ETV Bharat / state

ডি বি ষ্টকত সাঁচতীয়া ধন থৈ হাহাকাৰ বিনিয়োগকাৰীৰ : থানাত ভিৰ বাঢ়িছে গ্ৰাহকৰ - DB STOCK BROKING CASE

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 9:23 PM IST

DB Stock case : ডি বি ষ্টক ব্ৰকিঙৰ বিত্তীয় দুৰ্নীতিৰ প্ৰসংগ ৷ কপালৰ ঘাম মাটিত পেলাই জমা কৰা ধন বিচাৰি থানাত ভিৰ বাঢ়িছে বিনিয়োগকাৰীৰ ৷ দাখিল হৈছে বহু এজাহাৰ ৷

DB Stock case
ডি বি ষ্টক সাচতীয়া ধন থৈ হাহাকাৰ বিনিয়োগকাৰীৰ : থানাত ভিৰ বাঢ়িছে গ্ৰাহকৰ (ETV Bharat)

গুৱাহাটী/ ৰঙিয়া, ২৩ আগষ্ট : ডি বি ষ্টক ব্ৰকিঙৰ বিত্তীয় দুৰ্নীতি ৷ এই বিত্তীয় দুৰ্নীতিৰ প্ৰৱঞ্চনাৰ বলি হৈ সৰ্বস্বান্ত হোৱা ভুক্তভোগী বিনিয়োগকাৰীৰ সোঁত বৈছে পল্টন বজাৰ আৰক্ষী থানালৈ । শুকুৰবাৰে পল্টন বজাৰ থানাত বহু বিনিয়োগকাৰীয়ে কেইবাখনো এজাহাৰ দাখিল কৰে ।

ডি বি ষ্টক সাচতীয়া ধন থৈ হাহাকাৰ বিনিয়োগকাৰীৰ (ETV Bharat)

ভুক্তভোগী বিনিয়োগকাৰীৰ পৰা জবানবন্দী সংগ্ৰহ কৰিছে পল্টবজাৰ আৰক্ষীয়ে । আনহাতে ডি বি ষ্টককাণ্ডৰে জড়িত থকাৰ সন্দেহত ইতিমধ্যে ১২ কৰ্মচাৰীক আটক কৰিছে আৰক্ষীয়ে । ইতিমধ্যে ৯ যুৱক আৰু ৩ যুৱতীক আটক কৰি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ।

DB Stock case
এজাহাৰ দাখিল (ETV Bharat)

আনহাতে, বৃহস্পতিবাৰে প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেমিকা মনালিছা দাসক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হয় । তাৰ পাছত মনালিছাক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে ।

অভিযোগ অনুসৰি, বহু বিনিয়োগকাৰীয়ে মনালিছাৰ জৰিয়তে বিনিয়োগ কৰিছিল লাখ লাখ টকা । দীপাংকৰৰ প্ৰেয়সী মনালিছাক আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতেই নিশা মহানগৰীৰ উলুবাৰীৰ বৰা চাৰ্ভিচত থকা ডি বি ষ্টক ব্ৰকিঙৰ কাৰ্যালয়ত চলোৱা হয় অভিযান ।

অভিযানকালত কাৰ্যালয়টোত থকা কেইবাটাও লেপটপ, কম্পিউটাৰ, হাৰ্ড ডিস্কৰ লগতে দুটা বেগত বহু নথি-পত্ৰ জব্দ কৰে আৰক্ষীয়ে । আনহাতে, নলবাৰীতো আছে দীপাংকৰ বৰ্মনৰ আন এটা কাৰ্যালয় । শীঘ্ৰে আন বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত দাখিল গোচৰ - DB Stock Consultancy case

ইফালে ডি বি ষ্টক ব্ৰকিঙৰ বিত্তীয় দুৰ্নীতিৰ বাবে ৰঙিয়াতো চকুপানী টুকিছে বিনিয়োগকাৰীয়ে । ৰঙিয়াত বিজেপি নেতা, ব্যৱসায়ী, আত্মসমৰ্পণকাৰী আলফা সদস্য, চৰকাৰী কৰ্মচাৰীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লোকে বিনিয়োগ কৰিছিল ধন ৷ শুকুৰবাৰে জমা ধন বিচাৰি উৱাদিহ নোপোৱা ৰঙিয়াৰ একাংশ বিনিয়োগকাৰীয়ে ভিৰ কৰে ৰঙিয়া থানাত ।

প্ৰাপ্ত তথ্য অনুসৰি, ৰঙিয়াতেই আছে এহেজাৰৰো অধিক বিনিয়োগকাৰী ৷ ৰঙিয়াত বিনিয়োগ হোৱা ধনৰ পৰিমাণেই হৈছেগৈ প্ৰায় এশ কোটি টকা । এই বিনিয়োগকাৰীসকলৰ কোনোবাই যদি লাখ টকা আকৌ কোনোবাই কোটি টকা বিনিয়োগ কৰিছিল ডি বি ষ্টকত । শুকুৰবাৰে ৰঙিয়া থানাত এগৰাকী আঢ়ৈ কোটি টকা ধন বিনিয়োগ কৰা লোকো আহিছে জমা ধনৰ খবৰ বিচাৰি । ইতিমধ্যে ৰঙিয়া থানাত গৰকাৰ জিতু কলিতাই এই বিষয়ে এজাহাৰ দাখিল কৰিছে ।

এজাহাৰকাৰীজনক ৰঙিয়া থানাত সংগ দিছিল প্ৰায় অৰ্ধ শতাধিক বিনিয়োগকাৰীয়ে । মুঠৰ ওপৰত সহজতে অধিক ধন লাভৰ আশা পুহি ৰখা এইসকল বিনিয়োগকাৰীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে । একাংশৰ মতে, এই বিনিয়োগকাৰীসকলৰ ধনৰ উৎসৰ ওপৰত তদন্ত কৰিলে ওলাই পৰিব সঁচা-মিছা বহু অজ্ঞাত কথা ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ তেতেলিয়াৰ বাসিন্দা দীপাংকৰ বৰ্মনে মহানগৰীৰ জি এছ ৰোডৰ বৰা ছাৰ্ভিচত বিগত তিনি বছৰ ধৰি ডি বি ষ্টক ব্ৰকিঙৰ কাৰ্যালয় খুলি সমগ্ৰ ৰাজ্যৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছে ।

সৰ্বসাধাৰণ নাগৰিকক তেওঁৰ প্ৰতিষ্ঠানত ধন জমা ৰাখিলে এমাহত ৭ শতাংশ, দুমাহত ১৪ শতাংশ, ছয় মাহত ৫১ আৰু এবছৰত ১২০ শতাংশ ধন দিয়াৰ প্ৰলোভন দিয়ে ৷ এই প্ৰলোভনত পৰি বহু লোকে ডি বি ষ্টক ব্ৰকিঙত ধন বিনিয়োগ কৰে ।

প্ৰাৰম্ভিক অৱস্থাত দীপাংকৰ বৰ্মনে প্ৰতিশ্ৰুতি মতে গ্ৰাহকক ধন দিছিল । ডি বি ষ্টক ব্ৰকিঙৰ মালিক দীপাংকৰে প্ৰতিষ্ঠানটোৰ জৰিয়তে ব্যাপক লুণ্ঠন চলাই এতিয়া অসম এৰি পলায়ন কৰাক লৈ চর্চা চলিছে ।

লগতে পঢ়ক : মহানগৰীৰ ডি বি ষ্টক কনছালটেন্সীয়ে গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ - investment in stock market

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.