ETV Bharat / state

টি 20 ক্ৰিকেটত চেম্পিয়নশ্বিপ খিতাপ অৰ্জন নগাঁৱৰ বিচিত্ৰ ক্ৰিকেট কচিং ক্লাবৰ

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 8:55 AM IST

Cricket Championship : কলিয়াবৰত ক্ৰিকেটৰ জ্বৰ ৷ সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা টি ২০ ক্ৰিকেট প্ৰতিযোগিতাত নগাঁৱৰ বিচিত্ৰ ক্ৰিকেট কচিং ক্লাবে জখলাবন্ধাৰ ফ্ৰেণ্ডশ্বিপ ক্লাবক চাৰি উইকেটত পৰাস্ত কৰে ।

Cricket Championship
টি 20 ক্ৰিকেটত চেম্পিয়নশ্বিপ খিতাপ অৰ্জন নগাঁৱৰ বিচিত্ৰ ক্ৰিকেট কচিং ক্লাবৰ

টি 20 ক্ৰিকেটত চেম্পিয়নশ্বিপ খিতাপ অৰ্জন নগাঁৱৰ বিচিত্ৰ ক্ৰিকেট কচিং ক্লাবৰ

কলিয়াবৰ, 4 মাৰ্চ : নগাঁও জিলাৰ কলিয়াবৰ যুদ্ধা ক্লাবৰ উদ্যোগত কলিয়াবৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈ আছে টি 20 ক্ৰিকেট প্ৰতিযোগিতা ৷ এই টি 20 ত চেম্পিয়নশ্বিপ খিতাপ অৰ্জন নগাঁৱৰ বিচিত্ৰ ক্ৰিকেট কচিং ক্লাবৰ ৷

যুদ্ধা ক্লাবৰ উদ্যোগত আৰু কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত যোৱা 4 ফেব্ৰুৱাৰীৰ পৰা নাগশংকৰস্থিত ডাঃ টি. আও ষ্টেডিয়ামত হৈ থকা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল 3 মাৰ্চত অনুষ্ঠিত হয় ৷ এই চূড়ান্ত খেলত নগাঁৱৰ বিচিত্ৰ ক্ৰিকেট কচিং ক্লাবে জখলাবন্ধাৰ ফ্ৰেণ্ডশ্বিপ ক্লাবক চাৰি উইকেটত পৰাস্ত কৰে ।

টচত জিকি ফ্ৰেণ্ডশ্বিপ ক্লাবে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই 119 ৰাণ সংগ্ৰহ কৰে । ফ্ৰেণ্ডশ্বিপ ক্লাবৰ হৈ নয়নমণি কলিতাই 25 ৰাণ আৰু শান্তনু পাঠকে 24 ৰাণ সংগ্ৰহ কৰে । বিচিত্ৰ ক্ৰিকেট কচিং ক্লাবৰ ধন মেধি, গোপাল কৃষ্ণ ঘোষ আৰু চিৰঞ্জীৱ কৌশিকে দুটাকৈ উইকেট সংগ্ৰহ কৰে ।

প্ৰত্যুত্তৰত বিচিত্ৰ ক্ৰিকেট কচিং ক্লাবে 120 ৰাণৰ লক্ষ্য লৈ 18 অভাৰত 6 টা উইকেট হেৰুৱাই বিজয়ী হয় । বিচিত্ৰ ক্ৰিকেট কচিং ক্লাবৰ প্ৰাণজিত বৰা (36) আৰু নৱজিৎ ঘোষে (30) দল সুন্দৰ খেল প্ৰদৰ্শন কৰে । ফ্ৰেণ্ডশ্বিপ ক্লাবৰ ৰাহুল ৰঞ্জনে 3 টা আৰু নয়নমণি কলিতাই 1 টা উইকেট দখল কৰে ।

চাৰি অভাৰত 13 ৰাণত 2 টা উইকেট দখল কৰা বি. চি. চি. ক্লাবৰ গোপাল কৃষ্ণ ঘোষ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় । আনহাতে, প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বেটাৰ ৰূপে বিবেচিত হয় নৱজিৎ ঘোষ, মেন অৱ দ্যা চিৰিজ আৰু শ্ৰেষ্ঠ ব’লাৰ ৰূপে বিবেচিত হয় অক্ষয় কুমাৰ ডেকা ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, অসমৰ বিভিন্ন স্থানৰ মুঠ 30 টা দলে ভাগ লোৱা প্ৰতিযোগিতাখনৰ চেম্পিয়ন বিচিত্ৰ ক্ৰিকেট কচিং ক্লাবে 50 হাজাৰ টকা আৰু ট্ৰফী, আনহাতে ৰাণাৰ্ছ-আপ লাভ কৰে ফ্ৰেণ্ডশ্বিপ ক্লাবে, লগতে 25 হাজাৰ টকা আৰু এটা ট্ৰফী অৰ্জন কৰে ৷

লগতে পঢ়ক: খেল মহাৰণত অনুৰ্দ্ধ ১৯ বছৰৰ ছোৱালী ফুটবল দলৰ খেলুৱৈৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.