মেষ ৰাশি : লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ । আৰ্থিক লাভৰ যোগ । ব্যৱসায়ত লাভ । সমাজত স্বীকৃতি প্ৰাপ্ত হ’ব । সম্ভাব্য বিবাহযোগ্য ল’ৰা-ছোৱালীয়ে সংগীক লগ পাব । স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ চিকিৎসাৰ নামত ব্যয় বৃদ্ধি হ’ব । দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানেৰে ভ্ৰমণ কৰক ।
বৃষ ৰাশি : দিনটো ভাল ৷ অযথা চিন্তা এৰি দিয়ক আৰু আৰাম কৰক । কৰ্মস্থলীত কৰ্তৃপক্ষ আপোনাৰ দ্বাৰা সন্তুষ্ট হ’ব । প্ৰশংসা লাভ । নতুন প্ৰকল্প বিয়লি আৰম্ভ কৰক । ব্যৱসায়ৰ উপৰিও পুত্ৰ আৰু পৰিবাৰৰ পৰা উপকৃত হ’ব ৷
মিথুন ৰাশি : এটা মিশ্ৰিত দিন ৷ ভাল-বেয়া দুয়োটা আছে । কৰ্মস্থলীত কৰ্তৃপক্ষ অসন্তুষ্ট আৰু ঘৰত সন্তানৰ বাবে চিন্তিত হ’ব ৷ স্বাস্থ্য অনুন্নত ৷ ব্যয় অধিক । পিছবেলা সকলো উন্নত হ’ব । কামত সফলতা লাভ ৷ পদোন্নতি হ’ব পাৰে । জীৱনত প্ৰগতি লাভ ।
কৰ্কট ৰাশি : দিনটোৰ প্ৰথমাৰ্দ্ধ বিৰোধিতাৰে পূৰ্ণ হ’ব । ভগৱানৰ নাম লওক আৰু ধ্যান কৰক ৷ নেতিবাচকতাক নিয়ন্ত্ৰণত ৰাখক । অনৈতিক কাৰ্যত লিপ্ত নহ’ব । আৰ্থিক ব্যয় হ’ব পাৰে । দিনটোৰ দ্বিতীয়াৰ্ধত পৰিস্থিতি উন্নত হ’ব পাৰে ।
সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ চিনেমা চাবলৈ বা বজাৰ কৰিবলৈ যাব পাৰে । দূৰ ভ্ৰমণলৈ যোৱাৰ যোগ ৷ ধনৰ অভাৱ হ’ব পাৰে ৷
কন্যা ৰাশি : দিনটো শুভ ৷ ব্যৱসায়িক পাৰ্টনাৰৰ পৰা উপকাৰ পাব পাৰে । সকলো কাম সফলভাৱে সম্পূৰ্ণ কৰি সুখী অনুভৱ কৰিব । সন্ধ্যা সময়খিনি বন্ধু আৰু পৰিয়ালবৰ্গৰ সৈতে উদ্যাপন কৰিব পাৰে । আবেগৰ দ্বাৰা পৰিচালিত নহ’ব ।
তুলা ৰাশি : সক্ৰিয় আলোচনা আৰু বিতৰ্কত অংশগ্ৰহণ কৰিব পাৰে । যদি সৃজনীশীল লিখা-মেলাৰ কথা বিবেচনা কৰি আছে, সেয়া আৰম্ভ কৰিব পাৰে । কাৰ্যালয়ত এক বন্ধুত্বপূৰ্ণ পৰিৱেশ বৰ্তি থাকিব । আবেগক নিয়ন্ত্ৰণ কৰক । ঘৰুৱা পৰিৱেশ প্ৰফুল্লিত হৈ থাকিব ।
বৃশ্চিক ৰাশি : অনমনীয় হৈ থাকিলে আঘাত পাব পাৰে । উদ্বিগ্নতা আৰু মানসিক অস্থিৰতা বৃদ্ধি পাব পাৰে । মধ্যাহ্নৰ পিছত চিন্তাধাৰা শান্ত হ’ব । নতুন কাম বা প্ৰকল্পত কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক । অধিক পৰিশ্ৰমৰ প্ৰয়োজন নোহোৱা আৰু সুখ প্ৰদান কৰা কাম হাতত লওক । ব্যয় বৃদ্ধি । বাহিৰত আহাৰ গ্ৰহণ কৰাৰ পৰিকল্পনা এৰাই চলক । ভ্ৰমণ বাতিল কৰক ।
ধনু ৰাশি : দিনটো ভালদৰে আৰম্ভ হ’ব যদিও অলপ বেয়া ধৰণেৰে অন্ত পৰিব পাৰে । দিনটোৰ প্ৰথমাৰ্দ্ধত মন, শৰীৰ আৰু আত্মা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণাধীন থাকিব । বন্ধুবৰ্গৰ লগত সম্পৰ্ক মজবুত হ’ব । দুপৰীয়াৰ পিছত অলপ সৰ্তক হোৱাৰ প্ৰয়োজন, বিশেষভাৱে সম্পত্তি বিষয়ক লেনদেনত । নিজৰ অনুভূতিক ব্যক্ত কৰাটো ভাল, কিন্তু যদি সঠিকভাৱে ব্যক্ত কৰিব নোৱাৰে তেন্তে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে । শিক্ষাৰ্থীৰ বাবে উত্তম দিন ।
মকৰ ৰাশি : পৰিয়ালৰ লোক আৰু প্ৰিয়জনৰ লগত সম্ভাব্য কোনো বিবাদক সফলতাৰে সমাধান কৰিব পাৰিব । সন্ধ্যা সময়ত সকলো উন্নত হ’ব । চিন্তা আৰু উদ্বেগৰ পৰা মন মুক্ত হ’ব । বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰিব পাৰে । ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব । ধৰ্মীয় কাৰ্যত ব্যয় কৰিব পাৰে ।
কুম্ভ ৰাশি : এটা সাধাৰণ দিন । মনৰ আধ্যাত্মিকতাই দিনটো অতি সন্তুষ্টিজনক আৰু সুখী কৰি তুলিব পাৰে । নেতিবাচকতাক দূৰত ৰাখক । সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাত আঘাত পাব পাৰে ৷ ক্ৰোধক নিয়ন্ত্ৰণ কৰক ৷ অত্যধিক খৰচ এৰাই চলক ৷ আৰ্থিক বিশৃঙ্খলতাক সমাপ্ত কৰক । শিক্ষাৰ্থীসকলৰ বাবে দিনটো কঠিন হ’ব ।
মীন ৰাশি : আৰ্থিক লেনদেনত সাৱধানতা অৱলম্বন কৰক । আনৰ কামত বাধা দিবলৈ চেষ্টা নকৰিব । দুৰ্ঘটনা হ’ব পাৰে ৷ ঘৰৰ পৰিৱেশ শান্ত আৰু উৎসাহপূৰ্ণ হ’ব ।