ETV Bharat / state

ৰাজ্যত ৰেমলৰ বিধ্বংসী ৰূপ : দক্ষিণ কামৰূপত গছ পৰি প্ৰাণ হেৰুৱালে মহিলাই - CYCLONE REMAL

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 1:29 PM IST

Updated : May 28, 2024, 5:51 PM IST

Cyclone Remal Impact : ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰেমলৰ প্ৰভাৱৰ বাবে অব্যাহত ধাৰাসাৰ বৰষুণ আৰু ধুমুহা-বতাহ ৷ যিয়ে স্বাভাৱিক জীৱনযাত্ৰাত বহু পৰিমাণে পেলাইছে প্ৰভাৱ ৷ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে সতৰ্কতা ৷ ব্যাহত হৈছে বিদ্যুত সেৱা ৷ দক্ষিণ কামৰূপত ধুমুহাৰ বাবে গছ বাগৰি পৰাত মৃত্যু ঘটিছে এগৰাকী মহিলাৰ ৷

CYCLONE REMAL
ৰেমলৰ প্ৰভাৱত স্তব্ধ জীৱনযাত্ৰা (Source : Etv Bharat Assam)

নিউজ ডেস্ক, 28 মে’: ইতিমধ্যে সাগৰীয় ধুমুহা ৰেমলক কেন্দ্ৰ কৰি ৰাজ্যত জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৷ সোমবাৰৰ নিশাৰ পৰা অপৰিৱৰ্তিত হৈ থকা বতাহ-ধুমুহাই ৰাজ্যত ৰেমলৰ প্ৰভাৱকে সূচাইছে ৷ ৰেমলৰ প্ৰভাৱত বৰ্তমান ৰাজ্যৰ ভিন্ন এলেকাত অব্যাহত আছে প্ৰচুৰ পৰিমাণৰ বৰষুণ ৷ একাংশ এলেকাত বিদ্যুত সেৱা ব্যাহত হৈ থকাৰ বিপৰীতে বন্ধ হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ ৷

ধাৰাসাৰ বৰষুণ আৰু বতাহ অব্যাহত (Source : Etv Bharat Assam)

গোৱালপাৰা জিলাতো ব্যাপক প্ৰভাৱ পেলাইছে সাগৰীয় ঘূৰ্ণিবতাহ ৰেমলে ৷ ৰেমলৰ প্ৰভাৱৰ বাবেই যোৱা দুদিন ধৰি গোৱালপাৰাত নেৰনেপেৰা বৰষুণ আৰু বতাহ বলি থকা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মা দেখা গৈছে ৷

জিলাখনৰ দূধনৈত অব্যাহত থকা বৃষ্টিপাতৰ ফলত বহু পুৰণি এডাল বটগছ উভালি পৰে ৷ বৃহৎ আকাৰৰ গছডাল উভাল পৰাৰ ফলত অঞ্চলটোৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে এটা বাসগৃহ আৰু এখন পকী দেৱালৰ বিস্তৰ ক্ষতিসাধন হয় ৷

জানিব পৰা মতে, দুধনৈৰ ঐতিহ্যমণ্ডিত খেলাৰাম মন্দিৰত আছিল উক্ত বটগছ জোপা ৷ গছডাল উভালি পৰাৰ পিছৰে পৰা মন্দিৰৰ পৰা ছোৱালী হাইস্কুললৈ যোৱা পথচোৱাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে যাতায়াত ৷ ৰেমলৰ প্ৰভাৱৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি দুখ প্ৰকাশ কৰি মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই সদৰী কৰে যে এই বটজোপাই সুদীৰ্ঘ সময়ছোৱাত মন্দিৰৰ সৌন্দৰ্য বৰ্ধনত সহায় কৰিছিল ৷ দূৰণিবটীয়া তীৰ্থযাত্ৰীসকলৰো ক্ষন্তেক আশ্ৰয়ৰ থল হিচাপে বটজোপাই ভূমিকা পালন কৰি আহিছিল ৷

লগতে পঢ়ক: কালঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান - Cyclone Remal

যিহেতু এটা গছপুলি ৰোপণৰ পিছত ডাঙৰ-দীঘল হৈ পূৰৈঠ বৃক্ষত পৰিণত হ’বলৈ দীৰ্ঘ সময়ৰ প্ৰয়োজন ৷ সেয়ে প্ৰত্যেকে একোটাকৈ হ’লেও গছপুলি ৰোপণ কৰা উচিত বুলি ব্যক্ত কৰে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে ৷

ইফালে গোৱালপাৰাৰ সমান্তৰালকৈ কলিয়াবৰতো ব্যাপক প্ৰভাৱ পৰিছে ৰেমলৰ ৷ কলিয়াবৰৰ সমীপৰ জখলাবন্ধাৰ ৰাঙলুৰ 715 নং ৰাষ্ট্ৰীয় ঘাইপথত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ পিছত বন্ধ হৈ পৰিছে উজনি-নামনি অসমৰ যাতায়াত ব্যৱস্থা ৷ ফলত ৰাজপথতে আৱদ্ধ হৈ পৰিছে শতাধিক যান-বাহন ৷

