ETV Bharat / state

সৰুপথাৰত ৮১ সংখ্যক মৃত্যু তিথিত শ্বহীদ কুশল কোঁৱৰক সোঁৱৰণ - Martyr Kushal Konwar - MARTYR KUSHAL KONWAR

Freedom fighter Kushal Konwar : সৰুপথাৰ মহাবিদ্যালয়ৰ কুশল কোঁৱৰ অধ্যয়ন কেন্দ্ৰ, আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু ছাত্ৰ একতা সভাৰ সহযোগত শ্বহীদ কুশল কোঁৱৰৰ 81 সংখ্যক মৃত্যু দিৱস পালন ৷ শ্বহীদজনাৰ স্মৃতি ৰক্ষাৰ্থে মহাবিদ্যালয়খনে কেইবাটাও পদক্ষেপ হাতত লৈছে বুলি উল্লেখ কৰে কৰ্তৃপক্ষই ৷

DEATH ANNIVERSARY OF KUSHAL KONWAR
শ্বহীদ কুশল কোঁৱৰৰ আজি 81 সংখ্যক মৃত্যু দিৱস (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 5:31 PM IST

Updated : Jun 15, 2024, 5:59 PM IST

সৰুপথাৰ, 15 জুন : আজি স্বাধীনতা সংগ্ৰামী তথা শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস ৷ '42ৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ তথা ফাঁচীকাঠত মৃত্যুক আকোৱালি লোৱা শ্বহীদ কুশল কোঁৱৰৰ আজি 81 সংখ্যক মৃত্যু দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে ৷ ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে আজিৰ মৃত্যু তিথিত অমৰ শ্বহীদজনক শ্ৰদ্ধাৰে সুঁৱৰিছে ৷

সৰুপথাৰ মহাবিদ্যালয়ত শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস পালন (ETV BHARAT ASSAM)

গোলাঘাটৰ সৰুপথাৰ মহাবিদ্যালয়তো আজিৰ দিনটোক শ্বহীদজনাক সোঁৱৰণ কৰা হয় ৷ মহাবিদ্যালয়খনৰ কুশল কোঁৱৰ অধ্যয়ন কেন্দ্ৰ, আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু ছাত্ৰ একতা সভাৰ সহযোগত শ্বহীদ কুশল কোঁৱৰৰ 81 স‌ংখ্যক মৃত্যু তিথি উপলক্ষে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে ৷ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই আঁতধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ প্ৰাপ্তি ঠাকুৰে ৷

লগতে পঢ়ক : তেজপুৰত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিতব্য় দশম আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰস্তুতি - International Day of Yoga 2024

সভাখনত উপস্থিত থাকে কুশল কোঁৱৰৰ নাতি মৃদুল কোঁৱৰ ৷ তেওঁ অনুভৱ ব্যক্ত কৰি মহাবিদ্যালয়ৰ এই প্ৰয়াসক শলাগ লয় ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয় কৰ্তৃপক্ষই এক চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰে ৷ উল্লেখ্য যে বাৰঘৰীয়া অংগনৱাড়ী কেন্দ্ৰৰ কেইবাগৰাকীও কণ-কণ শিক্ষাৰ্থীয়ে সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত হৈ কবিতা, বক্তৃতাৰে শ্বহীদগৰাকীক স্মৰণ কৰে ৷ ইফালে শ্বহীদজনাৰ স্মৃতি ৰক্ষাৰ্থে মহাবিদ্যালয়খনে কেইবাটাও পদক্ষেপ হাতত লৈছে বুলি উল্লেখ কৰে ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই ৷

উল্লেখ্য যে, 1905 চনত এতিয়াৰ গোলাঘাট জিলাৰ অন্তৰ্গত ফৰকাটিং বালিজান গাঁৱত কুশল কোঁৱৰৰ জন্ম হৈছিল ৷ তেওঁৰ পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোঁৱৰ ৷ 1942 চনৰ ৯ অক্টোবৰত সংঘটিত হোৱা সৰুপথাৰৰ ৰে’ল দুৰ্ঘটনাৰ বাবে অভিযুক্ত কৰি তেওঁক ১৯৪২ চনৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল বৃটিছ চৰকাৰে। তেওঁৰ বিৰুদ্ধে চলা বিচাৰত এই দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি 15 জুনত মৃত্যুদণ্ডৰ শাস্তি বিহা হৈছিল শ্বহীদ কুশল কোঁৱৰক।

লগতে পঢ়ক : ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য অকাদেমি বঁটা - BAL SAHITYA PURASKAR 2024

Last Updated : Jun 15, 2024, 5:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.