ETV Bharat / state

চাঞ্চল্যকৰ ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হত্যাৰ আঁৰত দেহ ব্য়ৱসায় - Sensational murder in Guwahati - SENSATIONAL MURDER IN GUWAHATI

DCP of Jalukbari press meet :ট্রেন্সপ'র্ট এজেন্টৰ হত্য়াকাণ্ডই জোঁকাৰিছে মহানগৰী । ইয়াৰ মাজতেই আৰক্ষীয়ে ক'লে এই কাণ্ডৰ আঁৰত কোন জড়িত ।

DCP of Jalukbari press meet
জালুকবাৰীৰ উপ আৰক্ষী আয়ুক্তৰ সংবাদমেল (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 9:18 PM IST

গুৱাহাটী, ১৫ জুলাই: ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা (৩২) নামৰ ট্রেন্সপ'র্ট এজেন্টজনৰ হত্য়াকাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ । যোৱা ৮ জুলাইৰ নিশাৰে পৰা সন্ধানহীন হৈ থকা ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ মৃতদেহ তিনিদিনৰ মূৰত উদ্ধাৰ হোৱাৰ পিচত আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে নতুন তথ্য় । হত্যাকাণ্ডৰ আঁৰত আছিল দেহ ব্যৱসায় চক্ৰ । সোমবাৰে জালুকবাৰীৰ উপ-আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱাই এক সংবাদমেলত এই ঘটনা সম্পৰ্কে ব্য়াখ্য়া কৰে ।

জালুকবাৰীৰ উপ আৰক্ষী আয়ুক্তৰ সংবাদমেল (ETV BHARAT ASSAM)

উপ-আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱাই কয় যে কামাখ্যা ৰে'লৱে ষ্টেচনলৈ যোৱাৰ সময়ত যোৱা ৮ জুলাইৰ পৰা সন্ধানহীন হৈছিল উত্তৰ প্রদেশন ৰঘুবেন্দ্র কুমাৰ গুপ্তা । ৩২ বছৰীয়া ট্রেন্সপ'র্ট এজেন্টজনৰ মৃতদেহ যোৱা ১১ জুলাইত কামাখ্যা ৰে'লৱে ষ্টেচনৰ সমীপৰ গ্রীণ পার্ক ক'লনীৰ বস্তি এলেকাৰ নলাত বস্তাৰ ভিতৰত উদ্ধাৰ হৈছিল । ৰঘুবেন্দ্ৰৰ হত্যাকাণ্ডত জড়িত আছে এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰ-নাবালিকা কন্যা, চুবুৰীয়া এগৰাকী মহিলা আৰু তেওঁৰ নাবালিকা কন্যা । মহিলাগৰাকীৰ নাবালিকা কন্য়াৰে ৰঘুবেন্দ্ৰৰ গঢ় লৈ উঠিছিল শাৰীৰিক সম্পৰ্ক । সেই সম্পৰ্কৰ বাবে ৮ জুলাইৰ নিশা মহিলাগৰাকীৰ কামাখ্যা ষ্টেচনৰ কাষৰ ভাড়াঘৰলৈ গৈছিল ৰঘুবেন্দ্ৰ । সেই সময়ত ঘৰতেই আছিল মহিলাগৰাকীৰ পুত্ৰ তথা নাবালিকাগৰাকীৰ ভাতৃ ।

আৰক্ষীয়ে পুনৰ কয় যে নিশাৰ ভাগত সামান্য কথাত সৃষ্টি হৈছিল কাজিয়াৰ । এই কাজিয়াৰ মাজতেই মহিলাগৰাকীৰ পুত্ৰই ৰঘুবেন্দ্ৰৰ মূৰৰ পাচফালে এটা পটাগুটিৰে প্ৰহাৰ কৰিছিল । ফলত থিতাতেই প্ৰাণ যায় ৰঘুবেন্দ্ৰৰ । সেইসময়ত মহিলাগৰাকীৰ ঘৰতেই আছিল সমীপৰ অভিযুক্ত আন এগৰাকী মহিলা আৰু তেওঁৰ নাবালিকা কন্য়া । হত্যাকাণ্ডৰ পাচতেই মৃতদেহটো এটা বস্তাত ভৰাই ঘৰৰ পাচফালৰ খিৰিকীৰে পেলাই দিয়ে ।

লগতে পঢ়ক:দুজনী পত্নীয়েই কাল হ’ল নেকি চৈয়দ আলীৰ ! - Sensational murder in Guwahati

এই মহিলাগৰাকীৰ ওচৰৰে মুকবধিৰ মহিলাগৰাকীয়ে বছৰ বছৰ ধৰি অঞ্চলটোত চলাই আহিছে দেহ ব্যৱসায় চক্ৰ । দেহ ব্যৱসায়ৰ বাবেই ৰঘুবেন্দ্ৰৰে চিনাকি আছিল মুকবধিৰ মহিলাগৰাকীৰ । শেহতীয়াকৈ মুকবধিৰ মহিলাগৰাকীয়ে ওচৰৰে মহিলাগৰাকীৰ নাবালিকা কন্য়াকো জড়িত কৰিছিল দেহ ব্যৱসায়ত । তেওঁৰ জৰিয়তে এনেদৰেই নাবালিকাগৰাকীৰে বিগত ১৫-১৬ দিনৰ পৰা গঢ় লৈ উঠিছিল ৰঘুবেন্দ্ৰৰ সম্পৰ্ক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই দুয়োগৰাকী মহিলাৰ লগতে এজন যুৱক আৰু দুগৰাকী নাবালিকাক । জুভেনাইল আইনৰ অধীনত আটক কৰি শিশুগৃহলৈ প্ৰেৰণ কৰিছে দুই নাবালিকাক ।

ৰঘুবেন্দ্ৰৰ মৃতদেহৰ কাষত কি উদ্ধাৰ হৈছিল

আৰক্ষীয়ে ৰঘুবেন্দ্ৰৰ মৃতদেহৰ কাষত উদ্ধাৰ কৰিছিল ৰঘুবেন্দ্ৰৰ দুটা মোবাইল ফোন । মোবাইলৰ ক'ভাৰৰ পাচফালে উদ্ধাৰ কৰিছিল এখন প্ৰিন্টেড ফটো । এই ফটোখনৰ আধাৰতেই আৰক্ষীয়ে আগবঢ়াই নিছিল তদন্ত । ইপিনে, এই সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে অভিযুক্ত মহিলাগৰাকীয়ে ।

লগতে পঢ়ক:মহিলাসহ গ্ৰেপ্তাৰ চাৰি : ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হত্যাকাণ্ডৰ নতুন মোৰ - Sensational murder in Guwahati

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.