ETV Bharat / state

কেউফালে কেৱল পানী আৰু পানী : মথাউৰিতে মৃতকৰ তিলনি দুৰ্ভগীয়া পৰিয়ালৰ - Assam flood 2024

Rituals of Deceased at Embankment : বানত পৰি মৃত্যু হোৱা ৰজনী বৈষ্ণৱৰ বেদনাহত পৰিয়ালে অস্থায়ী শিবিৰতে পাতিলে মৃতকৰ তিলনি । হাতীমূৰা-কুকুৰাকটা মথাউৰিৰ ওপৰতে পালন কৰে মৃতকৰ এই ৰীতি ।

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 4:11 PM IST

Rituals of Deceased at Embankment
হাতীমূৰা-কুকুৰাকটা মথাউৰিতে মৃতকৰ তিলনি (ETV Bharat Assam)

কলিয়াবৰ, ১১ জুলাই : ৰাজ্যজুৰি বানাক্ৰান্তৰ বিলৈ-বিপত্তি এতিয়াও অন্ত পৰা নাই । ঠায়ে ঠায়ে পানী কমিছে যদিও এতিয়াও আপোন ঘৰখনলৈ উভতি যাব পৰা নাই বানাক্ৰান্ত । বোকা-পানী-বালিয়ে একপ্ৰকাৰ কদৰ্যময় কৰি তোলা ঘৰৰ পৰিৱেশ পুনৰ বাসোপযোগী কৰি তুলিবলৈ কিছু সময় লাগিব বানাক্ৰান্ত পৰিয়ালবোৰৰ । কিন্তু তাৰ মাজতে বান সাহাৰ্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা একাংশই কৰিবলগা হৈছে নিত্য নৈমিত্তিক কাৰ্য ।

হাতীমূৰা-কুকুৰাকটা মথাউৰিৰ ওপৰতে মৃতকৰ তিলনি (ETV Bharat Assam)

তেনে এক কাৰ্যই সামাধা কৰিবলগা হৈছে হাতীমূৰা-কুকুৰাকটা মথাউৰিৰ আশ্ৰয় শিবিৰত থকা এটা পৰিয়ালে । বানত পৰি মৃত্যু হোৱা ৰজনী বৈষ্ণৱৰ পৰিয়ালে অস্থায়ী শিবিৰতে পাতিবলগা হয় মৃতকৰ তিলনি । পৰিয়ালটোৱে হাতীমূৰা-কুকুৰাকটা মথাউৰিৰ ওপৰতে পালন কৰে মৃতকৰ এই ৰীতি ।

উল্লেখ্য, সোমবাৰে বিয়লি কলিয়াবৰৰ হাতীমূৰাৰ বাঢ়নী পানীত পিচলি পৰি মৃত্যু হৈছিল জখলাবন্ধাৰ কেৰিবাকৰিৰ ৰজনী বৈষ্ণৱ নামৰ ৭৫ বছৰীয়া লোকজনৰ । কিন্তু বানত আপোনজনক হেৰুৱাই তিলনি কৰিবলৈও পৰিয়ালটোৱে পোৱা নাই এটুকুৰা ভূমি । যাৰ বাবে মথাউৰিৰ ওপৰতে সম্পন্ন কৰে তিলনিৰ ক্ৰিয়াকৰ্ম । চলিত বানত মৃত্যু হোৱা ৰজনী বৈষ্ণৱ নামৰ ব্যক্তিগৰাকীৰ পৰিয়ালে তেওঁলোকৰ ধৰ্মীয় নীতি-নিয়ম অনুসৰি নিশাৰ ভাগত সম্পন্ন কৰে এই তিলনি কাৰ্য ।

মথাউৰিৰ ওপৰতে প্ৰয়াত পিতৃৰ তিলনি কাৰ্য সমাপন কৰে পুত্ৰ লীলাকান্ত বৈষ্ণৱসহ পৰিয়ালটোৱে । কাৰণ বিগত ৯ দিন ধৰি বাঢ়নী পানীত ডুবি আছে তেওঁলোকৰ বাসগৃহ । আনহাতে, কেৰিবাকৰিৰ চল্লিছটাকৈ পৰিয়ালে আশ্ৰয় লৈ আছে হাতীমূৰা মথাউৰিৰ ওপৰত । বিগত ২ জুলাইত হাতীমূৰাৰ মথাউৰি ছিগি সৃষ্টি হোৱা কলঙৰ বানে তচনচ কৰিছে বহুতে ঘৰ-দুৱাৰ, সা-সম্পত্তি ।

উল্লেখ্য যে মঙলবাৰে পৰিয়ালটোৰ কাষত উপস্থিত হৈ নিহতৰ আত্মীয়লৈ চৰকাৰৰ তৰফৰ পৰা ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াই মন্ত্ৰী কেশৱ মহন্তই ।

লগতে পঢ়ক :বানত পুনৰ ৫ জনৰ মৃত্যু: মৃতকৰ সংখ্যা ৮৪ লৈ বৃদ্ধি; কাজিৰঙাত ৯ টা গঁড়সহ ১৫৯ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam Flood 2024
লগতে পঢ়ক :সাৱধান ! বিপদসীমাৰ ওপৰেৰে বৈছে কলঙৰ জলস্তৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.