ৰাজপথৰ মাজতে পৰি থকা গছডাল আঁতৰ কৰি ৰাজপথ মুকলিৰ প্ৰচেষ্টাত ইতিমধ্যে নামি পৰিছে অভিযানকাৰী দল ৷ এই ঘটনাৰ পিছৰে পৰা কলিয়াবৰ অঞ্চলত ব্যাহত হৈ পৰিছে বিদ্যুত সেৱা ৷

লগতে পঢ়ক: ৰেমল : নুৰে 14 খন বিমান, নুঘূৰে কেইবাখনো ৰে’লৰ চকা - Cyclone Remal

কলিয়াবৰৰ সমীপৱৰ্তী অঞ্চল বামুণী, বালিটিকা, হাতীগাঁও, মাধৱগাঁও, ৰহধলা আদিতো একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰে বতাহ-ধুমুহাই ৷ উক্ত অঞ্চলত বাস কৰা লোকসকলৰ বাসগৃহৰ টিনপাত পৰ্যন্ত উৰুৱাই নিয়ে প্ৰচণ্ড বতাহে ৷ ৰেমলৰ প্ৰভাৱত অধিক ক্ষতিৰ অনুমান প্ৰকাশ কৰিছে জিলা প্ৰশাসনে ৷

একেই পৰিৱেশ বিৰাজ কৰিছে দক্ষিণ কামৰূপত ৷ সোমবাৰৰ নিশাৰে পৰা অহা প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে ৷ মঙলবাৰে পুৱা পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাপুখুৰী গাঁৱত লাৱণ্য কুমাৰী নামৰ এগৰাকী ৬০ বছৰীয়া মহিলাৰ গাত গছ বাগৰি পৰাত গুৰুতৰভাৱে আহত হয় ৷

ততাতৈয়াকৈ মহিলাগৰাকীক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুমুখত পৰে ৷ বৰ্তমানলৈকে অঞ্চলটোত অব্যাহত আছে বতাহ-বৰষুণ ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত বন্ধ কৰি ৰখা হৈছে বিদ্যুৎ সেৱা ৷

লগতে পঢ়ক: ৰেমলৰ প্ৰভাৱত অসমত হ’ব ধাৰাসাৰ বৰষুণ: বলিব ধুমুহাও - Cyclone Remal

পাহাৰীয়া ৰাজ্য ডিমা হাছাওতো পৰিছে ৰেমলৰ ব্যাপক প্ৰভাৱ ৷ জিলাৰ সদৰ হাফলঙত ব্যাপক ক্ষয়-ক্ষতি হোৱাৰ কথা জানিব পৰা গৈছে ৷ যাৰ বাবে জিলাখনৰ সৈতে শিলচৰৰ যাতায়াত সম্প্ৰতি বন্ধ হৈ পৰিছে ৷ হাফলং চহৰৰ আই এছ বি টিৰ ওচৰতে থকা এখন বাহনৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰাত মহাদেৱ টিলা-জাতিংগাৰ মাজত বন্ধ হৈ পৰে যানবাহনৰ চলাচল ৷ অৱশ্যে বাহনখনত থকা চালকগৰাকীৰ কথমপি প্ৰাণৰক্ষা পৰে ৷

লগতে পঢ়ক: ৰেমলৰ প্ৰভাৱ : সাময়িকভাৱে বন্ধ কৰা হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা - CYCLONE REMAL IMPACT

ইফালে নেৰানেপেৰা বৰষুণৰ ফলত জাতিংগাৰ লামপুৰ আৰু ডিটেকচৰা ষ্টেচনৰ মাজৰ 14 নং টানেলত পাহাৰৰ পৰা নামি অহা পানীয়ে বানৰ সৃষ্টি কৰে ৷ যাৰ বাবে সাময়িকভাৱে বন্ধ ৰখা হৈছে লামডিং-শিলচৰৰ মাজৰ ৰে’লসেৱা ৷ সম্প্ৰতি এই পৰিস্থিতিৰ বাবে মাইবঙত লোকমান্য তিলক এক্সপ্ৰেছ, নিউ হাফলং ষ্টেচনত শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু দামচৰা ষ্টেচনত শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ নামৰ তিনিখন ৰে’ল আৱদ্ধ হৈ পৰাত যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷

জিলাখনৰ হাফলং-শিলচৰ সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথো প্ৰবল বৃষ্টিপাতৰ বাবে বন্ধ হৈ পৰাত যাতায়াতত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, জাতিংগা-হাৰেংগাজাওৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথৰ এক বৃহৎ অংশ ডিম্বৰু নৈৰ পানীয়ে ছিঙি লৈ যায় ৷ যাৰ বাবে হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচলত ব্যাপক প্ৰভাৱ পৰিছে ৷ সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথটোৰে যানবাহনৰ চলাচল বন্ধ হৈ আছে ৷

লগতে পঢ়ক: অসমৰ দিশে আহি আছে ৰেমল, ৰাজ্যত জাৰি ৰেড এলাৰ্ট - Red Alert In Assam

Last Updated : May 28, 2024, 5:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.