ডিব্ৰুগড়: বিগত ৬ টা দিনে ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা সন্ধানহীন হৈ থকা যোৰহাট টীয়কৰ মধুস্মিতা বৰুৱা (২৪) নামৰ এগৰাকী যুৱতীৰ মৃতদেহ অৱশেষত আজি উদ্ধাৰ হয় । লেপেটকটা আৰক্ষী চকীৰ অন্তৰ্গত কোটোহা আলিয়াচুকৰ চেঁচা নদীত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ । ৩ নৱেম্বৰৰ বিয়লি সময়ৰ পৰাই বৰবৰুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী ।
লগতে পঢ়ক: কলিয়াবৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ ডিমাপুৰৰ দম্পতীৰ মৃতদেহ - Couple death body Recovered
জানিব পৰা অনুসৰি, যুৱতীগৰাকী বৰবৰুৱাৰ Jio Distributor নামৰ এটা কোম্পানীত কৰ্মৰত আছিল । মধুস্মিতা বৰুৱাই লেপেটকটা ঘূৰণীয়াত বায়েকৰ সৈতে থাকি কোম্পানীত কৰ্মৰত আছিল । ৩ নৱেম্বৰৰ বিয়লি সময়ৰ পৰাই নিৰুদ্দেশ হোৱা পাছতে পৰিয়ালে বৰবৰুৱা আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত পংকজ গগৈ নামৰ টীয়কৰ এজন যুৱকক বৰবৰুৱা আৰক্ষীয়ে মৰাণ ছ্যুকাফা নগৰত এটা ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ তিনিদিনৰ বাবে আৰক্ষী জিম্মাত আনি তদন্ত অব্যাহত ৰাখিছে ।
টীয়কৰে যুৱক পংকজে মধুস্মিতাৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে । ৩ ছেপ্টেম্বৰৰ দিনা মৰাণ ছ্যুকাফা নগৰত দুয়ো এৰাতি থকাৰ পিছত পংকজে মধুস্মিতাক ট্ৰেভেলাৰ গাড়ীত উঠাই পঠিওৱা বুলি আৰক্ষীক জানিবলৈ দিছিল । কিন্তু সেই দিনটোৰ পৰাই কোনো সন্ধান নাছিল যুৱতীগৰাকীৰ । ইয়াৰ পাছতে আজি স্থানীয় লোকে চেঁচা নদীত এগৰাকী যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত লেপেটকটা আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ।
লগতে পঢ়ক: অৰুণাচল সীমান্তৱৰ্তী জহিং নৈৰ বালিচৰত উদ্ধাৰ এটা মৃতদেহ
ইফালে মৰাণ ছ্যুকাফা নগৰৰ ভাৰাঘৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনে ভাৰাঘৰৰ মালিকৰ অনুমতি অবিহনে সন্ধিয়া যুৱতীগৰাকীক লৈ গৈছিল । চি চি টিভি চাইহে ভাৰাঘৰৰ মালিক অৱগত হৈছিল সমগ্ৰ ঘটনাৰ । আজি মৃতদেহ উদ্ধাৰ হোৱা পাছতেই ৰহস্যৰ সৃষ্টি হৈছে ৷ প্ৰশ্ন উত্থাপন হৈছে আত্মহত্যা নে হত্যাৰ বলি হ'ল মধুস্মিতা বৰুৱা ।
ঘটনাক লৈ কি কয় মৃত মধুস্মিতাৰ ভাতৃয়ে :
আজি মধুস্মিতাৰ মৃতদেহ উদ্ধাৰ হোৱা পাছতেই তেওঁৰ ভাতৃয়ে কয়, "সন্ধানহীন হোৱাৰ দিনা বহুবাৰ ফোন কৰা হৈছিল পংকজ গগৈক । বাইদেউ লগত থকাৰ কথা জনোৱা নাছিল । আৰক্ষীয়ে আটক কৰাৰ দিনাও প্ৰথমে মিছা কথা কৈ আছিল । কিন্তু পিছত এটা নিশা দুইজন মৰাণৰ ভাৰাঘৰত থকাৰ কথা আৰক্ষীক কৈছিল । মৰাণৰ পৰা এখন ট্ৰেভেলাৰত উঠাই দিয়া বুলি কৈছিল পংকজে ৷ কিন্তু এই কথা পৰিয়ালক জনোৱা নাছিল । আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছিল, কিন্তু ইয়াৰ মাজতে আজি মৃতদেহ উদ্ধাৰ হ'ল ।"
লগতে পঢ়ক: মাকুমত পুখুৰীত উদ্ধাৰ উৱলি যোৱা মৃতদেহ - Death mystery in Tinsukia