম অৱস্থাত এই কাৰ্যত বিফল হয় বন বিভাগ । অৱশেষত মাকৰ পৰা হাতী পোৱালিটো পৃথক কৰিবলৈ সক্ষম হ'ল বন বিভাগ ।

ইতিমধ্যে হাতী পোৱালিটোক বন বিভাগে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হ'ব কি কাৰণত হাতী পোৱালিটোৱে মৃত্যুক আঁকোৱালি ল'লে । আনহাতে,৩০ কিলোমিটাৰ ধৰি মাকজনীয়ে মৃত হাতী পোৱালিটোক কঢ়িয়াই লৈ ফুৰা দৃশ্যই সকলো লোকৰে চকু সেমেকাই তোলে ।

লগতে পঢ়ক:জিনজিয়াৰ পথাৰত কেনেকৈ মৃত্যু হ'ল হাতীটোৰ ! কাৰণ বিচাৰি পোৱা নাই পশু চিকিৎসকেও

খেতিয়কে চোৰাংকৈ লগোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বনৰীয়া হাতীটোৰ মৃত্যু !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.