ETV Bharat / state

নলবাৰীত চি পি আই এম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ প্ৰচাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 4:21 PM IST

Lok Sabha Election 2024: নিৰ্বাচনী প্ৰচাৰৰ মাজতে মনোৰঞ্জন তালুকদাৰে অগপ দলক তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছ দলক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ তেওঁ আহ্বান জনায় । ফণীভূষণ চৌধুৰীক প্ৰত্যাহ্বান তালুকদাৰৰ ।

Lok Sabha Election 2024
নলবাৰীত চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ প্ৰচাৰ

নলবাৰী,১৮ মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ৰাজনৈতিক দলসমূহে প্ৰচাৰ আৰম্ভ কৰিছে । শাসকীয় পক্ষৰ সমান্তৰালকৈ ৰাজ্যত বিৰোধী ঐক্যমঞ্চৰ দলসমূহেও মনোনীত প্ৰাৰ্থীৰ বাবে প্ৰচাৰৰ বিভিন্ন ৰণনীতি প্ৰস্তুত কৰিছে । ইফালে বৰপেটা লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰী দল চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰেও প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।

অৱশ্যে একেটা সমষ্টিতে বিৰোধী মিত্ৰজোঁটৰ নেতৃত্ব দিয়া কংগ্ৰেছ দলেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । যাৰ বাবে বৰপেটা লোকসভা সমষ্টিক লৈ বিৰোধী ঐক্যমঞ্চৰ মাজত অসন্তুষ্টি দেখা গৈছে । ইয়াৰ মাজতে নিৰ্বাচনী প্ৰচাৰ চলাই মনোৰঞ্জন তালুকদাৰে কংগ্ৰেছ দলক তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় ।

সোমবাৰে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী বিধানসভাত চিপিআই(এম)ৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে নিৰ্বাচনী প্ৰচাৰ চলায় । কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যাহাৰৰ বাবে ৰাজ্যৰ একাংশ বিশিষ্ট নাগৰিকে আবেদন জনোৱাৰ বাবে তালুকদাৰে বিশিষ্ট নাগৰিকসকলক ধন্যবাদ জ্ঞাপন কৰে । ৰাষ্ট্ৰীয়তাবাদীৰ মুখা পিন্ধি আঞ্চলিকতাবাদৰ প্ৰচাৰ চলাই কা সমৰ্থনেৰে বিশ্বাসঘাতকতা কৰা অগপ দলৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীয়ে ।

আনহাতে এইবাৰ বৰপেটা লোকসভাত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ সমৰ্থিত অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ লগতে এই নিৰ্বাচনী যুদ্ধ হ'ব বুলিও তেওঁ সদৰী কৰে । ইফালে অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক এবাৰ কা নামানো বুলি ক'বলৈও প্ৰত্যাহ্বান জনায় । তেওঁ তেনেদৰে ক'লে লগে লগে মুখ্যমন্ত্ৰীয়ে অগপ নেতাকেইজনক মিত্ৰজোঁটৰ পৰা বাহিৰ কৰি দিব বুলিও দাবী কৰে মনোৰঞ্জন তালুকদাৰে ।

নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ হোৱাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তালুকদাৰে । বিজেপি দলে কেনেদৰে কোম্পানীবোৰৰ পৰা কোটি কোটি টকা লাভ কৰিছিল সেই কথা স্পষ্ট হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰে । নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকো সমালোচনা কৰে চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়ক :হিতাধিকাৰীক 'টাৰ্গেট' কৰি নিৰ্বাচনী প্ৰচাৰ: বৰপেটাত অগপ-বিজেপিৰ যৌথ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.