ETV Bharat / state

নীল-অভি হত্যাকাণ্ড গোচৰৰ শুনানি: আকৌ তাৰিখ দিলে আদালতে - Abhi Neel murder case - ABHI NEEL MURDER CASE

Abhi Neel murder case hearing: নীল-অভি হত্যাকাণ্ড গোচৰৰ আকৌ শুনানিৰ দিন ধাৰ্য আদালতৰ । আজিৰ শুনানিত কি হ’ল ? আচামী পক্ষৰ অধিবক্তাৰ কি আবেদনত আপত্তি দৰ্শালে চৰকাৰী অধিবক্তাই ? বৰ্তমান কি পৰ্যায়ত আছে ৰাজ্যবাসীয়ে অপেক্ষা কৰি থকা নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ? পঢ়ক সবিশেষ...

Abhi Neel murder case hearing
নীল-অভি হত্যাকাণ্ড গোচৰৰ শুনানি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 11:08 PM IST

নগাঁও, 13 জুন: সমগ্ৰ ৰাজ্য কঁপোৱা কাৰ্বি আংলঙৰ নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ বৃহস্পতিবাৰেও শুনানি গ্ৰহণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতে ৷ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰাৰ পিচত আদালতে পুনৰ ধাৰ্য কৰে শুনানিৰ দিন । কিন্তু সমগ্ৰ ৰাজ্যবাসীয়ে অপেক্ষা কৰি আছে নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দানৰ বাবে ।

নীল-অভি হত্যাকাণ্ড গোচৰৰ শুনানি (ETV Bharat Assam)
2018 চনৰ আঠ জুন তাৰিখে কাৰ্বি আংলঙৰ সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল পাষণ্ডৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথে । কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি উভতি অহাৰ পথত কাৰ্বি আংলঙৰ কাণ্ঠিলাংচ’ত মানৱৰূপী এদল দানৱে সোপাধৰাৰ সন্দেহত নিলোৎপল দাস আৰু অভিজিৎ নাথৰ স্কৰপিঅ’ বাহন আগুচি ধৰি উপৰ্যুপৰি আক্ৰমণ আৰম্ভ কৰে ৷

লগতে পঢ়ক: 6 বছৰ উকলিল : এতিয়াও ন্যায়ৰ অপেক্ষাত নীল-অভিৰ পৰিয়ালৰ

সেই সময়ত যুৱক দুজনে প্ৰাণভিক্ষা কৰিও প্ৰাণৰক্ষা কৰিব পৰা নাছিল । কাৰ্বি আংলঙৰ ডকমকাৰ সেই শিহৰণকাৰী ঘটনা সংঘটিত হোৱাৰ পিচতেই সমগ্ৰ ৰাজ্যজুৰি উঠিছিল প্ৰতিবাদৰ জোৱাৰ । সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত সেই সময়ৰ ডিফু আৰক্ষীয়ে তৎপৰতাৰে তিনিজনকৈ নাবালকসহ মুঠ 47 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । আনকি অতি কম সময়ৰ ভিতৰত অভিযোগনামাও দাখিল কৰিছিল আৰক্ষীয়ে । অভিযোগনামাৰ ভিত্তিত বৰ্তমান নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত চলি আছে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ।

কি পৰ্যায়ত আছে বিচাৰপ্ৰক্ৰিয়া :

2018 চনতে ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নীল-অভি হত্যাকাণ্ডৰ মুঠ 47 জনকৈ অভিযুক্ত সম্প্ৰতি আছে নগাঁও কাৰাগাৰত । গোচৰটোৰ মুঠ 71 গৰাকীকৈ সাক্ষীৰ সাক্ষ্যগ্ৰহণো বিগত বৰ্ষৰ অৰ্থাৎ 2023 বৰ্ষৰ নৱেম্বৰ মাহতেই সম্পন্ন হৈছে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত । পৰৱৰ্তী সময়ত অভিযুক্তৰ ভাষ্য গ্ৰহণৰ পৰ্যায় বাকী আছে গোচৰটোৰ ।

কিন্তু অসম আৰক্ষীৰ তদন্তকাৰী বিষয়াসহ মুঠ 71 গৰাকী সাক্ষ্যৰ সাক্ষ্যগ্ৰহণ সম্পন্ন হোৱাৰ পিচতেই অভিযুক্ত পক্ষৰ অধিবক্তাই আদালতত কেতবোৰ আপত্তি দৰ্শাই আদালতত আবেদন দাখিল কৰিছিল ।

কি কি আপত্তিত আবেদন কৰিছিল অভিযুক্ত পক্ষৰ অধিবক্তাই :

প্ৰথমেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুঠ 47 জনকৈ অভিযুক্তৰ দুজন সেই সময়ত আছিল নাবালক । পূৰ্বেই এই সন্দৰ্ভত আদালতত এক ৰায় হৈ যোৱাৰ পিচত বৰ্তমান প্ৰাপ্তবয়স্ক হোৱা সেই সময়ৰ নাবালক দুজনৰ বিষয়টোও বৰ্তমান বিচাৰাধীন নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত । ইয়াৰ উপৰিও অভিযুক্তৰ অধিকাংশই নিৰক্ষৰ আৰু ভাষাৰ জ্ঞান নথকাৰ অজুহাতত আদালতে ভাষ্যগ্ৰহণ কৰিবলগীয়া অভিযুক্তক আদালতে প্ৰশ্নৰ প্ৰতিলিপি আগতীয়াকৈ প্ৰদানৰ বাবেও আবেদন কৰিছিল অভিযুক্ত পক্ষই ।

লগতে পঢ়ক: নীল-অভি গোচৰ : তদন্তকাৰী বিষয়াই দাখিল কৰা নথিৰ আখৰ সন্দেহজনক: দাবী বিপক্ষৰ অধিবক্তাৰ

কি হ’ল আজিৰ শুনানিত :

অভিযুক্ত পক্ষৰ অধিবক্তাই উক্ত দুটাকৈ বিষয়ত জনোৱা আবেদনৰ ওপৰত বৃহস্পতিবাৰে শুনানিত আপত্তি দৰ্শায় চৰকাৰী পক্ষৰ অধিবক্তাই । বৃহস্পতিবাৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত চৰকাৰী পক্ষৰ অধিবক্তাই দৰ্শোৱা আপত্তি গ্ৰহণ কৰি পৰৱৰ্তী 18 জুনত ধাৰ্য কৰা শুনানিত ৰায় প্ৰদানৰ সম্ভাৱনা আছে । অভিযুক্ত পক্ষৰ অধিবক্তাই দাখিল কৰা আবেদন আদালতে নাকচ কৰিলে পৰৱৰ্তী সময়ত অভিযুক্তৰ ভাষ্য গ্ৰহণৰো সম্ভাৱনা আছে ।

সকলোৱে অপেক্ষা কৰি থকা নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ ৰায় প্ৰদান কেতিয়া হ’ব ?

বিগত ছয় বছৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত চলি থকা নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্তৰ ভাষ্য গ্ৰহণৰ পিচতেই কম সময়ৰ ভিতৰতে চূড়ান্ত ৰায় প্ৰদানৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: অভি-নীল হত্যাকাণ্ডৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.